বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ হৈছে ‘অসামান্য সাৰ্বজনীন মহত্ত্ব’বিশিষ্ট একো একোটা সাংস্কৃতিক বা প্ৰাকৃতিক ক্ষেত্ৰ৷ এই ক্ষেত্ৰসমূহৰ পুংখানুপুংখ পৰীক্ষা আৰু মূল্যাংকনৰ পাছত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য সমিতিয়ে বিশ্ব ঐতিহ্য তালিকাত এই স্থানসমূহক লিপিবদ্ধ কৰে৷ এই স্থান বা স্মৃতিচিহ্নসমূহে দেশৰ সীমা নেওচি বিশ্বতে বিশেষ গুৰুত্ব লাভ কৰে৷
ইউনেস্ক’ই গৃহীত কৰা বিশ্ব ঐতিহ্য অধিনিয়মে কাৰ্যকৰী ৰূপ লয় ১৯৭৫ চনত৷ এই অধিনিয়মে ‘ৰাষ্ট্ৰ দল’ হিচাপে অভিহিত কৰা সদস্য ৰাষ্ট্ৰসমূহৰ কৰ্তব্য নিৰ্ধাৰণ কৰে, যি তেওঁলোকৰ কৰ্তৃত্বশীল অঞ্চলত অৱস্থিত সম্ভাব্য ঐতিহ্য ক্ষেত্ৰসমূহ চিনাক্ত কৰাৰ দায়িত্বৰ লগতে (ক) সাংস্কৃতিক (খ) প্ৰাকৃতিক আৰু (গ) মিশ্ৰিত বৈশিষ্ট্যৰ স্থানসমূহৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকাও নিৰ্ধাৰণ কৰে৷ অধিনিয়মত স্বাক্ষৰ কৰা প্ৰতিখন দেশে কেৱল নিৰ্দিষ্ট ভূখণ্ডত অৱস্থিত বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহেই নহয়, ইয়াৰ ৰাষ্ট্ৰীয় ঐতিহ্যসমূহকো সুৰক্ষিত কৰি ৰখাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷
অধিনিয়মে অনুমোদিত কৰা দেশসমূহৰ চৰকাৰে ইউনেস্ক’ৰ বিশেষ তালিকাত লিপিবদ্ধ কৰাৰ বাবে উপযুক্ত ঐতিহ্য ক্ষেত্ৰসমূহ চিনাক্ত কৰি বিশ্ব ঐতিহ্য সমিতিলৈ মনোনীত কৰে৷ মনোনীত এই ঐতিহ্য ক্ষেত্ৰসমূহক এক বা একাধিক নিৰ্দিষ্ট চৰ্তৰ আধাৰত অসামান্য সাৰ্বজনীন মহত্ত্বৰ মৰ্যাদা প্ৰমাণিত কৰিব লাগিব৷ সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰৰ বাবে ছটা চৰ্ত আৰু প্ৰাকৃতিক ঐতিহ্য ক্ষেত্ৰৰ বাবে চাৰিটা চৰ্ত পূৰণ হ’ব লাগিব৷ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য অধিনিয়ম ১৯৭২ (জুলাই ২০২১) ৰূপায়ণৰ শেহতীয়া কাৰ্যকৰী নিৰ্দেশনা অনুসৰি এটা ৰাষ্ট্ৰ দলে (এখন দেশ) প্ৰতি বছৰে কেৱল এটা মনোনয়নহে প্ৰেৰণ কৰিব পাৰে৷
পাছৰ পৰ্যায়ত বিশ্ব ঐতিহ্য অধিনিয়মৰ নিৰ্দেশনা অনুসৰি দুটা উপদেষ্টা সংস্থাই মনোনীত সম্পদৰ স্বতন্ত্ৰ মূল্যাংকন কৰে৷ এই সংস্থা দুটা হৈছে- আন্তৰ্জাতিক স্মৃতিচিহ্ন আৰু ঐতিহ্য স্থান পৰিষদ (আই চি অ’ এম অ’ এছ) আৰু আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘ (আই ইউ চি এন)৷ এই সংস্থা দুটাই বিশ্ব ঐতিহ্য সমিতিক ক্ৰমে সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্য ক্ষেত্ৰৰ মূল্যাংকন প্ৰদান কৰে৷
ভাৰতৰ ক্ষেত্ৰত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগ হৈছে মূল্যাংকনৰ বাবে ইউনেস্ক’লৈ মনোনয়ন ডচিয়েৰ প্ৰেৰণৰ কৰ্তৃত্বশীল সংস্থা৷
ইতিহাস
মৈদামসমূহ হৈছে অসমৰ টাই আহোমসকলৰ শৱ সমাধিস্থ কৰাৰ মধ্যযুগৰ এক পৰম্পৰা৷ এই পৰম্পৰা ১২২৮ খ্ৰীষ্টাব্দত আৰম্ভ হৈ ৬০০ বছৰীয়া আহোম শাসনৰ সমাপ্তিলৈকে প্ৰৱৰ্তন হৈ আছিল৷ ৰাজ্যখনত এতিয়ালৈকে সন্ধান পোৱা ৩৮৬টা মৈদামৰ ভিতৰত, সংৰক্ষিত হৈ থকা চৰাইদেউৰ ৯০টা ৰাজোচিত সমাধিস্থল হৈছে এই পৰম্পৰাৰ সৰ্বোৎকৃষ্ট উদাহৰণ আৰু এই মৈদামসমূহকে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে মনোনীত কৰা হৈছে৷
চৰাইদেউৰ মৈদামসমূহত আহোম ৰাজপৰিয়ালৰ নশ্বৰদেহ ৰখা হৈছিল৷ পূৰ্বতে মৃতকৰ সৈতে মৈদামত তেওঁ ব্যৱহাৰ কৰা সামগ্ৰী আৰু সম্পদো সমাধিস্থ কৰা হৈছিল৷ ১৮ শতিকাৰ পাছত আহোম শাসকসকলক হিন্দু পদ্ধতিৰে শৱদাহ কৰিবলৈ লয় আৰু অৱশিষ্ট অস্থি পাছলৈ চৰাইদেউত এটা মৈদাম সজাই ৰখা হয়৷ আহোমসকলে বিশ্বাস কৰে যে আহোম ৰাজ্যৰ কল্যাণৰ বাবে মৃতকৰ আত্মাৰ এটা অংশ চিৰকালৰ বাবে মৈদামত বাস কৰে৷ এক অনন্য সাংস্কৃতিক লোকাচাৰক প্ৰতিনিধিত্ব কৰা এই মৈদামসমূহৰ স্ৰষ্টাসকলৰ কাৰিকৰী কুশলতাই প্ৰকৃতিৰ আৱেষ্টনীত থকা চৰাইদেউক ‘আহোমৰ স্বৰ্গভূমি’ তথা ‘উপৰিপুৰুষৰ আত্মাৰ স্থলীলৈ’ ৰূপান্তৰ কৰিছিল৷ চলিত বৰ্ষৰ সাংস্কৃতিক ঐতিহ্য শ্ৰেণীৰ অধীনত চৰাইদেউ ঐতিহ্য ক্ষেত্ৰখন অন্যতম প্ৰত্যাশী প্ৰতিদ্বন্দ্বী৷ ই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত এক নতুন প্ৰকাৰৰ সমাধিস্থলী অন্তৰ্ভুক্ত কৰিব৷
এই মনোৰম প্ৰাকৃতিক ভূমিক এক পৱিত্ৰ ভৌগোলিক স্থানলৈ ৰূপান্তৰ কৰিছে ইয়াত অৱস্থিত বিভিন্ন আকাৰৰ সমাধি স্তূপসমূহে৷ মৈদাম হৈছে ইটা, শিল আৰু মাটিৰে নিৰ্মাণ কৰা এটা ফোঁপোলা ঘৰৰ (তক)ৰ ওপৰত মাটিৰ আৱৰণ ( বা গা-মৈদাম) দি সৃষ্টি কৰা এটা টিলা৷ ‘তক’ৰ ভিতৰৰ ফোঁপোলা গহ৩১টোত এটা ‘গৰ্ভ’ বা সমাধি স্থান আছিল য’ত ৰজা আৰু পৰিষদৰ মৃতদেহ বা অন্ত্যেষ্টিক্ৰিয়াৰ অস্থি (ছাই) সমাধিস্থ কৰা হৈছিল৷
৭৪৪.৫১১ হেক্টৰ অতিৰিক্ত অঞ্চলত সমাধিৰ সৈতে জড়িত ৰীতি, অন্যান্য মৈদাম আৰু আহোমৰ প্ৰথম ৰাজধানীখনৰ প্ৰত্নতাত্ত্বিক অৱশেষ প্ৰদৰ্শনেৰে আহোম যুগৰ জীৱনশৈলীৰ প্ৰদৰ্শন কৰা হয়৷
এই অতিৰিক্ত অঞ্চলৰ ভিতৰত আছে টাই আহোমসকলে পৱিত্ৰ জ্ঞান কৰা বহু প্ৰত্নতাত্ত্বিক অৱশেষ, যেনে– পাৰম্পৰিক ৰীতি-নীতিৰ বাবে ব্যৱহাৰ হোৱা পুখুৰী (শ ধোৱা পুখুৰী আৰু পেটু ধোৱা পুখুৰী), অনুষ্ঠানৰ বাবে ব্যৱহাৰ হোৱা বাট-পথ (ধোদৰ আলি আৰু শ নিয়া আলি), অন্যান্য মৈদাম, চৰাইদেউৰ প্ৰথম ৰাজধানীৰ অৱশেষ আৰু দেউশাল আৰু লাংকুৰি দৌল (গোটা দৌল)ৰ অৱশেষ থকা যুৰীয়া পাহাৰ আদি৷ এই অৱশেষসমূহ গ্ৰাম্য পৰিৱেশত স্থাপন কৰা হৈছে যাতে টাই-আহোম সংস্কৃতিৰ প্ৰচলিত জীৱন শৈলী আৰু পৰম্পৰাৰ বৈশিষ্ট্য অটুট থাকে৷
স্বাক্ষৰকৰ্তা ১৬৭খন দেশত থকা বিশ্বৰ মুঠ ৰ,১৫৪টা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ (যাক সম্পদ হিচাপে অভিহিত কৰা হয়) ভিতৰত, ভাৰতত আছে এনে ৪০টা ক্ষেত্ৰ৷ য’ত অন্তৰ্ভুক্ত হৈ আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ বন্যপ্ৰাণী অভয়াৰণ্য৷ বৰ্তমানলৈকে উত্তৰ-পূব ভাৰতত সাংস্কৃতিক ঐতিহ্যৰ শ্ৰেণীত কোনো বিশ্ব ঐতিহ্য ক্ষেত্ৰ নাই৷ অসমৰ চৰাইদেউৰ ৰাজোচিত আহোম মৈদামৰ মনোনয়ন ডচিয়েৰ হৈছে এই খালী ঠাই পূৰণৰ এক প্ৰয়াস৷
এই সিদ্ধান্তই অসমৰ জনসাধাৰণৰ আশা আৰু আকাংক্ষাক সন্মান জনাইছে৷ আধুনিক অসমীয়া সমাজখনৰ ভেটি স্থাপন কৰা এই আহোম স্বৰ্গদেউসকলৰ ব্যতিক্ৰমী অৱদানৰ ওচৰত অসমবাসী ঋণী৷ পূৰ্বতে বিভক্ত হৈ থকা ব্ৰহ্মপুত্ৰ উপত্যকাৰ অঞ্চলসমূহক একত্ৰিত কৰি আধুনিক প্ৰাণময় অসমীয়াৰ ঐক্য, বৈচিত্ৰ্য আৰু পৰিচয়ক একেডাল সূতাৰে বান্ধি ৰখা স্বৰ্গদেউসকলৰ এই অৱদান চিৰস্মৰণীয় হৈ থাকিব৷
– ড॰ কে চি নৌৰিয়াল, প্ৰাক্তন সঞ্চালক, ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগ; ড॰ দিপী ৰেখা কৌলী, সঞ্চালক, পুৰাতাত্ত্বিক সঞ্চালকালয়, অসম; ছিমৰন ছাম্ভি, অন্বেষণকাৰী বিষয়া, পুৰাতাত্ত্বিক সঞ্চালকালয়, অসম