অসমৰ অৰ্থনৈতিক ক্ষেত্ৰৰ উন্নয়নত পশুপালন খণ্ডই যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ গতিকে এই খণ্ডত আত্মনিৰ্ভৰশীলতাই ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতিৰ লগতে পশুপালকসকলৰ মাজত এক নতুন আশাৰ উন্মেষ ঘটাব পাৰে৷ ইয়াৰ বাবে উন্নত পশু চিকিৎসা সেৱা হৈছে এক অন্যতম প্ৰয়োজনীয় উপাদান৷
পশুপালকসকলৰ দুৱাৰডলিত পশু চিকিৎসা সেৱা উপলব্ধ কৰাৰ লক্ষ্যৰে ১৮১খন নতুন ভ্ৰাম্যমাণ পশু চিকিৎসা সেৱা বাহনৰ সংযোজন কৰিছে অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যোৱা ১৩ জুনত খানাপাৰাত ১৮১খন ভ্ৰাম্যমাণ পশু চিকিৎসা বাহনৰ সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰিলে৷
ৰাজ্যত দুগ্ধ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে আন এক নতুন পদক্ষেপ৷ একেটা অনুষ্ঠানতে গাইগৰুৰ সংখ্যা বৃদ্ধিৰ বাবে ছেউৰী জন্ম দিয়াবৰ বাবে প্ৰয়োজনীয় ‘ছেক্সড্ ছৰ্টেড ছিমেন’ (Sexed Sorted Semen)ৰ আনুষ্ঠানিক বিতৰণৰ শুভাৰম্ভণিৰ লগতে পশুধনৰ কৃত্ৰিম প্ৰজননত জড়িত অসম তথা উত্তৰ-পূবৰ কৰ্মীসকলৰ দক্ষতা বৃদ্ধিৰ বাবে নতুনকৈ নিৰ্মাণ কৰা ‘আঞ্চলিক কৃত্ৰিম প্ৰজনন প্ৰশিক্ষণ প্ৰতিষ্ঠানটিও সিদিনা শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷
পাঞ্জাবাৰীস্থিত অসম পশুধন আৰু হাঁহ-কুকুৰা উন্নয়ন নিগমৰ চৌহদত এটা ‘বহুমুখী শীতলীকৰণ ভঁৰাল’ৰ নিৰ্মাণ কৰা হৈছে৷ খানাপাৰাৰপৰা ভঁৰালটো ভাৰ্চুৱেলী উদ্বোধন কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়, “অসম চৰকাৰে পশুপালন আৰু পশু চিকিৎসা খণ্ডৰ সৰ্বাংগীণ বিকাশৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে৷
বিজ্ঞানৰ সহায়ত আমি এতিয়া কৃত্ৰিম গৰ্ভধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে এটা নৱজাতক পশুৰ লিংগ নিৰ্ধাৰণ কৰিব পাৰিম৷ আমি ছেউৰীৰ সংখ্যা বৃদ্ধি আৰু দুগ্ধ উৎপাদন বৃদ্ধি কৰিবলৈ ৰাজ্যিক পুঁজিৰ জৰিয়তে ১.১৬ লাখ ছেক্সড্ ছৰ্টেড ছিমেন ক্ৰয় কৰিছোঁ৷”
এই পদক্ষেপসমূহে ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা খণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি উল্লেখ কৰি পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই কয়, “এই অভিলাষী পদক্ষেপসমূহৰ ফলত পশুপালকসকলৰ লগতে বিভাগটোৰ উন্নয়নৰ যাত্ৰা ত্বৰান্বিত হ’ব৷ এইছেগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতৰ বহুমূলীয়া দিহা-পৰামৰ্শৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ৷”
অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰ্লোছা, সাংসদ কুইন ওজা, অসম পশুধন আৰু হাঁহ-কুকুৰা উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ লগতে বিভাগৰ অন্যান্য বিষয়াসকল, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰপৰা অহা পশুপালকসকল উপস্থিত থাকে৷