ৰাজ্যখনত পথ দুৰ্ঘটনাত হতাহত হোৱাৰ পৰিসংখ্যা দিনে দিনে বৃদ্ধি পোৱা বিষয়টো জনসাধাৰণৰ লগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰো দৃষ্টিগোচৰ হৈছে৷ অনতিপলমে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাসমূহৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু পথ, ঘাইপথ সম্পৰ্কীয় বিভাগসমূহৰ অধিকাৰীসকলৰ লগতে আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয়৷
এমাহত ২৫০তকৈ অধিক অৰ্থাৎ দৈনিক গড়ে প্ৰায় আঠজনকৈ ব্যক্তিয়ে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা কথাষাৰ ইমান সহজভাৱে গ্ৰহণ কৰিব নোৱাৰি৷ বহুকেইখন জিলাত দুৰ্ঘটনা সম্পৰ্কীয় বিষয়ত গ্ৰহণ কৰা পদক্ষেপকলৈ মুখ্যমন্ত্ৰীগৰাকী যে সুখী নহয়, সেই বিষয়ে তেওঁ প্ৰকাশ কৰিছে৷
এই বৈঠকত আমি জানিবলৈ পালোঁ যে ২০২২ চনত অসমত ৭,০০০ৰো অধিক দুৰ্ঘটনা পঞ্জীয়ন হৈছে য’ত ২,৯৯৪ জন লোকে প্ৰাণ হেৰুৱাইছে৷ এই দুৰ্ঘটনাসমূহৰ এটা বা বহুতো আনুষংগিক কাৰণ আছে আৰু ইয়াৰ ফলত বিকলাংগ হৈ পৰা বা প্ৰাণ হেৰুওৱাৰ ফলত এগৰাকী ব্যক্তি, এটা পৰিয়ালৰ লগতে ৰাজ্যখনতো এক দীৰ্ঘকালীন প্ৰভাৱ পৰে৷
পথ দুৰ্ঘটনাৰ মুখ্য কাৰণসমূহৰ ভিতৰত অন্যতম হ’ল দ্ৰুত গতিত আৰু সুৰাপান কৰি গাড়ী চলোৱা৷ ‘ব্লেক স্পট’ অৰ্থাৎ সঠিক পথচিহ্নসমূহ নথকা এলেকাসমূহতো দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট৷ সেয়েহে দুৰ্ঘটনাৰ বাবে কেৱল চালক বা এজন ব্যক্তিক দোষ জাপি দিয়াটো ভুল হ’ব৷
অৱশ্যে, ‘বেয়া ৰাস্তা’ বা ‘আন’ক দোষ জাপি দিলেও আমি মূল বিষয়টোৰপৰা ফালৰি কাটি যোৱা হ’ব৷ পৰিসংখ্যাই প্ৰতিফলিত কৰিছে যে ৰাজ্যখনত ৬৮% দুৰ্ঘটনা অত্যধিক দ্ৰুত গতিৰ ফলত সংঘটিত হয়, ৯%ৰো অধিক সুৰাপান কৰি গাড়ী চলোৱাৰ ফলত আৰু ৩.৬% গাড়ী চলোৱাৰ সময়ত ম’বাইল ব্যৱহাৰৰ বাবে সংঘটিত হয়৷ চৰকাৰ আৰু দাতব্য প্ৰতিষ্ঠানসমূহে বহু প্ৰচাৰ চলোৱা স্বত্বেও চালকসকলে এই সত্যটোক যদি উপেক্ষা কৰে, তেন্তে নিজৰ ভাগ্যক বা যান-বাহন আৰক্ষীক দোষাৰোপ কৰাটো জানো উচিত হ’ব?