উত্তৰ লখিমপুৰ চহৰৰ পৰা ১৫ কিল’মিটাৰ পশ্চিমে, ২নম্বৰ সৰিয়হবাৰী গাঁৱৰ এগৰাকী শিক্ষাৰ্থী ছামিনা নাৰ্গিছ৷ চিলনীবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ ১৩ বছৰীয়া ছাত্ৰীগৰাকী ব্যস্ত হৈ আছে নিজৰ গাঁওবাসীক পৰিষ্কাৰ আৰু বিশুদ্ধ পানী স্বাস্থ্যৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কীয় প্ৰাথমিক বিষয়সমূহ বৰ্ণনা কৰাত৷
পৰিষ্কাৰ আৰু খোৱাপানীৰ গুৰুত্বৰ বিষয়ে কথাবোৰ বুজাই ছামিনাই ‘জলদূত’ৰ দায়িত্ব পালন কৰিছে৷
বিদ্যালয়ৰ ন’ডেল শিক্ষকে জল জীৱন মিছনৰ অধীনত জলদূতৰ দায়িত্ব গ্ৰহণ কৰিবলৈ ছামিনাক নিৰ্বাচিন কৰিছিল৷ ইয়াৰ কাৰণ আছিল সামাজিক কামৰ প্ৰতি থকা ছামিনাৰ উৎসাহ৷ ছামিনাই কয়, “মই নিয়মীয়াকৈ আমাৰ বিদ্যালয় চৌহদত পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানত অংশগ্ৰহণ কৰোঁ৷ পাঠ্যক্ৰমৰ বাহিৰৰ আন বিভিন্ন কাৰ্যকলাপৰ প্ৰতি মোৰ যথেষ্ট আগ্ৰহ আছে৷ আমাৰ শিক্ষকে কৈছিল যে জলদূতৰ দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত মই সফল হ’ব পাৰিম৷”

সুৰক্ষিত খোৱাপানীৰ গুৰুত্ব আৰু ইয়াৰ ব্যৱস্থাপনাৰ সম্পৰ্কে গ্ৰামাঞ্চলৰ জনসাধাৰণক সংবেদনশীল কৰাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ ভূমিকা অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে উচ্চাভিলাষী পানী যোগান আঁচনি জল জীৱন মিছন অসমৰ এক অনন্য পদক্ষেপ হৈছে জলদূত কাৰ্যসূচী৷ এই পদক্ষেপৰ জৰিয়তে পানীৰ ক্ষেত্ৰত এক বহনক্ষম ব্যৱস্থাপনাৰ পৰিকল্পনা কৰা হৈছে৷
জলদূতৰ দায়িত্ব পালন কৰিবলৈ উৎসাহী হৈ থকা ছামিনাই ১২ আৰু ১৩ আগষ্টত ৰামপুৰ উচ্চ বিদ্যালয়ত আন আন শিক্ষাৰ্থীসকলৰ সৈতে জল জীৱন মিছনৰ এটি গোট আৰু লখিমপুৰ জিলা প্ৰশাসনৰ অধীনত অনুষ্ঠিত এক প্ৰশিক্ষণ কাৰ্যসূচী ‘জলশালা’ত অংশগ্ৰহণ কৰিছিল৷
“আমাক জলশালাত পানী সংৰক্ষণ, পানীৰ মান, জেজেএম, আৰু গাঁওবাসীসকলক পৰিষ্কাৰ, বিশুদ্ধ আৰু সুৰক্ষিত খোৱা পানীৰ ক্ষেত্ৰত সংবেদনশীল কৰাৰ বিষয়ে শিকোৱা হৈছিল,” জলশালাৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি ছামিনাই অসম বাৰ্তাক কয়৷
ছামিনাৰ সৈতে জিলা জল জীৱন মিছনে চিলনীবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ আন চাৰিগৰাকী শিক্ষাৰ্থীক জলদূত হিচাপে বাছনি কৰিছে৷
“আমাৰ বিদ্যালয়ত পাঁচগৰাকী জলদূত আছে – চাৰিগৰাকী ছোৱালী আৰু এজন ল’ৰা৷ আমাৰ মুখ্য দায়িত্ব হৈছে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক জেজেএমৰ বিষয়ে কোৱা,” ছামিনাই এই প্ৰতিবেদকক অৱগত কৰে৷
আনফালে দক্ষিণ অসমৰ শিৱসাগৰৰ ভাধৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী অনুৰাধা বৰুৱা ৯ আগষ্টৰ দিনা পুৱাৰে পৰা যথেষ্ট উৎসাহিত হৈ আছে৷ ইতিমধ্যে আগদিনা খেলুৱা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত অনুষ্ঠিত শ্ৰেণীকোঠা প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি অনুৰাধাই জানিবলৈ পাইছে তাইৰ কান্ধত এটা নতুন দায়িত্ব অৰ্পণ কৰা হৈছে- তাই হৈছে তাইৰ সমনীয়া আন বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীৰ দৰেই এগৰাকী ‘জলদূত’৷ উক্ত দিনা খেলুৱা উন্নয়ন খণ্ডৰ ন-পাম চেতিয়া গাঁৱৰ জল জীৱন অভিযানৰ পানী যোগান আঁচনিত অনুৰাধাৰ সৈতে আন পঞ্চাছৰো অধিক জলদূতক পানী যোগান আঁচনিখনৰ কাৰ্য আৰু প্ৰক্ৰিয়াসমূহ বুজাই আছিল খণ্ড সমল বিষয়াসকলৰ লগতে অন্যান্য কৰ্মচাৰীসকলে৷

এই কাৰ্যসূচীৰ অধীনত অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষাৰ্থীসকলক খোৱা পানীৰ সুৰক্ষা তথা ব্যৱস্থাপনা আৰু জল, অনাময় আৰু পৰিচ্ছন্নতা (WASH) সম্পৰ্কে এক সংগঠিত প্ৰশিক্ষণ মডিউল অনুসৰণ কৰি প্ৰশিক্ষিত কৰা৷ এই উদ্দেশ্যেই অসমৰ সকলো জিলাতে জিলা জলদূত কোষৰ অধীনত ছামিনা আৰু অনুৰাধাৰ দৰে শিক্ষাৰ্থীসকলক দুদিনীয়া প্ৰশিক্ষণৰ কাৰ্যসূচী ‘জলশালা’ৰ অন্তৰ্গত প্ৰশিক্ষিত কৰা হয়৷
লখিমপুৰৰ জল জীৱন মিছনৰ জিলা তথ্য, শিক্ষা আৰু যোগাযোগ বিষয়া ছত্ৰপ্ৰসাদ পাঠৰীয়ে অসম বাৰ্তাক জনায় যে বিশুদ্ধ খোৱা পানীৰ ব্যৱহাৰৰ গুৰুত্ব সম্পৰ্কে সকলোকে সংবেদনশীল কৰাৰ বাবে বিদ্যালয়সমূহত জলশালা অনুষ্ঠিত কৰা হৈছিল৷
“লখিমপুৰ জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰি আমি ১২ আৰু ১৩ আগষ্টত ৰামপুৰ উচ্চ বিদ্যালয়ত প্ৰথমখন জলশালাৰ আয়োজন কৰিছিলোঁ৷ জিলা জল আৰু অনাময় মিছনৰ অধ্যক্ষ তথা জিলা আয়ুক্তগৰাকীয়ে ইয়াত অংশগ্ৰহণ কৰে৷ শিক্ষাৰ্থী আৰু গাঁওবাসীৰ মাজত জল জীৱন মিছনৰ ক্ষেত্ৰত সজাগতা অনাৰ বাবে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত এয়া এক প্ৰতিভা সন্ধানী অভিযান,” পাঠৰীয়ে কয়৷
“শিক্ষাৰ্থীসকলৰ মাজৰ পৰা জলদূত নিৰ্বাচিত কৰিবলৈ, আমি প্ৰতিখন বিদ্যালয়ৰ ন’ডাল শিক্ষকৰ পৰা সহায় লওঁ৷ চৰকাৰে আৰম্ভ কৰা আঁচনিসমূহৰ বাবে প্ৰচাৰ চলাবলৈ আগ্ৰহী, অধ্যয়নৰ বাহিৰেও বিভিন্ন ইতিবাচক আৰু সামাজিক কৰ্মৰ প্ৰতি আগ্ৰহী শিক্ষাৰ্থীসকলক চিনাক্ত কৰাৰ বাবে ন’ডেল শিক্ষকসকলক দায়িত্ব প্ৰদান কৰা হৈছে,” পাঠৰীয়ে কয়৷
ৰাজ্যিক জলদূত কোষৰ বিশেষজ্ঞ সুজাতা গৌতমে কয়, “এই কাৰ্যসূচীৰ জৰিয়তে শিক্ষাৰ্থীসকলক সজাগ কৰিবলৈ চেষ্টা কৰা হৈছে আৰু এই সজাগতাই সমাজকো ইতিবাচকভাৱে প্ৰভাৱিত কৰিছে৷”
যোৱা ১৪ আগষ্টত ভাধৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ জলদূতসকলে সেই অঞ্চলৰ আশে-পাশে এখন বাটৰ নাটৰ প্ৰদৰ্শন কৰে৷ ভাধৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানৰ বিষয় শিক্ষক প্ৰকাশ বৰপূজাৰীয়ে কয়, “এই বাটৰ নাটখনৰ জৰিয়তে শিক্ষাৰ্থীসকলে জল জীৱনৰ পানীৰ সঠিক ব্যৱহাৰৰ বাবে বাৰ্তা দিয়াৰ লগতে পানীৰ সংৰক্ষণৰ ক্ষেত্ৰত ৰাইজৰ কৰণীয় সম্পৰ্কেও এক সজাগতা আনিবলৈ চেষ্টা কৰিছে৷”
এগৰাকী জল জীৱন মিছনৰ হিতাধিকাৰী পাৰ্থ বৰুৱাই কয়, “এই ল’ৰা-ছোৱালীসমূহ আমাৰ দেশৰ ভৱিষ্যৎ৷ তেওঁলোকক এনেদৰে সমাজৰ কামত অংশীদাৰ কৰি তোলা ব্যৱস্থাই পাছলৈ ইতিবাচক প্ৰভাৱ পেলাব৷ নিজৰ সন্তানৰ দৰে এই ল’ৰা-ছোৱালীহঁতে যেতিয়া কিবা এটা ভাল কথা ক’ব, সেয়া আমি মানি চলিবলৈ সকলোৱে ভাল পাম৷”
