• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Wednesday, March 22, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home বিশেষ বাৰ্তা

প’ক্স’ আইন : শিশুৰ সাংবিধানিক সুৰক্ষা কৱচ

AB Bureau by AB Bureau
October 1, 2022
in অসমীয়া, বিশেষ বাৰ্তা
0
0
প’ক্স’ আইন : শিশুৰ সাংবিধানিক সুৰক্ষা কৱচ

২০২১ চনৰ ১৪ মে’, জাগীৰোডৰ বিলামপুৰত এগৰাকী ১৪ বছৰীয়া কিশোৰীক ফুচুলাই এজন যুৱকে এখন আছুতীয়া ঠাইলৈ লৈ যায় আৰু ধৰ্ষণ কৰে৷ নিজৰ কু-চৰিতাৰ্থ পূৰণ কৰাৰ পাছত যুৱকজনে এই কথা প্ৰকাশ নকৰিবলৈ কিশোৰীগৰাকীক ভাবুকি প্ৰদান কৰে৷ ১৫ মে’ত কিশোৰীগৰাকীৰ পৰিয়ালে জাগীৰোড থানাত উক্ত যুৱকজনৰ বিৰুদ্ধে শিশুক যৌন অপৰাধৰ পৰা সুৰক্ষা আইন, ২০১২ (প’ক্স’)ৰ অধীনত এজাহাৰ দাখিল কৰে৷ মৰিগাঁও আৰক্ষীয়ে বিষয়টো গুৰুত্বসহকাৰে লয় আৰু পিছদিনাই অভিযুক্তক আটক কৰি¸ অনুসন্ধান আৰম্ভ কৰে৷ অনুসন্ধান সমাপ্ত কৰি আৰক্ষীয়ে প্ৰায় এমাহৰ পাছতেই ২৩ জুনত গোচৰটোৰ অভিযোগনামা ন্যায়ালয়ত দাখিল কৰে৷ ঘটনাৰ প্ৰায় এবছৰৰ পাছত যোৱা ১৮ জুনত মৰিগাঁৱৰ প’ক্স’ৰ বিশেষ ন্যায়াধীশ তথা অতিৰিক্ত সত্ৰ ন্যায়াধীশ অংজিতা মহন্তই গোচৰটোৰ শুনানি প্ৰদান কৰি অপৰাধীজনক ২০ বছৰৰ কাৰাদণ্ডৰ লগতে ২০,০০০ টকাৰ জৰিমনা বিহে৷

উল্লেখ্য যে এই ঘটনাৰ কেইদিনমান পূৰ্বে নতুন মুখ্যমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰা ড° হিমন্ত বিশ্ব শৰ্মাই নাৰী আৰু শিশু সুৰক্ষাৰ ক্ষেত্ৰত প্ৰতিমুহূৰ্ততে সজাগ হৈ থাকিবলৈ গৃহ বিভাগক নিৰ্দেশ প্ৰদান কৰিছিল৷

শাসনলৈ অহাৰ এমাহৰ পাছতেই কোকৰাঝাৰ জিলাত দুগৰাকী জনগোষ্ঠীয় কিশোৰীৰ সন্দেহজনক মৃত্যু সম্পৰ্কীয় ঘটনাৰ পৰ্যবেক্ষণ কৰিবলৈ ১৩ জুন ২০২১ত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছিলগৈ ঘটনাস্থলীত৷ তেখেতৰ নিৰ্দেশত আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া দ্ৰুত কৰি তোলে৷ উল্লেখ্য যে এই ঘটনাৰ গোচৰত প্ৰমাণ, সাক্ষ্য আৰু কেছ ডায়েৰীৰ আধাৰত আদালতে অভিযুক্ত তিনিগৰাকী ব্যক্তিক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ নিৰ্দেশ দিয়ে৷

মৰিগাঁৱৰ ভুৰাগাঁও অঞ্চলত সংঘটিত এনে এক ঘটনাৰ ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ কৰি আৰু তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰি ড° হিমন্ত বিশ্ব শৰ্মাই এটা বাৰ্তা স্পষ্ট কৰি দিছে যে শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধ প্ৰতিৰোধ কৰা আৰু ন্যায় প্ৰদানৰ ক্ষেত্ৰত কোনোধৰণৰ নমনীয়তা অৱলম্বন কৰা নহ’ব৷ ঢেকীয়াজুলিৰ ধুলাৰ এগৰাকী কিশোৰীৰ ধৰ্ষণ আৰু হত্যা সম্পৰ্কীয় এটি ঘটনাত কৰ্তব্যত গাফিলতি কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দৰঙৰ আৰক্ষী অধীক্ষক, এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু ধুলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক নিলম্বন কৰাৰ নিৰ্দেশ দিয়ে৷ ড° শৰ্মাই তেওঁৰ কেইগৰাকীমান কেবিনেট সতীৰ্থৰ সৈতে ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে৷

শাসনভাৰ হাতত লৈ মুখ্যমন্ত্ৰীয়ে তদানীন্তন অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানক প’ক্স’ৰ আওতালৈ অহা ঘটনাসমূহৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে৷ শিশু অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰি থকা অসমৰ এটা সেচ্ছাসেৱী সংগঠন উৎসাহে অসম আৰক্ষীক এইক্ষেত্ৰত সহযোগিতা প্ৰদান কৰি আহিছে৷ উৎসাহৰ প্ৰতিষ্ঠাপক তথা কাৰ্যবাহী সঞ্চালক মিগোৱেল দাসে কয়, “শিশুক যৌন নিৰ্যাতন, ধৰ্ষণ আদিৰ বহু ঘটনা সংঘটিত হৈ আছে৷ দুৰ্ভাগ্যজনকভাৱে ২-৩ বছৰীয়া কণমানিও এনে ঘটনাৰ ভুক্তভোগী হ’বলগীয়া হৈছে৷ আমি ভুক্তভোগীক মানসিকসামাজিক ন্যায় প্ৰদানৰ ক্ষেত্ৰত কাম কৰি আছোঁ৷ অসম আৰক্ষীৰ শিশু মিত্ৰ প্ৰকল্পৰ সৈতে সংগতি ৰাখি আমি প’ক্স’ সম্পৰ্কে আৰক্ষীক প্ৰশিক্ষণ প্ৰদান কৰোঁ৷” তেখেতে লগতে কয়, “আমাৰ সমাজত বিভিন্ন কাৰণত এনে কিছুমান ঘটনা ভুক্তভোগী পৰিয়ালে গাপ দি ৰাখিবলৈ বিচাৰে আৰু প’ক্স’ সম্পৰ্কে সজাগতাৰো অভাৱ দেখা যায়৷”

ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰ’ৰ তথ্য অনুসৰি ২০২০ চনত অসমত ১,৪৯৬টা গোচৰ প’ক্স’ আইনৰ অধীনত পঞ্জীভুক্ত হৈছিল৷ ২০২১ চনত পঞ্জীভুক্ত গোচৰৰ সংখ্যা ১,৯২৬টালৈ বৃদ্ধি পাইছে৷

বঙাইগাঁও জিলাত প’ক্স’ৰ অধীনত থকা গোচৰসমূহ আৰক্ষীয়ে ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰিবলৈ চেষ্টা কৰিছে৷ জিলাখনত এবছৰত প্ৰায় ২০টা গোচৰ পঞ্জীয়ন হৈছে আৰু ইয়াৰে ১৩টাৰ নিষ্পত্তি হৈছে৷ বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই অসম বাৰ্তাক জনায়, “বঙাইগাঁও আৰক্ষীয়ে এনে গোচৰসমূহৰ অনুসন্ধান সঠিক দিশত পৰিচালিত হোৱাটো প্ৰথমতেই সুনিশ্চিত কৰে আৰু ভুক্তভোগীৰ সুৰক্ষা, পুনৰ্সংস্থাপন আৰু ক্ষতিপূৰণক সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰা হয়৷” তেওঁ লগতে কয়, “কোনো এটা গোচৰ পোৱাৰ পিছমুহূৰ্ততেই ভুক্তভোগীৰ উদ্ধাৰ আৰু পুনৰ্সংস্থাপন নিশ্চিত কৰা হয়৷ ঘটনাস্থলীৰ পৰা প্ৰমাণ সংগ্ৰহ কৰাৰ লগতে স্বাস্থ্য পৰীক্ষা কৰা হয়৷ অভিযুক্তক গ্ৰেপ্তাৰ কৰি জ্যেষ্ঠ বিষয়াসকলে প’ক্স’ গোচৰৰ অধীনত সময়মতে অভিযোগনামা দাখিল কৰাটো নিশ্চিত কৰে৷”

মিগোৱেল দাসে অসম বাৰ্তাক কয় যে সঠিক দিশত আগবাঢ়িলে ভুক্তভোগীয়ে প’ক্স’ আইনৰ অধীনত ন্যায় পোৱাটো নিশ্চিত৷ “অৱশ্যে, এইক্ষেত্ৰত জনসাধাৰণ, আৰক্ষী আৰু অনুসন্ধানৰ সৈতে জড়িত আন আন বিভাগসমূহো সজাগ আৰু সক্ৰিয় হ’ব লাগিব৷ ইতিমধ্যে অসম আৰক্ষীক প্ৰদান কৰি থকা প্ৰশিক্ষণৰ সময়ত আমি উপলব্ধি কৰিছোঁ যে আৰক্ষী এইক্ষেত্ৰত যথেষ্ট সজাগ হৈছে আৰু ইয়াৰ বাবে মই অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানগৰাকীৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ৷ ”

মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে কয়, “প’ক্স’ আইনখনক আমি শিশুৰ বন্ধুৰূপে অভিহিত কৰিব পাৰোঁ৷ এই আইনৰ অধীনত শিশুটিৰ ভাষ্য গ্ৰহণ কৰাৰ পৰা গোচৰৰ অনুসন্ধানলৈকে কিছুমান বিশেষ নীতি-নিয়ম পালন কৰা হয় যাতে শিশুটিয়ে কোনো মানসিক চাপ পাবলগীয়া নহয়৷ আমি মহিলা মেহফিল নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ সদস্যক মনোৰোগ বিশেষজ্ঞ আৰু মনোবিজ্ঞানীৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰিছোঁ আৰু এই সদস্যসকলে ভুক্তভোগী শিশুসকলৰ মানসিক চাপ লাঘৱ কৰাৰ ক্ষেত্ৰত পৰামৰ্শ প্ৰদান কৰে৷ এই আলোচনাকালত কেতিয়াবা গোচৰ সম্পৰ্কীয় নতুন তথ্যও ভুক্তভোগীৰ পৰা লাভ কৰিব পাৰি৷”

ShareTweetShare

Related Posts

Ganga Vilas docks on Assam’s shore
বিশেষ বাৰ্তা

গংগা বিলাস : বগীবিলত যাত্ৰা সম্পূৰ্ণ কৰিলে বিশ্বৰ দীৰ্ঘতম নদী জাহাজে

March 3, 2023
576
Assam’s Bihu shot at Guinness
বিশেষ বাৰ্তা

বিহুটিক গীনিজ বুকৰ পৃষ্ঠাত খোদিত কৰাৰ লক্ষ্য

March 2, 2023
997
‘These two days are special’
বিধায়কৰ বাৰ্তা

মাতৃ-পিতৃ বন্দনা : দুটা বিশেষ দিন

March 2, 2023
688
Vety Dept to be revamped : CM
বিশেষ বাৰ্তা

পুনৰুজ্জীৱিত কৰা হ’ব পশু চিকিৎসা বিভাগক : মুখ্যমন্ত্ৰী

March 2, 2023
675
Yunus opens BTR Knowledge Fest
বিশেষ বাৰ্তা

বড়োলেণ্ডত আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ শুভাৰম্ভণি

March 2, 2023
793
Over 41 lakh evaluated in Gunotsav 2023
বিশেষ বাৰ্তা

গুণোৎসৱ ২০২৩ৰ সফল সমাপ্তি

March 2, 2023
721
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In