বঙাইগাঁৱৰ ডাঙতল উন্নয়ন খণ্ডৰ বীৰঝৰা চাহ বাগিচাৰ নাৰায়ণ তাঁতী (৩০)ৰ বাবে ১৩ জুলাইত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (গ্ৰামীণ) অধীনত প্ৰথমবাৰৰ বাবে তেওঁৰ নৱনিৰ্মিত ঘৰত ভৰি দিয়াৰ সময়খিনি আছিল অবিশ্বাস্য অনুভূতিৰে পূৰ্ণ৷ তেওঁ হৈছে নিজৰ এখন পকী ঘৰ থকাৰ সৌভাগ্য লাভ কৰা সেই তিনি লাখ হিতাধিকাৰীৰ অন্যতম ৷
“এটা পকী ঘৰ নিৰ্মাণ কৰাটো মোৰ বাবে অসম্ভৱ আছিল৷ মোৰ পৰিয়ালৰ দৈনন্দিন প্ৰয়োজনীয়তা পূৰণ কৰিবলৈকে মোৰ মজুৰি পৰ্যাপ্ত নহয়৷ মই যেতিয়া প্ৰথম শুনিছিলোঁ যে চৰকাৰে মোক পিএমএৱাই (জি)ৰ অধীনত এটা ঘৰ আৱণ্টন কৰিছে সেয়া যেন মোৰ বাবে সবাতোকৈ আনন্দৰ দিন আছিল৷ মোৰ বেংক একাউণ্টত তিনিটা কিস্তিত ১.৩০ লাখ টকা জমা কৰা হৈছিল৷ তদুপৰি, মই এমজিএনৰেগাৰ জৱ কাৰ্ডৰ অধীনত ৯৫ মানব-দিনৰ বাবে অতিৰিক্ত কিছু ধনো পাইছিলোঁ,” তাঁতীয়ে অসম বাৰ্তাৰ সৈতে তেওঁৰ আনন্দ ভাগ বতৰা কৰি এনেদৰে কয়৷
শোণিতপুৰ জিলাৰ বালিপাৰা উন্নয়ন খণ্ডৰ আমৰিবাৰী গাঁৱৰ দুৰ্গা শৰ্মা (৫৮)ৰ কাহিনী আকৌ সুকীয়া৷ তেখেত পেছাত এজন মিস্ত্ৰী৷ তেওঁ অকলশৰীয়াকৈয়ে নতুন ঘৰটোত ভৰি দিছিল৷ পূৰ্বতেই পত্নীক হেৰুওৱা শৰ্মাৰ কোনো সন্তান নাই৷ “আমাৰ গাঁৱৰ সকলো পৰিয়াল দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে৷ প্ৰায় সকলোৰে এটা ভাল বাসগৃহৰ অভাৱ৷ আমাৰ বাবে এটা পকী আশ্ৰয় এক বৃহৎ প্ৰাপ্তি৷ মই এটা বিনামূলীয়া এলপিজি আৰু বিদ্যুৎ সংযোগ পাইছিলোঁ৷ এই পদক্ষেপসমূহে নিশ্চিতভাৱে আমাৰ দৰে গ্ৰাম্য পৰিয়ালসমূহক সহায় কৰিব,” এই প্ৰতিৱেদকৰ সৈতে হোৱা বাৰ্তালাপত আৱেগিক হৈ শৰ্মাই কয়৷
১৩ জুলাইৰ এই সুখৰ অধিকাৰী হোৱা আন এগৰাকী ব্যক্তি হৈছে বালিগাঁও মিৰি গাঁৱৰ বাসিন্দা মহেশ্বৰী পাও৷
“মই এগৰাকী জনজাতীয় মহিলা৷ আমি পাঁচজনীয়া পৰিয়ালটো এটা পৰম্পৰাগত চাং-ঘৰত বাস কৰিছিলোঁ৷ পঞ্চায়তৰ সদস্যসকলে ছয় মাহ আগতে আমাক কৈছিল যে আমি বিনামূলীয়াকৈ চৰকাৰৰপৰা এটা ঘৰ পাম৷ তাৰ দুমাহ পাছত নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল আৰু প্ৰায় তিনি মাহৰ ভিতৰত আমি এই নতুন ঘৰটোত প্ৰৱেশ কৰিলোঁ৷ এতিয়া আমি পকী বেৰা আৰু চিৰিৰে নিৰ্মিত এটা নতুন চাং-ঘৰৰ অধিকাৰী৷ ঘৰটো নিৰ্মাণত বাঁহৰো ব্যৱহাৰ কৰা হৈছে,” পাওৱে কয়৷
শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে আয়োজন কৰা পিএমএৱাই(জি)ৰ প্ৰায় তিনি লাখ হিতাধিকাৰীৰ “গৃহ প্ৰৱেশ” অনুষ্ঠানত উপস্থিত আছিল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ গুৱাহাটীত অনুষ্ঠিত এই কাৰ্যসূচীত উপস্থিত থকা শ শ লোকৰ ভিতৰত নাৰায়ণ, দুৰ্গা আৰু মহেশ্বৰীৰ দৰে বহু হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰিছিল৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ২০২৪ চনৰ ভিতৰত সকলোৰে বাবে গৃহ নিৰ্মাণ নিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীক সাৰ্থক ৰূপ দিবলৈ ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰি আহিছে৷ “অসম চৰকাৰে পিএমএৱাই(জি)ৰ নিৰ্ধাৰিত ব্যৱস্থাসমূহ আখৰে আখৰে ৰূপায়ণ কৰি আহিছে,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
আঁচনিখনৰ অধীনত হিতাধিকাৰীসকলৰ বাবে মুঠ ১৯,১০,৮২৩টা ঘৰ অনুমোদন কৰা হৈছে বুলি উল্লেখ কৰি ড॰ শৰ্মাই কয় যে ইতিমধ্যে মুঠ ১২,৪৩,৫৮৪টা ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে৷ “২০২৪ চনৰ ফেব্ৰুৱাৰীৰ ভিতৰত অতিৰিক্ত ৬ লাখ ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব,” তেওঁ সমবেতসকলক উদ্দেশ্যি কয়৷
“ৰাজ্যখনৰ ভূমিহীন লোকেও আঁচনিখনৰ সুবিধাসমূহ উপভোগ কৰিবলৈ সক্ষম হোৱাটো নিশ্চিত কৰাৰ লক্ষ্যৰে চৰকাৰে ভূমিহীনসকলক ভূমি আৱণ্টনৰ দৰে ব্যৱস্থাও গ্ৰহণ কৰিছে৷”
“যোৱা দুবছৰত ৰাজ্যখনত এই গৃহসমূহ নিৰ্মাণৰ বাবে প্ৰায় ১৫,০০০ কোটি টকা ব্যয় কৰা হৈছে৷ ইয়াৰ ভিতৰত কেন্দ্ৰৰপৰা আহিছে ১৩,০০০ কোটি টকা আৰু বাকীখিনি ব্যয় কৰিছে ৰাজ্য চৰকাৰে৷ ইয়াৰ ফলত ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতিও বৃদ্ধি পাইছে,” ড॰ শৰ্মাই কয়৷
তেওঁ কয় যে পিএমএৱাইৰ আৰ্হিত ৰাজ্য চৰকাৰে ‘মুখ্যমন্ত্ৰী আৱাস যোজনা’ নামৰ এক আঁচনি কাৰ্যকৰী কৰিব৷ এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পুঁজিৰে এক লাখ ঘৰ নিৰ্মাণ কৰা হ’ব৷
অসমৰ একমাত্ৰ নদীদ্বীপ জিলা মাজুলীত হিতাধিকাৰীসকলক আৱণ্টন কৰা বেছিভাগ ঘৰৰ আৰ্হি হৈছে মিচিং আৰু দেউৰী সম্প্ৰদায়ৰ পৰম্পৰাগত চাং-ঘৰ৷ তেওঁলোকৰ মাজৰ এগৰাকী হিতাধিকাৰী হৈছে চিৰাম দেউৰী গাঁৱৰ যাদৱ দেউৰী (৫৫)৷
“আমাৰ গাঁওখনত প্ৰতিটো বাৰিষাতে বানৰ প্ৰভাৱ পৰে আৰু সেয়েহে আমাৰ বাবে চাং-ঘৰ আৱণ্টন কৰাটো পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটি সুন্দৰ পদক্ষেপ৷ মোৰ জীৱিকা হৈছে কৃষিকৰ্ম৷ কংক্ৰিটৰ খুঁটা আৰু চিৰিৰ এটা ঘৰ চৰকাৰৰপৰা লাভ কৰাটো মোৰ বাবে ঈশ্বৰৰ আশীৰ্বাদ যেন অনুভৱ হৈছে,” দেউৰীয়ে কয়৷
মাজুলী জিলাৰ চিকাৰী গাঁৱৰ গন কান্তা মিলি(৬০)ও আজি এনে এটা পকী চাং-ঘৰৰ গৌৰৱান্বিত গৰাকী৷ এই ঘৰটো নিৰ্মাণ কৰাৰ সময়ত খণ্ড আৰু পঞ্চায়তৰ বিষয়াসকলে তেওঁক সহযোগ কৰাৰ বিষয়ে উল্লেখ কৰি কয় যে ঘৰটোত তেওঁ সম্পূৰ্ণ স্থানীয়ভাৱে উপলভ্য সামগ্ৰীৰ ব্যৱহাৰ কৰিছে৷
যোৰহাট জিলাৰ যোৰহাট উন্নয়ন খণ্ডৰ মুৰমুৰিয়া চাহ বাগিচাত কৰ্মৰত প্ৰীতিও মানাকীৰ (৪০) বাবেও জৰাজীৰ্ণ ঘৰ এটাৰ পৰা নতুন কংক্ৰিটৰ ঘৰলৈ অহাটো যেন আছিল এক সপোন-সপোন অনুভৱ ৷ আঁচনিখনৰ বাবে চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰি তেওঁ কয়, “চৰকাৰে সহায় নকৰিলে আমাৰ দৰে মানুহে এনে এটা ঘৰৰ সপোন দেখাটো অসম্ভৱ আছিল৷”