অসম চৰকাৰৰ ‘বিকাশৰ বাবে এদিন’ পদক্ষেপে বাট বোলাইছে উন্নয়নৰ অনিৰুদ্ধ পথত৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা ৫ জানুৱাৰীত ৰাজধানী চহৰখনত সাতটা আন্তঃগাঁথনি উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ভূমি পূজন কৰে৷ কামৰূপ [মহানগৰ] জিলাৰ বিভিন্ন স্থানত লোক নিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ অধীনত এই প্ৰকল্পকেইটা ৰূপায়িত হ’ব৷
এই সাতটা প্ৰকল্প ৰূপায়ণৰ বাবে প্ৰায় ১,৭৭৭ কোটি টকা ব্যয় কৰা হ’ব৷ উক্ত সাতটা প্ৰকল্প হৈছে– ৪১.৩২ কোটি টকা ব্যয়েৰে খাৰঘুলিত নতুন ৰাজভৱন, ৪৪.২৬ কোটি টকা ব্যয়েৰে ৮০০ আসনযুক্ত এটা প্ৰেক্ষাগৃহ, ৫৪৪.৪৪ কোটি টকাৰ ব্যয়সাপেক্ষে সংৰক্ষিত আৰক্ষী ছাউনী, ৫৮.৮৬ কোটি টকা ব্যয়েৰে ৰূপনগৰত সংহত উপায়ুক্তৰ কাৰ্যালয়, ১৮৫ কোটি টকা ব্যয়েৰে খানাপাৰাত ৫০০০ আসনযুক্ত আন এটা প্ৰেক্ষাগৃহ, ৯৫ কোটি টকাৰ ব্যয় সাপেক্ষে খানাপাৰাত আৰক্ষী আয়ুক্তালয় আৰু ৮০৮ কোটি টকা ব্যয়সাপেক্ষে বেতকুছিত সংহত সঞ্চালকালয়৷
ৰাজভৱনৰ নিৰ্মাণকাৰ্যৰ বাবে ১৮ মাহৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে আৰু বাকী প্ৰকল্পসমূহ ২৪ৰ পৰা ৩০ মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব৷
মুখ্যমন্ত্ৰী ড° শৰ্মাই গুৱাহাটীৰ বাসিন্দাসকলৰ বাবে এই দিনটোক এক ঐতিহাসিক দিন হিচাপে অভিহিত কৰে৷ তেওঁ উল্লেখ কৰে যে এই প্ৰকল্পসমূহৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ চহৰখনক দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰৰূপে বিভিন্নধৰণে সহায় কৰিব৷
তেওঁ কয় যে আধাৰশিলা স্থাপন কৰা এই সাতটা প্ৰকল্পই গুৱাহাটীক অঞ্চলটোৰ অৰ্থনৈতিক, ঔদ্যোগিক, সাংস্কৃতিক পৰিক্ৰমা আৰু পৰ্যটন আদি ক্ষেত্ৰৰ সকলো গুৰুত্বপূৰ্ণ পদক্ষেপৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ় দিয়াৰ উদ্দেশ্যে চৰকাৰখনৰ প্ৰচেষ্টাত অনুঘটকৰ দৰে সহায় কৰিব৷
গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ জ্যেষ্ঠ কাৰিকৰী উপদেষ্টা তথা অভিযন্তা জে এন খাটনিয়াৰে চৰকাৰৰ শেহতীয়া আন্তঃগাঁথনি উন্নয়নমূলক প্ৰচেষ্টাৰ শলাগ লয়৷
“গুৱাহাটীক প্ৰকৃতাৰ্থত দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে মই অসম চৰকাৰৰ শলাগ লৈছোঁ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীক সকলো দিশতে এখন সুন্দৰ চহৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীক সাৰ্থক কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে”
জে এন খাটনিয়াৰ, জ্যেষ্ঠ কাৰিকৰী উপদেষ্টা তথা অভিযন্তা, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ
“গুৱাহাটীক প্ৰকৃতাৰ্থত দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে মই অসম চৰকাৰৰ শলাগ লৈছোঁ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীক সকলো দিশতে এখন সুন্দৰ চহৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীক সাৰ্থক কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে,” খাটনিয়াৰে কয়৷
“গুৱাহাটীৰ জনসাধাৰণে সন্মুখীন হৈ অহা বহু অসুবিধা এই প্ৰকল্পকেইটাই হ্ৰাস কৰিব৷ ই কাৰ্যালয়ৰ পৰিৱেশ সহজ-সৰল কৰি তোলাৰ লগতে চহৰখনত থকা স্থায়ী আন্তঃগাঁথনিৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰাটো সুনিশ্চিত কৰিব৷ তদুপৰি, এটা নতুন ‘ৰাজ ভৱন’ নিৰ্মাণৰ বিশেষ প্ৰয়োজন আছিল কিয়নো বৰ্তমানৰ ভৱনটো যথেষ্ট পুৰণি৷ গুৱাহাটীত এটা অত্যাধুনিক আন্তঃৰাষ্ট্ৰীয় মানৰ প্ৰেক্ষাগৃহৰো প্ৰয়োজন আছে৷ খানাপাৰাৰ প্ৰস্তাৱিত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহটোৱে চহৰখনত আন্তঃৰাষ্ট্ৰীয় সভা আয়োজন কৰাৰ ক্ষেত্ৰত থকা এই অভাৱ আঁতৰ কৰিব,” অভিযন্তাগৰাকীয়ে মন্তব্য কৰে৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নতুন ৰাজ ভৱনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত এই ভৱনটো দেশৰ ভিতৰতে আটাইতকৈ সুন্দৰ ৰাজ্যপাল আৱাস হিচাপে পৰিগণিত হ’ব৷ তেওঁ কয় যে চৰকাৰে প্ৰকল্পটো ১৮ মাহৰ সময়সীমাৰ ভিতৰত সম্পূৰ্ণ হৈ উঠাটো নিশ্চিত কৰিব৷
ছেভ গুৱাহাটী বিল্ড গুৱাহাটীৰ উপ-সভাপতি অজয় কুমাৰ দত্তই এই পদক্ষেপক প্ৰশংসা কৰি কয়, “এই সাতটা প্ৰকল্পই চৰকাৰৰ বিভিন্ন কাৰ্যকলাপত সহায় কৰাৰ লগতে চহৰখনৰ সৌন্দৰ্যবৰ্ধনতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷’’
পাণবজাৰৰ পুনৰ্বিকশিত গুৱাহাটী সংৰক্ষিত আৰক্ষী ছাউনী আৰু নতুনকৈ নিৰ্মাণ হ’বলগীয়া আৰক্ষী আয়ুক্তালয়টোৱে মহানগৰ আৰক্ষীৰ দায়বদ্ধতা আৰু কৰ্তব্যসমূহ দক্ষতাৰে কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব৷ ক্ৰমান্বয়ে জনসংখ্যা বৃদ্ধি হৈ থকা গুৱাহাটীৰ দৰে মহানগৰত আইন-শৃংখলা বজাই ৰখা, যান-বাহন ব্যৱস্থাপনা, নতুন যুগৰ কাৰিকৰীগত অপৰাধ আদি কেইবাটাও প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্বাস ব্যক্ত কৰে যে পুনৰ্বিকশিত সংৰক্ষিত আৰক্ষী ছাউনী আৰু আৰক্ষী আয়ুক্তালয়টোৱে আৰক্ষীৰ উদ্দেশ্য পূৰণ কৰিব৷
ৰূপনগৰ সংহত উপায়ুক্ত কাৰ্যালয় আৰু বেতকুছিৰ সংহত সঞ্চালকালয় ভৱনৰ বাবে নিৰ্ধাৰিত স্থানত ‘ভূমি পূজন’ত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে সুশাসন আৰু সময়-ব্যৱস্থাপনাৰ ক্ষেত্ৰত দক্ষ কৰি তোলাৰ লগতে এই নতুন ভৱনকেইটালৈ কাৰ্যালয়সমূহ স্থানান্তৰ হোৱাৰ পাছত মূল চহৰাঞ্চলত মুকলি হোৱা স্থানসমূহক ৰাজহুৱা উদ্যান, বাগিচা আদি নিৰ্মাণৰ লগতে জনসাধাৰণৰ কল্যাণৰ অৰ্থে বিভিন্ন কামত ব্যৱহাৰ কৰিব পৰা যাব৷