পাঁচখনকৈ জিলাৰে গঠিত বড়োলেণ্ড ক্ষেত্ৰীয় অঞ্চলৰ (বিটিআৰ) বাবে যেন এই সময় উন্নয়ন আৰু প্ৰগতিৰে সম্ভাৱনাপূৰ্ণ৷ অসম চৰকাৰে বিগত সময়ছোৱাত স্থানীয় প্ৰশাসন ব্যৱস্থাটোৰ সক্ৰিয় সহযোগিতাত অঞ্চলটোত উন্নয়নমূলক প্ৰকল্পৰ দুৱাৰ মুকলি কৰিছে৷
এই অক্টোবৰ মাহৰ ভিতৰতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অঞ্চলটোৰ ৩খন জিলাত ৫৩৭.৫৮ কোটি টকাৰ বহুকেইটা প্ৰকল্প আৰম্ভ কৰে৷ মুখ্যমন্ত্ৰীগৰাকীৰ মতে এয়া মাত্ৰ আৰম্ভণিহে৷
ড॰ শৰ্মাই ১১ অক্টোবৰত চিৰাং জিলাত মুঠ ৪৬৫ কোটি টকা ব্যয় সাপেক্ষে বহুকেইটা আধাৰশিলা স্থাপন কৰাৰ লগতে বহুকেইটা উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে বাসুগাঁৱত ৬৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ৪১৯.০৫ মিটাৰ দৈৰ্ঘ্যৰ ৰে’লৱে অভাৰব্ৰীজ আৰু ১০.৯৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা কুমাৰচালি সীমা সুৰক্ষা বলৰ ছাউনী সংযোগী বিজনী-কুকলুং পথত কুকলুং নৈৰ ওপৰত ১৫২ মিটাৰ দৈৰ্ঘ্যৰ এখন পকী দলং৷
কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ বল্লমগুৰিত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ (আইটিআই) চৌহদত লাৰ্ছেন এণ্ড ট’ব্ৰ’ৰ সহযোগত নিৰ্মাণ কৰা দক্ষতা প্ৰশিক্ষণ কেন্দ্ৰটোৱে অঞ্চলটোৰ উন্নয়নৰ যাত্ৰাৰ অনন্য দিশ প্ৰদান কৰিব৷
উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যুৱক-যুৱতীসকলৰ সংস্থাপন নিশ্চিত কৰাৰ বাবে চৰকাৰে দক্ষতা বিকাশৰ দিশত গুৰুত্ব প্ৰদান কৰি আহিছে৷ তেওঁ উল্লেখ কৰে যে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ (পিপিপি) আৰ্হিত অসমত দক্ষতাৰ এক নতুন পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছে৷
তেখেতে ৩৯ কোটি টকা ব্যয়েৰে কাজলগাঁৱত নিৰ্মাণ কৰিবলগীয়া জিলা ক্ৰীড়া ষ্টেডিয়াম চৌহদৰ আধাৰশিলা স্থাপন কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে অসম মালা আঁচনিৰ অধীনত ৪০.৭৭ কিল’মিটাৰ দৈৰ্ঘ্যৰ চাপাগুড়ি-আমটেকা-ভূটান সীমান্ত পথৰ উন্নীতকৰণ প্ৰকল্পৰ আৰম্ভ কৰে৷ এই প্ৰকল্পৰ আনুমানিক ব্যয় হ’ব ২০৪ কোটি টকা৷ জল জীৱন অভিযানৰ অধীনত চম্পামতী মাল্টি-ভিলেজ গ্ৰাম্য পানী যোগান আৰু চুৰাং মাল্টি-ভিলেজ গ্ৰাম্য পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰে৷ দুয়োটা প্ৰকল্পৰ বাবে ১৩২ কোটি টকা ব্যয় কৰা হ’ব৷
কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ আদো ৰাম বসুমতাৰীয়ে অঞ্চলটোৰ উন্নয়নমূলক কাৰ্যকলাপৰ প্ৰশংসা কৰি কয়, “শৈক্ষিক আন্তঃগাঁথনি উন্নয়নৰ বাবে সমগ্ৰ বিটিআৰৰ শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ্থীসকলৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি পাইছে৷ এই ধাৰা অব্যাহত থাকিলে অনাগত দিনসমূহ সম্ভাৱনাপূৰ্ণ হ’ব বুলি মই আশাবাদী৷”
ইয়াৰ পূৰ্বে যোৱা ৫ অক্টোবৰত মুখ্যমন্ত্ৰীগৰাকীয়ে বাক্সা জিলাৰ মুছলপুৰত এটা জিলা ক্ৰীড়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ প্ৰায় ৪৩ কোটি টকাৰ প্ৰকল্প ব্যয়ৰ সৈতে ৪০ বিঘা ভূমিত স্থাপন হ’বলগীয়া এই প্ৰকল্পটোত বেডমিণ্টন, টেবুল টেনিছ, ভলীবল, টাইকোৱাণ্ডো আদিৰ সুবিধাৰ সৈতে ছিন্থেটিক এথলেটিক ট্ৰেক আৰু বহুমুখী ইনড’ৰ ষ্টেডিয়ামৰ দৰে সুবিধাসমূহো অন্তৰ্ভুক্ত হ’ব৷ উল্লেখযোগ্য যে ইয়াত এটা অলিম্পিক আকাৰৰ ছুইমিং পুলৰ ব্যৱস্থাও থাকিব৷
মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অঞ্চলটোত ৫০০ কোটি টকাৰ পথ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ বাবে শীঘ্ৰেই অনুমোদন জনোৱা হ’ব৷
সদৌ অসম বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বড়ো সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যবাহী দীপক কুমাৰ বসুমতাৰীয়ে আশা প্ৰকাশ কৰে যে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত জিলাখনৰ ক্ৰীড়া প্ৰতিভা চিনাক্ত কৰাত বহু-ক্ৰীড়া প্ৰকল্পটোৱে যথেষ্ট সহায় কৰিব৷ “আমি আশাবাদী যে অনাগত দিনত আমাৰ জিলাখনৰ প্ৰতিভাসমূহে এখন মঞ্চ লাভ কৰিব,” বসুমতাৰীয়ে কয়৷
৫ অক্টোবৰত, বৰমা-ধমধমা-তামুলপুৰ সংযোগী পথৰ জাৰতালুকত এখন পকী দলং মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজলৈ উৎসৰ্গা কৰে৷ তামুলপুৰ জিলাৰ এই দলঙখনৰ নিৰ্মাণ ব্যয় আছিল ২৯.৫৮ কোটি টকা৷ তেখেতে লগতে জিলাখনত আন প্ৰকল্পৰ লগতে ৫০ কোটি টকাৰ ব্যয়সাপেক্ষে এখন ষ্টেডিয়াম নিৰ্মাণৰ বিষয়েও ঘোষণা কৰে৷
এই উপলক্ষে ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অসম মালা প্ৰকল্পৰ অধীনত ধমধমাৰ পৰা তামুলপুৰ সংযোগী পথছোৱা দুটা লেনলৈ উন্নীত কৰাৰ পৰিকল্পনাৰ বিষয়েও ঘোষণা কৰে৷ তেওঁ লগতে কয় যে ৬০০ কোটি টকা ব্যয় সাপেক্ষে তামুলপুৰ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে৷
চিৰাং জিলাৰ গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কৰ্মৰত একশ্যন নৰ্থ ইষ্ট ট্ৰাষ্ট নামৰ বেচৰকাৰী সংস্থাটোৰ কাৰ্যবাহী সঞ্চালক নেতাজী বসুমতাৰীয়ে কয় যে গ্ৰামাঞ্চলত এই উন্নয়নৰ ইতিবাচক প্ৰভাৱ দেখা পোৱা গৈছে৷ “সুন্দৰ পথ, আৰ্থিকভাৱে পিছপৰা লোকৰ বাবে ঘৰ আদি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক ব্যৱস্থাই বিটিআৰৰ সামগ্ৰিক বিকাশৰ দিশত এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছে,” বসুমতাৰীয়ে এই প্ৰতিৱেদকক কয়৷