যোৱা ১৭ আগষ্টৰ দিনটো যোৰহাটবাসীৰ বাবে এক বিশেষ দিন৷ তেওঁলোকৰ এক দীৰ্ঘদিনীয়া সপোন বাস্তৱায়িত কৰি উক্ত দিনটোত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ২৮৬ কোটি টকাৰ ব্যয় সাপেক্ষে কেইবাটাও উন্নয়মূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে৷ পথ যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণেৰে যোৰহাটৰ ন-আলিত নৱ-নিৰ্মিত তিনিলেনযুক্ত ৰে’লৱে উৰণ সেতুখন উদ্বোধন কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে ৰৰৈয়া বিমানবন্দৰ সংযোগী নতুন পথটিৰো আধাৰশিলা স্থাপন কৰে৷
তদুপৰি চাহ পৰ্যটন খণ্ডৰ প্ৰসাৰ আৰু উন্নয়নৰ লক্ষ্যৰে ২২খন চাহ বাগিচাক মুখ্যমন্ত্ৰীয়ে অনুমোদন-পত্ৰ প্ৰদান কৰে৷ ইয়াৰ সমান্তৰালকৈ জল জীৱন মিছনৰ অধীনত ৬০খন গ্ৰাম্য খোৱাপানী যোগান আঁচনিৰো শুভাৰম্ভ কৰে ড॰ হিমন্ত বিশ্ব শৰ্মাই ৷
ইয়াৰ পূৰ্বে ২৭ জুলাই তাৰিখে বঙাইগাঁও জিলাত মুখ্যমন্ত্ৰীয়ে ৫৫৫ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও আন্তঃগাঁথনিমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে শিলান্যাস কৰে৷
৬৯ কোটি টকা ব্যয় সাপেক্ষে বৰঘোলা-কীৰ্তনপাৰা পথত আই নদীত নিৰ্মিত এখন দলং উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে৷ তদুপৰি ১৭.৯৪ কোটি টকাৰ সন্মিলন গৃহ তথা কনভেনচন চেণ্টাৰ মুকলি কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে আন কেইবাটাও প্ৰকল্প জনসাধাৰণৰ বাবে উচৰ্গা কৰে৷
উক্ত দিনটোতে বৰ্ষণগাঁও মিনি ষ্টেডিয়াম আৰু আন কল্যাণকামী প্ৰকল্পসমূহৰ উপৰি অসম মালা আঁচনিৰ অধীনত ৪১৭ কোটি টকা ব্যয় সাপেক্ষে যোগীঘোপাৰপৰা শ্বহীদ বেদী পথৰ উন্নয়ন আৰু উন্নীতকৰণৰ বাবে আধাৰশিলা স্থাপন কৰা হয়৷
এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি কয় যে সমগ্ৰ ৰাজ্যতে ১৫,০০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প ৰূপায়ণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ ভিতৰত বঙাইগাঁও জিলাত ৬৯৩ কোটি টকা বিনিয়োগ কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে সদৰী কৰে৷