এখন ৰাজ্যৰ বিধানসভা ভৱনটো কেৱল এটা অট্টালিকা নহয়, ই হৈছে গণতন্ত্ৰৰ উপাসনাস্থলী৷ অসম বিধানসভাৰ নতুন ভৱনটোৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয়, “যিকোনো ৰাজ্যৰ বিধানসভাৰ নিৰ্মাণ মানে কেৱল এটা ভৱন নিৰ্মাণ কৰা নহয়৷ ই আমাৰ গণতন্ত্ৰৰ বাবে এটা মন্দিৰস্বৰূপ৷ এই মন্দিৰত বহি আমি কেৱল জনকল্যাণৰ বাবেহে কাম কৰোঁ৷ সেয়েহে গণতন্ত্ৰৰ এই ৭৫ বছৰীয়া যাত্ৰাত আমি আৰ্থ-সামাজিক বিকাশৰ জৰিয়তে দেশক আগুৱাই লৈ গৈছোঁ৷”
বিৰলাই কয় যে বিধানসভা আৰু লোকসভাত যিকোনো ধৰণৰ বাধাক আওকাণ কৰি প্ৰতিটো গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা উচিত৷ “বিধানসভা আৰু লোকসভাৰপৰা জনগণৰ যথেষ্ট প্ৰত্যাশা আছে৷ তেওঁলোকে বহু আশা-আকাংক্ষাৰে আপোনালোকক নিৰ্বাচিত কৰে৷ সদনত আলাপ-আলোচনা আৰু আইন প্ৰণয়ন কৰা উচিত,” তেওঁ কয়৷
অসম বিধানসভাৰ নৱনিৰ্মিত ভৱনটোৰ প্ৰশংসা কৰি তেওঁ কয়, “উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ বাবে আজি এক ঐতিহাসিক দিন৷ নতুন ভৱনটো আধুনিকতা আৰু অসমৰ চহকী ঐতিহ্য, কলা-সংস্কৃতি আৰু শিল্পকৰ্মৰ এক অতুলনীয় সংমিশ্ৰণ৷”
নতুন বিধানসভা ভৱনটো অসমৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ দিশত এক প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠিত হ’ব বুলি লোকসভাৰ অধ্যক্ষগৰাকীয়ে আশা ব্যক্ত কৰে৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ভাৰত যুগ যুগ ধৰি গণতন্ত্ৰ আৰু গণতান্ত্ৰিক মূল্যবোধৰ কেন্দ্ৰবিন্দু হিচাপে জনাজাত৷ তেওঁ বিধানসভাক গণতন্ত্ৰৰ বাবে এক অতিকৈ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান বুলি তেওঁ অভিহিত কৰে৷
তেওঁ কয় যে অসম বিধানসভা দেশৰ আটাইতকৈ পুৰণি বিধানসভাসমূহৰ ভিতৰত অন্যতম হোৱাৰ বাবে ই ৰাজ্যখনৰ আৰ্থ-সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ লগতে সমতা আৰু সমন্বয়তো গুৰুত্ব আৰোপ কৰিছে৷
বিধানসভাৰ পৱিত্ৰ মজিয়াত প্ৰবুদ্ধ ভূমিকা গ্ৰহণ কৰা কেইবাগৰাকী ৰাজনৈতিক ব্যক্তিত্বৰ বিষয়ে তেওঁ উল্লেখ কৰে৷ নতুন ভৱনটোৱে তেওঁলোকৰ সপোনবোৰক সাৰ্থক কৰি এক উজ্জীৱিত আৰু উন্নত অসম গঢ়ি তুলিব বুলি ড॰ শৰ্মাই আশা ব্যক্ত কৰে৷
কেবিনেট মন্ত্ৰী অতুল বৰাই কয় যে অসমবাসীৰ আশা আৰু আকাংক্ষা পূৰণৰ লগতে ভৱিষ্যৎ সুৰক্ষিত কৰাৰ গৌৰৱোজ্জ্বল বিধায়িনী স্তম্ভ হিচাপে অসম বিধানসভাৰ নতুন ভৱনটি জিলিকি থাকিব৷ অসম বিধানসভাৰ গৰিমা অক্ষুণ্ণ থাকিব বুলিও তেওঁ মন্তব্য কৰে৷
অনুষ্ঠানত উপস্থিত অন্যান্যসকলৰ ভিতৰত আছিল অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডা: নোমল মমিন, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ আৰু বিধায়কসকল৷
নতুন বিধানসভা ভৱনৰ আনুষ্ঠানিক উদ্বোধনৰ পূৰ্বে ২৯ জুলাইত ‘গৃহ পূজন’ অনুষ্ঠিত কৰা হৈছিল৷ অসম বিধানসভাৰ অধ্যক্ষই বিধানসভাৰ ঐতিহাসিক তাৎপৰ্যৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ লগতে আশা ব্যক্ত কৰে যে নতুন বিধানসভাখনে ৰাজ্যখনৰ জনসাধাৰণৰ সৈতে জড়িত বিভিন্ন বিষয় আৰু সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত এখন মঞ্চ হিচাপে কাম কৰিব৷