১ জুলাই ২০২৪, নগাঁও সদৰ থানাত ব্যস্ততা আৰম্ভ হোৱাৰ সময়ত প্ৰতিগৰাকী আৰক্ষীৰ মনত এটা নতুন অনুভৱে টোকৰ মাৰিছে, “আজিৰে পৰা কিবা এটা নতুন হ’ব।” হঠাতে এগৰাকী ব্যক্তিয়ে এটা অভিযোগ কৰিলে যে তেঁওৰ এটা ম’বাইল ফ’ন আৰু ৭০০০ টকা চুৰি হৈছে। সাধাৰণতে ভাৰতীয় দণ্ডবিধি আৰু ফৌজদাৰী বিধিৰ অধীনত ৰুজু কৰিবলগীয়া গোচৰটো সেইদিনা ৰুজু হ’ল ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত। এই নতুন আইনৰ অধীনত ৰুজু হোৱা এইটোৱে আছিল অসমৰ প্ৰথমটো গোচৰ।
স্বাধীনতাৰ প্ৰায় ৭৫ বছৰৰ পাছত অপৰাধমূলক ন্যায় ব্যৱস্থা অৰ্থাৎ আমাৰ ক্ৰিমিনেল জাষ্টিচ ছীষ্টেম সম্পূৰ্ণৰূপে স্বদেশী হৈ পৰিছে আৰু ভাৰতীয় প্ৰমূল্যবোধৰ আধাৰত তিনিখন নতুন আইন ইতিমধ্যে কাৰ্যকৰী হৈছে। ঔপনিৱেশিক শাসনকালতে প্ৰণয়ন হোৱা ইণ্ডিয়ান পেনেল ক’ড (ভাৰতীয় দণ্ডবিধি) ১৮৬০, ক্ৰিমিনেল প্ৰচিডিওৰ ক’ড (ভাৰতীয় ফৌজদাৰী বিধি) ১৮৯৮ আৰু ইণ্ডিয়ান এভিডেঞ্চ এক্ট (ভাৰতীয় সাক্ষ্য আইন) ১৮৭২ৰ ঠাইত জাৰি কৰা হৈছে ক্ৰমে ভাৰতীয় ন্যায় সংহিতা (BNS) , ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS) আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম (BSA)।
নতুন আইনখন ৰূপায়ণ হোৱাৰ প্ৰাকমুহূৰ্তত দেশৰ অপৰাধ নিয়ন্ত্ৰণ ব্যৱস্থাৰ সৈতে জড়িতসকলক এই বিষয়ক প্ৰশিক্ষণ প্ৰদানৰ গুৰুত্ব আহি পৰিল। অসম আৰক্ষীয়ে এই দিশত নিজকে প্ৰস্তুত কৰিবলৈ অপৰাধ অনুসন্ধান শাখাক নিৰীক্ষণৰ দায়িত্ব প্ৰদান কৰিলে।
অপৰাধ অনুসন্ধান শাখাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰণৱ জ্যোতি গোস্বামীয়ে এই প্ৰতিৱেদকক জনায় যে ইংৰাজসকলৰ দিনৰে পৰাই বিবদমান কেইবাটাও দফা আৰু ভাৰতীয় নাগৰিকসকলৰ বাবে সমস্যাজনক কেইবাটাও বিষয় আঁতৰাই আজিৰ সময়ৰ সংবিধান অনুকূল ধাৰাৰ সৈতে এই আইনসমূহৰ ৰূপায়ণ কৰা হৈছে। তেওঁ কয়, “আমি আইনখনৰ প্ৰশিক্ষণৰ কাম আৰম্ভ কৰোঁ যোৱা ফেব্ৰুৱাৰী মাহতেই। ১২ ফেব্ৰুৱাৰীত কলকাতাৰ কেন্দ্ৰীয় চোৰাংচোৱা প্ৰশিক্ষণ প্ৰতিষ্ঠান ১০০গৰাকী অসম আৰক্ষীৰ সদস্যই এই বিষয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে।”
অসম আৰক্ষীৰ পৰা এই প্ৰতিৱেদকে লাভ কৰা তথ্য অনুসৰি ২৬ ফেব্ৰুৱাৰীত ভূপালৰ আৰক্ষী প্ৰশিক্ষণৰ কেন্দ্ৰীয় একাডেমীত ১৫গৰাকী আৰক্ষী সদস্যই এই নতুন আইনকেইখনৰ বিষয়ে প্ৰশিক্ষণ লয়। এই প্ৰশিক্ষণত অংশ লোৱা অসম আৰক্ষীৰ এগৰাকী পৰিদৰ্শক নয়ন জ্যোতি দাসে কয়, “আমাক আইনখনৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰিছিল জ্যেষ্ঠ বিষয়া, প্ৰবক্তা আৰু বিচাৰক আদিয়ে। আমাক বিভিন্ন ধৰণৰ সমলৰো যোগান ধৰা হৈছিল।”
“এই নতুন আইনকেইখনৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিছে৷ এই আইনকেইখন কাৰ্যকৰী হোৱাৰ পাছত গোচৰ কৰা সম্পৰ্কত জনসাধাৰণ সজাগ হৈছে৷” তেওঁ লগতে কয়, “মই গুৱাহাটী আইআইটিত এটা দুদিনীয়া প্ৰশিক্ষণ গ্ৰহণ কৰাৰ সুবিধা পালোঁ আৰু প্ৰশিক্ষণসমূহ অতি পৰিকল্পিত ধৰণেৰে সম্পাদন কৰা হৈছে৷” – অজিত বিষয়া (মৰিগাঁৱৰ ৰাজহুৱা অধিবক্তা)
এই প্ৰশিক্ষণত অংশ লোৱা আন এগৰাকী অসম আৰক্ষীৰ পৰিদৰ্শক মুক্তাজুৰ ৰহমানে কয়, “আমাক ভূপালত আইনকেইখনৰ সকলো দিশৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। আমাক প্ৰদান কৰা সমলসমূহেও যথেষ্ট সহায় কৰিছিল। অসমত আমি আন আৰক্ষী সদস্যসকলক আইনকেইখনৰ বিষয়ে আমি শিকি অহা কথাবোৰ জনাইছোঁ। বিভিন্ন পৰ্যায়ত আমি আৰক্ষী সদস্যসকলৰ সৈতে ধাৰাসমূহৰ বিষয়ে, সাক্ষ্য গ্ৰহণ তথা বাজেয়াপ্তকৰণ আদি বিষয়বোৰৰ নতুন বিধিসমূহৰ বিষয়ে ভাগ-বাটোৱাৰা কৰিছোঁ। এতিয়া আমি বিভিন্ন স্থানত অসম আৰক্ষীৰ সদস্যসকলক লগ ধৰি আইনকেইখনৰ সজাগতা বৃদ্ধিৰ কামত জড়িত হৈছোঁ।”
প্ৰণৱ জ্যোতি গোস্বামীয়ে কয়, “আমি বিভিন্ন পৰ্যায়ত অসম আৰক্ষীক আইনকেইখনৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছিলোঁ আৰু ইয়াৰ পাছৰ পৰ্যায়সমূহৰ কাম অব্যাহত আছে।” তেওঁ লগতে উল্লেখ কৰে যে কলকাতা আৰু ভূপালৰ পাছত অনলাইন যোগে আৰু অসমৰ বিভিন্ন স্থানত এতিয়ালৈকে মুঠ ২৬০২গৰাকীক পোনপটীয়া প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে ই-স্বাক্ষ্য নামৰ এটা এপ্লিকেচনৰ প্ৰশিক্ষণো ইয়াত অন্তৰ্ভুক্ত হৈ আছে।
অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত সঞ্চালকপ্ৰধান মুন্না প্ৰসাদ গুপ্তাই কয়, “আমি আৰক্ষীসকলক এই নতুন আইনখনৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰাৰ দিশত ঐকান্তিক প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু আমি গ্ৰহণ কৰা ব্যৱস্থাক লৈ বিভিন্ন পক্ষ যথেষ্ট সুখী। প্ৰশিক্ষণ এতিয়াও সম্পূৰ্ণ হোৱা নাই যদিও আমাৰ সদস্যসকল ইতিমধ্যে আইনকেইখনৰ মূল বিষয়বস্তুক লৈ সজাগ হৈ পৰিছে। ”
মৰিগাঁৱৰ এগৰাকী ৰাজহুৱা অধিবক্তা অজিত বিষয়াই এই প্ৰতিৱেদকক কয়, “এই নতুন আইনকেইখনৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিছে। এই আইন কেইখন কাৰ্যকৰী হোৱাৰ পাছত গোচৰ কৰা নকৰা সম্পৰ্কত জনসাধাৰণ সজাগ হৈছে।” তেওঁ লগতে কয়, “মই গুৱাহাটী আইআইটিত এটা দুদিনীয়া প্ৰশিক্ষণ গ্ৰহণ কৰাৰ সুবিধা পালোঁ আৰু প্ৰশিক্ষণসমূহ অতি পৰিকল্পিত ধৰণেৰে সম্পাদন কৰা হৈছে।”
আইনখন সংসদত গৃহীত হোৱাৰ পাছত প্ৰস্তুতিৰ বাবে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰ্যালয় আৰু প্ৰতিখন ৰাজ্যৰ গৃহ মন্ত্ৰ্যালয় আৰু ন্যায় মন্ত্ৰ্যালয়ে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে। দেশত প্ৰায় ২২লাখ আৰক্ষী কৰ্মীক প্ৰশিক্ষণৰ বাবে ১২,০০০ মাষ্টাৰ প্ৰশিক্ষক নিযুক্তি দিয়া হৈছে। ন্যায়িক বিভাগত ২১ হাজাৰ ন্যায়িক বিষয়াক প্ৰশিক্ষণ দিয়া হৈছে আৰু ইয়াৰ বাবে স্থানীয় ভাষাত মাষ্টাৰ ট্ৰেইনাৰো সাজু কৰা হৈছে।