অসমৰ ৰাজধানী চহৰখনক ‘দক্ষিণ এছিয়াৰ প্ৰৱেশদ্বাৰ’লৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা হিচাপে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষৰ পহিলা দিনটোতে গুৱাহাটীত চাৰি লেনযুক্ত উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰে।
৫০৫৩.২০ মিটাৰ দৈৰ্ঘ্যৰ আৰু ৫.৭০ মিটাৰ উচ্চতাৰ এই উৰণ সেতুখন আনুমানিক ৮৫২.৬৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব। উল্লেখযোগ্য যে এই প্ৰকল্প হ’ব– গুৱাহাটীৰ আটাইতকৈ দীঘলীয়া উৰণ সেতু। দীঘলীপুখুৰীক নুনমাটিৰ সৈতে সংযোগ কৰিবলগীয়া এই উৰণ সেতুখন জিএনবি ৰোড, পশ্চিম দীঘলীপুখুৰী ৰোড আৰু ৰাজগড় ৰোডৰ ফালে সম্প্ৰসাৰিত হ’ব আৰু এই সমগ্ৰ প্ৰকল্পটো লোক নিৰ্মাণ বিভাগ (পথ)ৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা হ’ব।
উৰণ সেতুৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰে ভৱিষ্যতে ৰাজ্যখনক নতুন উন্নয়নৰ দিশলৈ লৈ যোৱাৰ বাবে নিৰন্তৰভাৱে কাম কৰি আহিছে। চলিত বৰ্ষৰ প্ৰথম দিনাই এক শুভ কাৰ্যসূচী হিচাপে উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰা হৈছে বুলি তেখেতে কয়। তদুপৰি এই উৰণ সেতুৰ নক্সা প্ৰস্তুতে ৰাজ্যখনলৈ এক নতুন আশাৰ ৰেঙনি কঢ়িয়াই আনিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
এই উৰণ সেতুৰ সম্পূৰ্ণ নিৰ্মাণকাৰ্যই অহা ২৫ বছৰৰ বাবে চহৰখনত যান-জঁটৰ সমস্যা হ্ৰাসকৰণ কৰাৰ লগতে যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণত সহায় কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উৰণ সেতুৰ নিৰ্মাণৰ সময়ছোৱাত জনসাধাৰণৰ অসুবিধা হ্ৰাস কৰাৰ বাবে চৰকাৰে সম্ভাব্য সকলো ব্যৱস্থা গ্ৰহণ কৰিব।
তেখেতে কয় যে উৰণ সেতুৰ নিৰ্মাণকাৰ্য সমাপন কৰাৰ বাবে ৩০ মাহ সময় নিৰ্ধাৰণ কৰা হৈছে।
নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত পৰিৱেশ-অনুকূল ব্যৱস্থাক অন্তৰ্ভুক্ত কৰি ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পালনৰ কথাও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে গছ কটাৰ দৰে পূৰ্বৰ প্ৰথাক বিলুপ্ত কৰা হ’ব। ইয়াৰ পৰিৱৰ্তে নতুন স্থানত গছৰ সংৰোপণ বা স্থানান্তৰ কৰাৰ বাবে উন্নত প্ৰযুক্তি ব্যৱহাৰৰ বিষয়ত গুৰুত্ব দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
