গুৱাহাটীস্থিত তাৰিণী চৌধুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ পুৱাৰ সময়খিনি এতিয়া কেৱল অসমীয়া, গণিত বা বিজ্ঞানৰ পাঠ্যক্ৰমৰ মাজতেই সীমাবদ্ধ নহয়। ইয়াত এতিয়া এগৰাকী ছাত্ৰীক এতিয়া সাহস, আত্মবিশ্বাস আৰু আত্মৰক্ষাৰ পাঠ দিয়া হয়।
বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ ছাত্ৰী ছাদিয়া আলীয়ে কয়, “মই এতিয়া বহুত আত্মবিশ্বাসী অনুভৱ কৰোঁ। ৰাতি বাহিৰলৈ গ’লেও মোৰ কেতিয়াও ভয় নালাগে বা চিন্তা নকৰোঁ। কাৰণ মই জানোঁ, কি কৰিব লাগিব।”
অসম চৰকাৰৰ শিক্ষা বিভাগৰ বিশেষ পদক্ষেপ ৰাণী লক্ষ্মীবাই আত্মৰক্ষা প্ৰশিক্ষণ আঁচনিৰ অধীনত ছাদিয়াই আত্মৰক্ষাৰ কৌশল শিকিবলৈ পাইছে। এই আঁচনিৰ অধীনত ৰাজ্যজুৰি বিদ্যালয়ৰ ছাত্ৰীসকলে কেৱল শাৰীৰিক ক্ষেত্ৰৰ কৌশলেই নহয়, কঠিন পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ মানসিক দৃঢ়তাও অর্জন কৰিছে।
“প্ৰশিক্ষণৰ অংশ হিচাপে আমি বিভিন্ন ধৰণৰ আক্ৰমণৰ প্ৰতিক্ৰিয়া কেনেকৈ দিব লাগে, সজাগ কেনেকৈ থাকিম আৰু শাৰীৰিক তথা মানসিকভাৱে কেনেকৈ সুস্থ থাকিম – এই সকলো কথা শিকিছোঁ,” ছাদিয়াই অসম বাৰ্তাৰ প্ৰতিবেদকক কয়।
প্ৰশিক্ষণৰ পাঠ্যক্ৰমত মাৰ্শ্বেল আৰ্ট, যোগাসন আৰু ব্যক্তিগত সুৰক্ষাৰ বিষয়ে সজাগতা পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ জৰিয়তে মহিলা সবলীকৰণৰ এক সামগ্ৰিক দৃষ্টিভংগী গঢ়ি তোলা হৈছে।
বিদ্যালয়খনৰ অধ্যক্ষা শুভলক্ষ্মী বৰুৱাই এই আঁচনিক প্ৰশংসা কৰি কয়, “বৰ্তমান সময়ত মহিলাসকলৰ বিৰুদ্ধে বৃদ্ধি পোৱা অপৰাধৰ ক্ষেত্ৰত আত্মৰক্ষাৰ শিক্ষা অত্যাৱশ্যকীয় হৈ পৰিছে।”
তেখেতে চৰকাৰৰ এই আঁচনি ৰূপায়ণক বাধ্যতামূলক কৰি তোলাৰ সিদ্ধান্তকো প্ৰশংসা কৰে, যাৰ ফলত বহু ছাত্ৰী উপকৃত হ’ব।

এই আঁচনিখনৰ প্ৰভাৱ কেৱল নগৰাঞ্চলতে সীমাবদ্ধ হৈ থকা নাই, গ্ৰামাঞ্চলতো গঢ়ি উঠিছে এক নীৰৱ বিপ্লৱ।
দৰঙ জিলাৰ বোনমাঝা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ কলিতাই প্ৰথমে বিদ্যালয়খনত প্ৰায় তিনি বছৰ পূৰ্বে মাৰ্শ্বেল আৰ্ট প্ৰশিক্ষণ আৰম্ভ হোৱাৰ কথা শুনি আচৰিত হৈছিল। কিন্তু তাৰপাছত যি পৰিৱৰ্তন আহিল, তাৰবাবে তেওঁ আনন্দিত।
“এতিয়ালৈকে ছাত্ৰীসকলে তিনিমহীয়া প্ৰশিক্ষণ পাঠ্যক্ৰমত যথেষ্ট উৎসাহেৰে অংশ লৈছে। আমি অত্যন্ত সুখী আৰু আশা কৰোঁ যে চৰকাৰে এনেধৰণৰ প্ৰচেষ্টা আগলৈও গ্ৰহণ কৰি যাব। আমাৰ ছাত্ৰীসকলে কেৱল শাৰিৰীকভাৱেই নহয়, মানসিকভাৱেও অধিক শক্তিশালী হৈ উঠিছে, ই সঁচাকৈয়ে উৎসাহজনক,” তেখেতে কয়।
শিক্ষা বিভাগৰ এগৰাকী বিষয়াই কয়, “ৰাণী লক্ষ্মীবাই আত্মৰক্ষা প্ৰশিক্ষণ কাৰ্যসূচী ষষ্ঠ-নৱম শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়সমূহত প্ৰদান কৰা হৈছে।”
তেখেতে লগতে কয় যে এই তিনিমহীয়া মাৰ্শ্বেল আৰ্ট প্ৰশিক্ষণ কাৰাটে,, কুং-ফু, টাইকোৱাণ্ডো, জুডো, মুয়াই থাই আদি শৈলীত প্ৰদান কৰা হয় আৰু এই প্ৰশিক্ষণ জিলা ক্ৰীড়া প্ৰাধিকৰণৰ দ্বাৰা মনোনীত প্ৰশিক্ষকৰ দ্বাৰা পৰিচালিত হয়।”
উচ্চ প্ৰাথমিক স্তৰ – ষষ্ঠ-সপ্তম শ্ৰেণী- ৬২০৫৭১
মাধ্যমিক স্তৰ – নৱম-দ্বাদশ শ্ৰেণী- ৪৩০১৫৩
ৰবিটা পাটোৱাৰীৰ দৰে নিষ্ঠাবান প্ৰশিক্ষক এই আঁচনিৰ সফলতাৰ কৃতিত্বৰ অংশীদাৰ। ছাত্ৰীসকলৰ শক্তিশালী ভৱিষ্যৎ গঢ় দিয়াত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। “এতিয়ালৈকে গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া বিভিন্ন বিদ্যালয়ৰ ছাত্ৰীক প্ৰশিক্ষণ দিছোঁ। তেওঁলোকৰ সবলীকৰণৰ এক অপৰিহাৰ্য অংশ হোৱাৰ লগতে এনে এক অনন্য প্ৰচেষ্টাত জড়িত হ’বলৈ পাই মই সুখী,” তেখেতে কয়।
ছাত্ৰীসকলৰ বাবে আত্মৰক্ষাৰ প্ৰশিক্ষণ কেৱল দক্ষতাই নহয়, এয়া হৈছে তেওঁলোকৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ প্ৰস্তুতি।










