সীমা হৈছে মানৱসৃষ্ট এডাল ভৌগোলিক ৰেখা মাত্ৰ৷ ইয়াক মানুহে আঁকিবও পাৰে, মচিবও পাৰে৷ অনাদিকালৰে পৰা অস্তিত্বলৈ অহা প্ৰায় সকলো দেশেই এডাল স্থায়ী সীমাৰেখাৰ বাবে যুঁজ কৰিবলগীয়া হৈ আহিছে৷ যিকোনো বিজয়গাথা বা পৰাভূত হোৱাৰ ইতিহাসৰ পাতত চকু ফুৰালেই অনুভৱ কৰিব পাৰি যে ভৌগোলিক বিস্তাৰৰ অৰ্থ হৈছে সীমান্ত ৰেখাৰ স্থানান্তৰ৷
একালত ঔপনিৱেশিক শাসনৰ অধীনত থকা দেশসমূহৰ বাবে এই সমস্যাটো অধিক গুৰুতৰ৷ ভাৰতবৰ্ষও ইয়াৰ ব্যতিক্ৰম নহয়৷ উত্তৰ-পূৰ্বাঞ্চল ইয়াৰ আন এক জ্বলন্ত উদাহৰণ৷ নিজৰ উদ্দেশ্য সিদ্ধিৰ এক পৰিকল্পনাৰ অংশস্বৰূপেই আমাৰ অঞ্চলটোৰ সম্পদসমূহ লুণ্ঠন কৰিবলৈ অহা ব্ৰিটিছসকলে আমাৰ সীমাসমূহ অসংগঠিত আৰু অনিৰ্ধাৰিত কৰি থৈ গ’ল৷ স্বৰাজোত্তৰ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰসমূহে বিভিন্ন সময়ত হাতত লোৱা পদক্ষেপৰ সত্ত্বেও, এই সমস্যা কিন্তু আজিও বিদ্যমান৷ আজি আমি এনেবোৰ বিসংগতিকে সংশোধন কৰিবলৈ সংগ্ৰাম কৰি আছোঁ৷ এই পৰিপ্ৰক্ষিতত উল্লেখ কৰিব পাৰি যে অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা বিবাদ নিষ্পত্তিৰ বাবে দুয়োখন চৰকাৰে লোৱা পদক্ষেপ নিশ্চয় প্ৰশংসনীয়৷
নামচাই ঘোষণাপত্ৰখন আত্মীয়তা আৰু ব্যৱহাৰিক দৃষ্টিভংগীৰে স্বাক্ষৰ হোৱা বুলি আমি অভিহিত কৰিব পাৰোঁ৷ এই ঘোষণাপত্ৰখনৰ ফলত বিবদমান সীমান্তৱৰ্তী গাঁৱৰ সংখ্যা ১২৩ৰ পৰা ৮৬খনলৈ হ্ৰাস পালে৷ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ১৫ ছেপ্টেম্বৰৰ ভিতৰত এই বিবাদ নিষ্পত্তি কৰাৰ সংকল্প লৈছে৷ শেহতীয়া অভিজ্ঞতাৰ পৰা উল্লেখ কৰিব পাৰি যে এই ঐতিহাসিক আৰু ৰাজনৈতিক কাৰণবশতঃ সৃষ্টি হোৱা দুখগাথা অন্ত পৰাৰ পথত৷
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় আটাইকেইখন ৰাজ্যৰ সৈতেই সীমাৰ ভাগবাটোৱাৰা কৰাৰ বাবে অসমৰ ক্ষেত্ৰত এই সমস্যাটো সুকীয়া৷ সেয়ে, অসমৰ সৈতে চুবুৰীয়া ৰাজ্যকেইখনৰ সীমা সম্পৰ্কীয় মতানৈক্য দেখা পোৱা যায়৷ অৱশ্যে, পূৰ্বৰ ব্যৱস্থাসমূহৰ বিপৰীতে বৰ্তমানৰ চৰকাৰখনে সীমা বিবাদ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত বিশেষভাৱে আগ্ৰহ প্ৰকাশ কৰিছে৷ কিছুদিন পূৰ্বে আমি মেঘালয়ৰ সৈতে এনে এক প্ৰচেষ্টাৰেই সাক্ষী হ’বলৈ পালোঁ৷ হয়, শেহতীয়াকৈ মিজোৰাম সীমান্তত কিছু অনাকাংক্ষিত ঘটনা সংঘটিত হৈছিল৷ কিন্তু, এটা কথা স্বীকাৰ কৰিবই লাগিব যে ইতিহাসৰ ভুলবোৰ আমি একেদিনাই সংশোধন কৰিব নোৱাৰোঁ আৰু ইয়াৰ বাবে আমি কিছু মূল্য পৰিশোধ কৰিবই লাগিব৷