কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ড্ৰাগছ সৰবৰাহ হৈছে এনে এক অপৰাধ যিয়ে কোনো সীমা নামানে আৰু সেয়ে ইয়াক প্ৰতিৰোধ কৰিবলৈ প্ৰয়োজন ড্ৰাগছ নিয়ামক আৰু আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহৰ সৈতে চোৰাংচোৱা বিভাগসমূহৰ সঠিক সমন্বয়৷ তিনিদিনীয়া ভ্ৰমণসূচী হাতত লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৰাজ্যখনলৈ আহিছিল৷ এই ভ্ৰমণকালতে যোৱা ৮ অক্টোবৰত গুৱাহাটীত অনুষ্ঠিত ‘ড্ৰাগছ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা’ সম্পৰ্কে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্ৰধানসকলৰ সৈতে এক বৈঠকত সভাপতিত্ব কৰি তেওঁ এইদৰে কয়৷ অক্টোবৰৰ অন্তিম সপ্তাহত হাৰিয়ানাৰ সূৰজকুণ্ডত অনুষ্ঠিত বিভিন্ন ৰাজ্যৰ গৃহমন্ত্ৰীসকলৰ চিন্তন শিবিৰতো তেওঁ এই কথাৰ পুনৰাবৃত্তি কৰে৷
বৈঠকখনত অঞ্চলটোত নিষিদ্ধ ড্ৰাগছৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰা হয়৷ উক্ত বৈঠকত কেন্দ্ৰীয় গৃহ সচিব, নাৰ্ক’টিক্স নিয়ন্ত্ৰণ ব্যুৰো (এনচিবি)ৰ সঞ্চালকপ্ৰধান আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল৷
অমিত শ্বাহে উল্লেখ কৰে যে ড্ৰাগছৰ চোৰাং ব্যৱসায় এখন সমাজৰ বাবে অতি মাৰাত্মক৷ “কোনো সন্ত্ৰাসবাদী কাৰ্যকলাপৰ ফলত হোৱা ক্ষতি বহু ক্ষেত্ৰত সীমিত৷ কিন্তু, ড্ৰাগছৰ ব্যৱহাৰে সমাজখনৰ নতুন প্ৰজন্মক বিস্তৰ ক্ষতি কৰে৷ ই আমাৰ সমাজ আৰু দেশৰ যুৱ শক্তিক উঁয়ে খোৱাৰ দৰে ফোপোলা কৰি তুলিছে,” কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয়৷ তেওঁ কয় যে আজাদী কা অমৃত মহোৎসৱত দেশৰ গৃহ মন্ত্ৰ্যালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘ড্ৰাগছমুক্ত ভাৰত’ গঢ়াৰ দৃঢ় সংকল্প লৈছে৷
গৃহমন্ত্ৰীগৰাকীয়ে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে দেশৰ অৰ্থনীতি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকিস্বৰূপ এই ড্ৰাগছ সৰবৰাহৰ সৈতে সংলগ্ন ‘ক’লাধন’ আৰু ‘সংগঠিত মাফিয়া’ৰ প্ৰতিটো কাৰ্যকলাপ বিফল কৰিবলৈ শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে৷”
তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গৃহ মন্ত্ৰ্যালয়ে নিচাজাতীয় সামগ্ৰীৰ পৰা সৃষ্টি হোৱা প্ৰতিটো বিপদ প্ৰতিৰোধ কৰিবলৈ সংকল্পবদ্ধ৷
তেখেতৰ এই ভ্ৰমণকালত সমগ্ৰ অঞ্চলটোত প্ৰায় ৪০,০০০ কেজি নিচাজাতীয় সামগ্ৰী নষ্ট কৰা হয়৷ অমিত শ্বাহে বৈঠকস্থলীৰ পৰা এই ড্ৰাগছ নষ্ট কৰাৰ প্ৰক্ৰিয়াটো পৰ্যবেক্ষণ কৰে৷ গুৱাহাটীত নাৰ্ক’টিক্স নিয়ন্ত্ৰণ ব্যুৰোৱে ১১,০০০ কেজি জব্দকৃত ড্ৰাগছ জ্বলাই দিয়াৰ বিপৰীতে অসম আৰক্ষীয়ে প্ৰায় ৮,০০০ কেজি নিষিদ্ধ সামগ্ৰী নষ্ট কৰে৷
ড্ৰাগছ সৰবৰাহ নিয়ন্ত্ৰণ কৰিবলৈ আৰু সকলো সংস্থাৰ মাজত সু-সমন্বয় স্থাপনৰ বাবে তেখেতে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ দিশত গুৰুত্ব প্ৰদান কৰে৷
অমিত শ্বাহে কয় যে অতি কম সময়ৰ ভিতৰতে দেশত নিচাজাতীয় সামগ্ৰীৰ যোগানৰ জালখন ধ্বংস কৰাৰ বাবে গ্ৰহণ কৰা ৰণনীতি সফল হোৱাৰ চাক্ষুস প্ৰমাণ আমি পাইছোঁ৷ তেওঁ লগতে উল্লেখ কৰে যে ২০১৪ চনৰ পাছত জব্দ হোৱা নিচাজাতীয় সামগ্ৰীৰ পৰিমাণেই হৈছে ইয়াৰ প্ৰমাণ৷ ২০০৬-১৩ বৰ্ষৰ সময়ছোৱাত, ১.৫২ লাখ কেজি ড্ৰাগছ জব্দ কৰাৰ বিপৰীতে ২০১৪-২২ চনৰ ভিতৰত এই পৰিমাণ দুগুণ হৈ ৩.৩০ লাখ কেজি হৈছেগৈ৷
তেওঁ কয় যে এই বৈঠকৰ মূল উদ্দেশ্য হৈছে উত্তৰ- পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে এই বিষয় সন্দৰ্ভত কেন্দ্ৰৰ প্ৰদান কৰা গুৰুত্ব অনুধাৱন কৰা৷
গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয়, “আমি এই যুঁজত ৰাজ্যসমূহৰ লগতে নিচাজাতীয় সামগ্ৰীৰ প্ৰতিৰোধৰ সৈতে জড়িত সকলো সংস্থাক একেখন মঞ্চত একত্ৰিত কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত সমন্বয়ৰ চানেকি দাঙি ধৰিব লাগিব৷ আমি এই বাৰ্তা প্ৰদান কৰিব লাগিব যে এতিয়া দেশখনে এই সমস্যাৰ শিপালৈ গৈ ইয়াৰ সমাধান কৰিবলৈ মনস্থ কৰিছে৷”