ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে বাজেটত এখন বিশেষ আঁচনিৰ বিষয়ে ঘোষণা কৰে – মুখ্যমন্ত্ৰী নিযুত মইনা। এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত শিক্ষা অব্যাহত ৰখাৰ বাবে ১০ লাখ কন্যাক (এক নিযুত- নিযুত মইনা) উদ্গনিমূলক আৰ্থিক সহযোগিতা প্ৰদান কৰা হ’ব।
“বাল্য বিবাহ বিলুপ্ত কৰাৰ চৰকাৰৰ সুপ্ৰচেষ্টাক এই আঁচনিয়ে শক্তিশালী কৰা। শাস্তিমূলক আৰু নিয়ামক ব্যৱস্থাৰ লগতে আমি কন্যা সন্তানসকলে কেতিয়া বিয়াত বহিব সেই বিষয়ে সঠিক সিদ্ধান্ত ল’ব পৰাৰ ক্ষমতা প্ৰদান কৰিব লাগিব,” অজন্তা নেওগে কয়। তেওঁ উল্লেখ কৰে, “একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীক ১০,০০০ টকাৰ উদ্গনিমূলক আৰ্থিক অনুদান প্ৰদান কৰা হ’ব।
বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে বিনামূলীয়া নামভৰ্তি, স্কুটীৰ ব্যৱস্থা আদিৰ উপৰি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ বাবে ২৪০ কোটি টকা ধাৰ্য কৰা হৈছে। বিত্ত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে যদি ১০ লাখ ছাত্ৰীক স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষালৈকে পঢ়িবলৈ উদ্গনি যোগাব পৰা যায় তেন্তে ই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পাছত অধ্যয়ন কৰা ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিব। “কোনো চৰকাৰী মহাবিদ্যালয়/শিক্ষা প্ৰতিষ্ঠানত অধ্যয়ন কৰা ছাত্ৰীসকলহে এই আঁচনিৰ বাবে যোগ্য হ’ব আৰু তেওঁলোক বিবাহিত হ’ব নোৱাৰিব,” অজন্তা নেওগে কয়।
ৰাজ্যখনৰ মহিলাসকলৰ মাজত উদ্যমিতাৰ ধাৰণাক সুদৃঢ় কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটৰ ৩৯,৬৭,৭৪৩গৰাকী মহিলা সদস্যক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চৰ্ত সাপেক্ষে ১০,০০০ টকাকৈ উদ্যমিতা পুঁজি প্ৰদান কৰিব।
“মহিলাসকলে এই আৰ্থিক অনুদান লাভ কৰাৰ পাছত ন্যূনতম ২৫,০০০ টকাৰ বেংক ঋণ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিওঁ। এই ঋণৰ পৰিমাণৰ সঠিক ব্যৱহাৰ আৰু সময়মতে পৰিশোধ কৰাৰ পাছত এই হিতাধিকাৰীসকলক ১২,৫০০ টকাৰ মূলধন ৰাজসাহায্যৰ ৰূপত প্ৰদান কৰা হ’ব। অৰ্থাৎ প্ৰতিজন হিতাধিকাৰীয়ে অনুদান, ৰাজসাহায্য আৰু ঋণৰ ৰূপত ন্যূনতম ৪৭,৫০০ টকাৰ সহযোগিতা লাভ কৰিব,” অজন্তা নেওগে কয়।
ৰাজ্যখনৰ মহিলাসকলৰ মাজত উদ্যমিতাৰ ধাৰণাক সুদৃঢ় কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটৰ ৩৯,৬৭,৭৪৩গৰাকী মহিলা সদস্যক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চৰ্ত সাপেক্ষে ১০,০০০ টকাকৈ উদ্যমিতা পুঁজি প্ৰদান কৰিব।