মাৰ্চ মাহত কাৰ্যকৰী হোৱা আৰু জুন মাহৰ প্ৰথম সপ্তাহলৈকে অব্যাহত থকা নিৰ্বাচনী আচৰণ বিধিৰ পৰিপ্ৰেক্ষিতত তিনি মাহৰ বিৰতিৰ পাছত অসম চৰকাৰে ৰাইজৰ সেৱাৰ্থে ন উদ্যমেৰে কাম কৰিবলৈ সাজু হৈছে।
উচ্চ শিক্ষা প্ৰদানেৰে ছোৱালী শিক্ষাৰ্থীসকলৰ সবলীকৰণ নিশ্চিত কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই শেহতীয়াকৈ ‘মুখ্যমন্ত্রী নিযুত মইনা’ আঁচনিখন শুভাৰম্ভ কৰে। আৰ্থিক সাহায্য প্ৰদান আৰু সমস্যাবিহীন শিক্ষা ব্যৱস্থা নিশ্চিতকৰণেৰে তেখেতে দুটা মূল উদ্দেশ্যত উপনীত হোৱাৰ প্ৰচেষ্টা কৰিছে, সেয়া হ’ল – অপ্ৰাপ্তবয়স্ক বিবাহৰ সমস্যা নিয়ন্ত্ৰণ/হ্ৰাস কৰা আৰু উচ্চ শিক্ষাত ছোৱালী শিক্ষাৰ্থীৰ মুঠ নামভৰ্তিৰ অনুপাত বৃদ্ধি কৰা।
মন কৰিবলগীয়া যে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহত ধন ৰাহি কৰিবলৈ সাধাৰণতে কন্যা সন্তানসকলে শিক্ষাৰ ক্ষেত্ৰত ত্যাগ স্বীকাৰ কৰিবলগীয়া হয়। এই কাৰ্যৰ প্ৰভাৱ প্ৰায়েই তাৎক্ষণিক আৰু দীৰ্ঘকাললৈ থকা দেখা যায়। বিদ্যালয় শিক্ষা আধাতে সমাপ্ত কৰাৰ ফলত কন্যা সন্তানসকলে কম বয়সতে বিবাহপাশত আবদ্ধ হ’বলৈ বাধ্য হয়। যাৰ ফলত তেওঁলোকৰ লগতে পৰৱৰ্তী প্ৰজন্মৰো স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। এই আঁচনিৰ জৰিয়তে উচ্চ শিক্ষাক প্ৰণোদন কৰি চৰকাৰে লিংগ সমতাৰ নীতিক সুদৃঢ় কৰিছে। ইয়াৰ উপৰি চৰকাৰৰ পূৰ্বৰ বহু কল্যাণকামী কাৰ্যপন্থা যেনে অৰুণোদয়, লাখপতি বাইদেউ আদিতো এনেধৰণৰ পদক্ষেপ প্ৰতিফলিত হোৱা আমি দেখিবলৈ পাইছোঁ।
এই আঁচনিখনে বিশেষকৈ চাহ বাগিচা আৰু চৰ অঞ্চলৰ লোকৰ দৰে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহৰ কাষ চপাৰ ক্ষেত্ৰত চৰকাৰৰ বাবে এক গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হ’ব। আঁচনিখনৰ সুফল এই অঞ্চলসমূহৰ পৰিয়ালসমূহে লাভ কৰাটো সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসন পূৰ্ণোদ্যমেৰে সাজু হোৱা উচিত।