ছাত্ৰী শিক্ষাক উদগনি যোগাই বাল্য বিবাহ ৰোধ কৰাৰ এক অনন্য পদক্ষেপ হিচাপে অসম চৰকাৰে আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি। ২৭ অক্টোবৰত এই আঁচনিৰ দ্বিতীয় সংস্কৰণৰ চেক বিতৰণৰ কেন্দ্ৰীয় অনুষ্ঠান আয়োজন কৰা হয়।
অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আয়োজিত এই অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰে, “২০২৫-২৬ বৰ্ষত নিযুত মইনা আঁচনিয়ে ৩.৫ লাখ ছাত্ৰীক সামৰি লৈছে। পলিটেকনিক, স্নাতম পঞ্চম বৰ্ষ (তৃতীয় বৰ্ষ)ত অধ্যয়নৰত আৰু আই টি আই প্ৰশিক্ষণৰত ছাত্ৰীসকলৰ বাবেও নিযুত মইনা আঁচনিখন ঘোষণা কৰিছোঁ। ইয়াৰ দ্বাৰা নিযুত মইনাৰ সংখ্যা প্ৰায় ১ লাখলৈ বৃদ্ধি পাব।”
তেখেতে অনুষ্ঠানৰ ভাষণ প্ৰসংগত এই আঁচনিখনে বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা কয়,”ধুবুৰী, মানকাচৰ, নগাঁও, মৰিগাঁও, দৰং, বৰপেটা আদি জিলাত বাল্য বিবাহৰ সংখ্যা ৬০-৭৫% পৰ্যন্ত হোৱা দেখিবলৈ পোৱা গৈছিল। সেয়েহে আমি শপত লৈছিলোঁ যে বাল্য বিবাহৰ পৰা অসমৰ ছাত্ৰী সমাজক আমি মুক্ত কৰিম। এনেদৰেই বাল্য বিবাহ ৰোধ অভিযানৰ অধীনত এই কু-প্ৰথাৰ সৈতে জড়িত ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছিলোঁ।”
তেখেতে পুনৰ কয়, “বিভিন্ন মাধ্যমেৰে আমি অৱগত হৈছিলোঁ যে বহু পিতৃ-মাতৃয়ে আৰ্থিক অনাটনৰ বাবে নিজৰ কন্যাক কম বয়সতে বিয়া দিবলগীয়া হৈছিল। সেয়েহে আমাৰ চৰকাৰে ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ দায়িত্ব লোৱাৰ সংকল্প ল’লে আৰু এনেদৰেই নিযুত মইনা আঁচনিৰ শুভাৰম্ভ হ’ল।”
২০২৪-২৫ বৰ্ষত এই আঁচনিৰ অধীনত ১.৬ লাখ ছাত্ৰীৰ বাবে ১৩৩ কোটি টকা মুকলি কৰা হৈছিল। ৰাজ্যখনৰ ১০ লাখ কন্যা শিক্ষাৰ্থীক এই আঁচনিৰ অধীনত সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই আঁচনিৰ আৰম্ভণিৰ পাছত ছাত্ৰীসকলৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে কোনো ছাত্ৰীয়ে চলিত বৰ্ষত আধাতে শিক্ষা সামৰা নাই বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ তথা বি এড পাঠ্যক্ৰমৰ ছাত্ৰীৰ বাবে প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ (ডি বি টি) যোগে মাহিলি ক্ৰমে ১,০০০ টকা, ১,২৫০ টকা আৰু ২,৫০০ টকা প্ৰদান কৰা হয়।









