নলবাৰী জিলাৰ শোলমাৰা অঞ্চলৰ বাসিন্দা চিমা বেগমৰ বাবে ৬ অক্টোবৰ ২০২৪ৰ দিনটো বিশেষ। কিয়নো এই দিনটোত ‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা’ আঁচনিৰ প্ৰথম কিস্তিৰ আৰ্থিক অনুদান প্ৰদানেৰে আনুষ্ঠানিকভাৱে আঁচনিখন শুভাৰম্ভ কৰা হয়। শোলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী চিমাৰ বাবে এই আঁচনিয়ে মুকলি কৰি দিলে এক সকাহৰ বাট।
বহু ঘাত-প্ৰতিঘাত নেওচি জীৱন যাত্ৰাত আগুৱান হোৱা চিমাই মনৰ অনুভৱ প্ৰকাশ কৰি কয়, “আমাৰ পৰিয়ালটি আৰ্থিকভাৱে কিছু দুৰ্বল হোৱাৰ হেতুকে কিছু সমস্যাৰ সন্মুখীন হৈছিলোঁ। কিন্তু নিযুত মইনা আঁচনিখনৰ বিষয়ে অৱগত হোৱাৰ লগে লগে উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু সকাহ পাম যেন অনুভৱ হৈছিল। মাহিলি হিচাপত লাভ কৰিবলগীয়া ১,০০০ টকাৰে কিতাপ-পত্ৰ, বহী, কলম আদিকে ধৰি প্ৰয়োজনীয় সামগ্ৰীসমূহ ক্ৰয় কৰিম বুলি ঠিৰাং কৰিছোঁ।”
একেখন শিক্ষানুষ্ঠানতেই অধ্যয়নৰত সাগৰিকা দাসেও ‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা’ আঁচনিৰ সুফল লাভ কৰি আনন্দ প্ৰকাশ কৰে। আনুষ্ঠানিক শিক্ষাগ্ৰহণৰ সময়ছোৱাত সম্পূৰ্ণৰূপে পৰিয়ালৰ ওপৰত নিৰ্ভৰশীল নহৈ নিজেও কিছু দায়িত্ব ল’ব পাৰিব বুলি সাগৰিকাই অসম বাৰ্তাৰ এগৰাকী প্ৰতিৱেদকক ফোনযোগে জনায়।
চিমা, সাগৰিকাৰ দৰে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী ৰিম্পী হাজৰিকাই প্ৰথমবাৰৰ বাবে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিছে। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত ৰিম্পীয়ে মাহিলি ১,২৫০ টকাকৈ সৰ্বাধিক ১০ মাহলৈ বছৰত মুঠ ১২,৫০০ টকা লাভ কৰিব।
“বৰ্তমান মই হোষ্টেলত থাকোঁ। এই আঁচনিৰ অনুদানেৰে হোষ্টেলৰ মাহিলি খৰচ বহন কৰিম বুলি মনস্থ কৰিছোঁ,” ৰিম্পীয়ে কয়।
কাৰ্বি আংলঙৰ ডকমকাস্থিত থং নকবে মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ ছাত্ৰী পূজা দাসেও এই আঁচনিৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ঘৰৰ পৰা মহাবিদ্যালয়খন কিছু নিলগত হোৱাৰ বাবে অহা-যোৱা কৰিবলৈ দৈনিক প্ৰায় ১০০ টকা খৰচ হয় বুলি পূজাই কয়।
“দৈনিক অ’টো, টেম্প’ আদিতেই অহা-যোৱা কৰিব লাগে কাৰণে আমাৰ বাবে এক বুজন পৰিমাণৰ ধন ব্যয় হয়। সেয়েহে আঁচনিৰ আৰ্থিক অনুদান পৰিবহণৰ বাবেই ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ। ইয়াৰ ফলত পৰিয়ালৰো কিছু সকাহ হ’ব,” পূজাই কয়।
মৰাণ মহিলা মহাবিদ্যালয়ৰ ছাত্ৰী পাহি বৰুৱাৰ পিতৃ নিপেন বৰুৱাই এই আঁচনিখনৰ বিষয়ে অৱগত হোৱাৰ লগে লগে উৎফুল্লিত হৈ পৰে। কৃষিক্ষেত্ৰৰ সৈতে জড়িত নিপেন বৰুৱাৰ একমাত্ৰ সন্তান পাহিৰ উচ্চ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত বৰুৱাই দেখিছে অযুত সপোন। সেই সপোনক বাস্তৱায়িত কৰিবলৈ পাহিয়ে চলিত বৰ্ষত ৰাজনীতি বিজ্ঞান বিভাগত নামভৰ্তি কৰিছে।
“পাহিৰ সফল ভৱিষ্যতৰ বাবে সম্ভৱপৰ সকলোখিনি কৰিবলৈ আমি চেষ্টা কৰিছোঁ। আমাৰ এই প্ৰচেষ্টাত অসম চৰকাৰে সহযোগ কৰি সকাহ দিবলৈ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিখন আৰম্ভ কৰাৰ বাবে সুখী হৈছোঁ। এই আঁচনিখনে কন্যা সন্তানসকলক আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত এক নতুন বাট মুকলি কৰি দিছে বুলি মই বিশ্বাস কৰোঁ,” বৰুৱাই কয়।
পিতৃৰ সৈতে সহমত পোষণ কৰা পাহিয়ে কয়, “বৰ্তমান মই ভাৰা ঘৰত থাকোঁ। ইয়াৰ বাবদ মাহিলি ১,২০০ টকা খৰচ হয়। সেয়েহে আঁচনিখনৰ পৰা লাভ কৰা অনুদান ঘৰৰ ভাৰা দিয়াৰ বাবেই ব্যয় কৰিম বুলি ভাবিছোঁ।”
ধেমাজিৰ চিচিবৰগাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী পিংকী টিপমীয়াও আঁচনিৰ ধন কিতাপ-পত্ৰকে ধৰি আনুষংগিক প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ লগতে মহাবিদ্যালয়লৈ অহা-যোৱা কৰাৰ বাবে ব্যয় কৰিব বুলি জনায়।
ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখাত অধ্যয়নৰত একাদশ শ্ৰেণীৰ ছাত্ৰীত্ৰয় ক্ৰমে অভিলেখা পেগু, জিমকী দাস আৰু ৰিয়া গগৈয়ে শেহতীয়াকৈ আঁচনিখনৰ অধীনত ১,০০০ টকা লাভ কৰি আনন্দিত হৈ পৰে।
“এই আঁচনিখনে আমাক উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত এক নতুন বিশ্বাস দিছে। ভৱিষ্যতলৈও এই আঁচনিখন অব্যাহত থাকিব বুলি আমি আশা প্ৰকাশ কৰিলোঁ,” অভিলেখাৰ সমৰ্থনত জিমকী আৰু ৰিয়াই কয়।
বিদ্যালয়খনৰ অধ্যক্ষা কল্পনা গগৈয়েও অসম চৰকাৰৰ এই পদক্ষেপৰ শলাগ লয়। চৰকাৰখনে কন্যা সন্তানসকলৰ ভৱিষ্যৎ সুৰক্ষাৰ কথা চিন্তা কৰা বুলি অভিহিত কৰি কয়, “এই আঁচনিখনে সমাজত সজাগতাৰ সৃষ্টি কৰিব। বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰতো ‘মুখ্যমন্ত্ৰীৰ নিযুত মইনা’ই এক উদাহৰণ সৃষ্টি কৰিব বুলি আমি বিশ্বাসী। বহু পিছপৰা অঞ্চলত কন্যা সন্তানসকলৰ শিক্ষাৰ ক্ষেত্ৰখনত এই আঁচনিয়ে কঢ়িয়াই আনিব আশাৰ ৰেঙনি।”
এই আঁচনিখনৰ অধীনত ১৮.৩৯ কোটি টকা ব্যয় সাপেক্ষে ১.৬৪ লাখৰো অধিক ছাত্ৰীৰ বাবে ১১ নৱেম্বৰত দ্বিতীয় মাহিলি কিস্তিও মুকলি কৰা হয়।