অধীৰ আগ্ৰহেৰে অপেক্ষা কৰাৰ অন্তত যেতিয়া নিযুক্তি পত্ৰখন হাতত পৰেহি, তাতকৈ সুখৰ বতৰা জানো আন কিবা থাকিব পাৰে৷ ২৩,০০০তকৈও অধিক নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানটিৰ বাবে ১৪ মে’ৰ দিনটো অসমৰ ইতিহাসত সোণালী আখৰৰে লিপিবদ্ধ হৈ ৰ’ব৷ ইয়াৰ পূৰ্বে কেতিয়াও আমাৰ এনে এটা দিন দেখাৰ সৌভাগ্য হোৱা নাছিল৷
এই নিয়োগ পত্ৰ বিতৰণৰ জৰিয়তে ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৰাইজৰ লগতে তেওঁৰ সমালোচকসকলক এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে যে এক লাখ চাকৰি প্ৰদান কৰাৰ দলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনৰ বাবে মুখ্যমন্ত্ৰীগৰাকী সংকল্পবদ্ধ৷ অৱশ্যে অনিবাৰ্য কাৰণত সময়সীমা পাৰ হৈ গ’লেও তেওঁৰ চৰকাৰখন এই মহৎ উদ্দেশ্যৰ পৰা বিচলিত হোৱা নাছিল৷ চৰকাৰে লগতে প্ৰতিশ্ৰুতি দিছে যে অহা কেইমাহমানৰ ভিতৰতে বিভিন্ন বিভাগত ৩০,০০০ৰো অধিক নিযুক্তি প্ৰদান কৰা হ’ব যি নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ লক্ষ্যত আৰু এখোজ আগুৱাই নিব৷ তদুপৰি, কোনো বিতৰ্ক অবিহনে সমগ্ৰ প্ৰক্ৰিয়াটো স্বচ্ছতাৰে সম্পন্ন হৈছে৷
কেৱল চৰকাৰী খণ্ড বা বিভাগসমুহত নিযুক্তি প্ৰদানে ৰাজ্যখনক অধিক লাভান্বিত নকৰে৷ আগন্তুক সময়ত চৰকাৰে ৰাজ্যখনত বৃহৎ পৰিমাণৰ নিযুক্তি সৃষ্টিৰ উদ্দেশ্যে ব্যক্তিগত খণ্ডৰ বাবেও উপযুক্ত পৰিৱেশ নিৰ্মাণ কৰিব লাগিব৷ অন্যথা, ৰাজ্যৰ কোষাগাৰৰ ওপৰত ব্যাপক প্ৰভাৱ পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ অগ্ৰগামী ব্যক্তিগত খণ্ডই ৰাজ্যখনৰ কৰ সংগ্ৰহ বৃদ্ধি কৰিব আৰু অৰ্থনৈতিক প্ৰগতিত সহায় কৰিব৷ আন্তঃগাঁথনিকে আদিকৰি মূল সামাজিক খণ্ডবোৰত পুনৰ্বিনিয়োগৰ বিত্তীয় স্বাধীনতা প্ৰদান কৰিব আৰু মানৱ মূলধন আধাৰিত বিকাশৰ সুযোগ বৃদ্ধি কৰিব৷
এনে বহু ৰাজ্যৰ উদাহৰণ আছে, বিশেষকৈ দক্ষিণৰ ৰাজ্যসমূহ, য’ত তথ্য-প্ৰযুক্তি নিৰ্মাণ খণ্ডৰ প্ৰভাৱ ইমানেই বেছি যে চৰকাৰী খণ্ডলৈ প্ৰতিভাসমূহক আকৰ্ষণ কৰাই কঠিন হৈ পৰে৷ এনে এক পৰিস্থিতিৰ মুখামুখি হোৱাটো সম্ভৱতঃ সকলো চৰকাৰৰেই কাম্য৷