১৯৮০ চনৰ শ্বিলং পাহাৰৰ কোনোবা এটা টিলাত বহি সীমান্তই প্ৰথম ড্ৰাগছ মুখত দিছিল৷ প্ৰায় এমাহ পাছলৈ সীমান্ত সম্পূৰ্ণৰূপে ড্ৰাগছ আসক্ত হৈ পৰে৷ ১৯৯৫ চনত গুৱাহাটীত সীমান্তই ডাঃ চিৰঞ্জীৱ কাকতিৰ তত্ত্বাৱধানত পৰিচালিত এটা নিচামুক্তি কেন্দ্ৰত অন্তৰ্ভুক্ত হয় আৰু অতি কষ্টেৰে ১৫ বছৰীয়া ড্ৰাগছৰ আসক্তি এৰিবলৈ সক্ষম হয়৷ কিন্তু, তাতেই সমস্যাৰ অন্ত পৰা নাছিল, ড্ৰাগছৰ আসক্তি দূৰ হ’লেও সীমান্ত এইবাৰ সুৰাৰ প্ৰতি আসক্ত হৈ পৰিল৷ নিচাসক্তিৰ কৱলত উলুবাৰীত থকা ঘৰ, গুদাম সকলো বিক্ৰী কৰি সীমান্ত থাকিবলৈ লয় গুৱাহাটী ৰে’লৱে ষ্টেচনৰ প্লেটফৰ্মত৷
সীমান্তৰ মনলৈ আত্মহত্যাৰ চিন্তাও আহিবলৈ ধৰিলে৷ তেওঁ কয়, “সেই সময়ত এনে ভাব আহিছিল যে মই জীৱনত এয়া কি কৰিলোঁ৷ ট্ৰেইনৰ আগত পৰি বহুবাৰ আত্মহত্যা কৰিবলৈও চেষ্টা কৰিছিলোঁ৷ কি কৰিম, কি নকৰিম বুলি ভাবি থাকোঁতেই ডাঃ চিৰঞ্জীৱ কাকতিৰ কথা মনলৈ আহিল৷”
এই নিচাৰ বাবেই সৰ্বস্বান্ত হৈ ২০০০ চনত এদিন সন্ধ্যা তেওঁ পুনৰ ডাঃ চিৰঞ্জীৱ কাকতিৰ ওচৰলৈ যায়৷
এইবাৰ সীমান্তই এই নিচাসক্তিৰ পৰা সম্পূৰ্ণৰূপে নিজকে আঁতৰ কৰিবলৈ সমৰ্থ হয়৷
“ড্ৰাগছে শৰীৰৰ ক্ষতি কৰে, মনৰ ক্ষতি কৰে আৰু আটাইতকৈ ডাঙৰ কথা হ’ল ই সামাজিক ব্যৱস্থাটোৰ ক্ষতি কৰে,” সীমান্ত দাসে কয়৷ তেওঁ লগতে জনায়, “ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰ্যালয়ে আৰম্ভ কৰা নিচামুক্ত ভাৰত অভিযান এইক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ৷ ড্ৰাগছ আসক্ত হৈ সৰ্বস্ব হেৰুওৱাৰ আগতেই আমি যদি জনসাধাৰণক বিশেষকৈ যুৱপ্ৰজন্মক এই বিষয়ে সজাগ কৰিব পাৰোঁ তেন্তে এই অভিযান সফল হ’ব৷”
বৰ্তমান সীমান্ত দাসে নিজৰ চ’বাৰিটি ফাউণ্ডেচনৰ জৰিয়তে এলকহল, ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে৷
ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰ্যালয়ে ১৫ আগষ্ট ২০২০ত নিচামুক্ত ভাৰত অভিযান (এনএমবিএ) আৰম্ভ কৰে৷ গৃহ মন্ত্ৰ্যালয়ৰ অধীনত থকা নাৰ্কটিকছ ক’ণ্ট্ৰ’ল ব্যুৰ’ৰ তথ্য অনুসৰি মন্ত্ৰ্যালয়ে অসুৰক্ষিতৰূপে চিনাক্ত কৰা দেশৰ ৩২খন ৰাজ্য/ কেন্দ্ৰীয়শাসিত অঞ্চলৰ ২৭২খন জিলাত এই অভিযান পৰিচালিত কৰি থকা হৈছে৷ এই ২৭২খন জিলাৰ ভিতৰত অসমৰ ৯খন জিলা ক্ৰমে কাছাৰ, ধুবুৰী, গোৱালপাৰা, হাইলাকান্দি, কামৰূপ (মহানগৰ), কামৰূপ, কৰিমগঞ্জ, নগাঁও আৰু ওদালগুৰি জিলাত বিভিন্নধৰণৰ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে৷
অসমত এই অভিযানৰ আৰম্ভণি লেহেমীয়া হ’লেও এইক্ষেত্ৰত ৰাজ্যখনৰ সদিচ্ছাৰ প্ৰকাশ পাইছে৷ সীমান্ত দাসে কয়, “মই ভাবোঁ বিদ্যালয়ৰ পাঠ্যক্ৰমত ড্ৰাগছ সংক্ৰান্তীয় সজাগতামূলক পাঠ অন্তৰ্ভুক্তিৰ কথা চৰকাৰে বিবেচনা কৰা উচিত৷”
তথ্য অনুসৰি আমাৰ অসমত প্ৰায় ২০.৪ লাখ ড্ৰাগছ ব্যৱহাৰকৰ্তা আছে৷ সৰ্বাধিক ৮.০৫ লাখ ব্যক্তিয়ে অ’পিয়ইড গ্ৰহণ কৰে, তাৰ পাছত ক্ৰমে গাঞ্জা (৬.৩ লাখ), ইনহেলেণ্ট (৩.৪ লাখ) আৰু চিডেটিভ (২.৪ লাখ)৷ দুৰ্ভাগ্যজনক বিষয়টো হৈছে ৰাজ্যখনৰ প্ৰায় ৩.৩ লাখ শিশুৱে নিচাযুক্ত পদাৰ্থ গ্ৰহণ কৰে৷ মন্ত্ৰ্যালয়ৰ এজন বিষয়াই কয় যে আশ্চৰ্যজনকভাৱে ড্ৰাগছ আসক্তৰ সংখ্যা নাৰীৰ মাজত বৃদ্ধি পাইছে৷
কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাই অসম বাৰ্তাক জনায়, “এটা কথা স্পষ্ট যে এগৰাকী নিচাগ্ৰস্ত ব্যক্তিক নিচামুক্ত কৰিব পৰা যায়, কিন্তু তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে আমি সঠিক সজাগতাৰ জৰিয়তে যুৱপ্ৰজন্মৰ মাজত নিচাৰ পৰা আঁতৰি থকাৰ এটা বাৰ্তা প্ৰদান কৰিব পাৰোঁ৷ আমি নিচামুক্ত ভাৰত অভিযানৰ অধীনত এই দুই ধৰণৰ সজাগতাৰ বাবেই কাম কৰি আছোঁ৷” তেখেতে লগতে কয়, “গুৱাহাটীৰ জ্যেষ্ঠ মনোৰোগ বিশেষজ্ঞ, শিল্পী সমাজকৰ্মী আৰু সংবাদকৰ্মীসকলেও আমাৰ এই অভিযানত অংশ লৈছে৷”
গোৱালাপাৰাৰ জিলা সমাজ কল্যাণ বিষয়া মনীন্দ্ৰ অধিকাৰীয়ে কয়, “ড্ৰাগছৰ বিৰুদ্ধে সজাগতা আনিবলৈ আমি জিলাখনৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰিছোঁ৷ স্পৰ্শকাতৰ অঞ্চলসমূহতো আমি একেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ৷ যোৱা ২৭ আৰু ২৮ জুনত আমি জিলাখনত এই সজাগতা অভিযানৰ অংশস্বৰূপে এক ৰথ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰোঁ৷”
কামৰূপ মহানগৰ জিলাত নিচামুক্ত ভাৰত অভিযানৰ অধীনত স্বেচ্ছাসেৱী সংগঠন, চৰকাৰী কৰ্মচাৰী আদিৰ সৈতে স্বেচ্ছাসেৱকৰ গোট গঠন কৰা হয়৷ এই গোটৰ সদস্যসকলক উত্তৰণ ৱেলফেয়াৰ ফাউণ্ডেচনে প্ৰশিক্ষণ প্ৰদান কৰে৷ পাছৰ পৰ্যায়ত এই গোটসমূহে যুৱপ্ৰজন্মৰ মাজত সজাগতাৰ প্ৰশিক্ষণ আগবঢ়ায়৷
ৰাজ্য চৰকাৰখনেও এই বিষয়টোৰ গভীৰতা উপলব্ধি কৰিছে৷ শেহতীয়াকৈ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই গুৱাহাটীৰ এটা নিচামুক্তি কেন্দ্ৰ ভ্ৰমণ কৰি কেন্দ্ৰটোৰ ব্যৱস্থাসমূহক লৈ অসন্তুষ্টি প্ৰকাশ কৰে৷ নিচামুক্তি কেন্দ্ৰসমূহ সঠিকভাৱে পৰিচালনা কৰাৰ প্ৰয়োজনীয়তা অনুধাৱন কৰি এইক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেখেতে গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰসমূহৰ স্বত্ত্বাধিকাৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়৷ তেওঁ নিচামুক্তি কেন্দ্ৰসমূহৰ পৰিচালনা কৰিবলৈ এখন নীতি-নিৰ্দেশনা (এছঅ’পি) প্ৰস্তুত কৰাৰ কথাও ঘোষণা কৰে৷
যোৱা এটা বছৰত অসমত মুঠ ৬৫৫.৪ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে আৰু ২০২১ চনৰ ১ আগষ্টৰ পৰা ২০২২ চনৰ ৩১ আগষ্টলৈকে ড্ৰাগছৰ অবৈধ বেহাৰ সৈতে জড়িত থকাৰ অভিযোগত ৪,৭৫০গৰাকী ব্যক্তিক আটক কৰা হৈছে৷
এগৰাকী উচ্চ পদস্থ বিষয়াই কয় যে এই সজাগতা অভিযানসমূহৰ সমান্তৰালকৈ ড্ৰাগছৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলেহে নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’ব পৰা যাব৷ তেখেতৰ মতে, “এই দুয়োটা বিষয় হৈছে এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷”