নাজিৰাটিং-তামুলী, ১২৩ নং ডিগবৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত এই ঠাইখিনিৰ অসীম পৰ্যটনৰ সম্ভাৱনা আছে৷ ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ মনত শৈশৱৰে পৰা নাজিৰাটিঙৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ প্ৰতি এক দূৰ্বলতা আছিল৷ সেয়ে বিধায়ক হোৱাৰ পাছৰে পৰা সুৰেন ফুকনে নাজিৰাটিঙক বনভোজ থলীৰ পৰা পৰ্যটন স্থলীলৈ ৰূপান্তৰ কৰাৰ কাম ব্যক্তিগত প্ৰচেষ্টাৰে গ্ৰহণ কৰে৷ ১৯০১ চনত ডিগবৈত বৃটিছে এছিয়াৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰে৷ এই শোধনাগাৰলৈ বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ ডিগবৈৰ পৰা ১৪ কিলোমিটাৰ নিলগত নাজিৰাটিঙৰ ডিব্ৰু নৈত এটা পানীযোগান প্ৰকল্প স্থাপন কৰিছিল৷
মৰাণ জনগোষ্ঠীৰ বসতিপ্ৰধান এই স্থানক গ্ৰাম্য-অৰ্থনীতিৰ সৱলীকৰণৰ লক্ষ্যৰে বিধায়ক সুৰেন ফুকনে ২০১৯ চনৰ পৰাই তাৰে কেইগৰাকীমান উদ্যমী যুৱকৰ সৈতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ সেই অঞ্চলৰ এগৰাকী যুৱক পাপু গগৈয়ে কয়, “যোৱা বছৰ বিধায়ক মহোদয়ে নদীখন খান্দি পৰিষ্কাৰ কৰিবলৈ আমাক সহযোগিতা আগবঢ়াই৷ তদুপৰি নাজিৰাটিঙৰ সৌন্দৰ্য্যবৰ্ধনৰ বাবেও তেখেতে বিভিন্ন ধৰণেৰে আমাক সহায় কৰিছে৷” তেওঁ লগতে কয়, “কেইটামান ক’টেজ আৰু আলহীঘৰ নিৰ্মাণ কৰা হৈছে, এটা ৰংগমঞ্চও নিৰ্মাণ কৰা হৈছে৷ বিধায়ক মহোদয়ে ইয়াৰ পথ নিৰ্মাণৰ ক্ষেত্ৰতো পদক্ষেপ লৈছে৷”
নাজিৰাটিঙৰ পৰা প্ৰায় এক কিলোমিটাৰ নিলগত সম্পূৰ্ণ অৰণ্যৰে আৱৰা এখন গাওঁ আছে৷ ১৯৬৫ চনতে স্থাপন হোৱা এই তামুলী নামৰ গাওঁখনতো বহনক্ষম পৰ্যটনৰ সম্ভাৱনা আছে৷ ২০২১ চনৰ পৰা বিধায়ক সুৰেন ফুকনৰ উদ্যোগতে জানুৱাৰীৰ প্ৰথম তিনিদিনত নাজিৰাটিং তামুলী পৰ্যটন উৎসৱ পালন কৰি অহা হৈছে৷
বিধায়ক সুৰেন ফুকনে কয়, “আমি এই উৎসৱত গ্ৰাম্য অৰ্থনীতিৰ প্ৰদৰ্শনৰ ওপৰত গুৰুত্ব দিওঁ৷ প্ৰতিবছৰে প্ৰায় ১০০টা আত্মসহায়ক গোটে এই উৎসৱত অংশ লৈ তেওঁলোকে উৎপাদন কৰা সামগ্ৰীৰ ব্যৱসায় কৰে৷ তদুপৰি এই তিনি দিনত মৰাণ বিহু, টাই বিহু, ঝুমুৰ, চিংফৌ নৃত্য, নেপালী নৃত্য আদি বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰদৰ্শনৰো ব্যৱস্থা কৰোঁ৷” যোৱা বছৰৰ সফল এই উৎসৱৰ বিষয়ে উল্লেখ কৰি অসম বাৰ্তাক কয়, “যোৱাবাৰ অন্তিম দিনা ইয়াত পাঁচ লাখ লোক সমৱেত হৈছিল৷ এই অঞ্চলখিনিত আমি আন কিছুমান ব্যৱস্থা উপলভ্য কৰাৰ বাবেও চেষ্টা কৰিম৷ এই অঞ্চলৰ কাষতে বহু বন্যপ্ৰানীৰে ভৰপূৰ বনাঞ্চল পৰিদৰ্শনৰ ব্যৱস্থা কৰাৰ বাবেও আমি পৰিকল্পনা কৰি আছোঁ৷”
সুৰেন ফুকনে অসম বাৰ্তাক কয়, এই অঞ্চলৰ উন্নয়নৰ বাবে বিধায়ক পুঁজিৰ আংশিক ব্যৱহাৰ কৰা হৈছে আৰু অন্যান্য কামসমূহৰ বাবে বিধায়কগৰাকীয়ে নিজে আৰু তেওঁৰ শুভাকাংশীসকলৰ সহায়ত ব্যৱস্থা গ্ৰহণ কৰিছে৷