• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Tuesday, March 21, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home অনিৰুদ্ধ অসম

নাঙলৰ সীৰলুত মৰিগাঁও আৰক্ষীৰ অনন্য পদক্ষেপ

AB Bureau by AB Bureau
November 3, 2022
in অনিৰুদ্ধ অসম, অসমীয়া
0
0
Morigaon Police ploughs agri reform

যোৱা বছৰৰ ডিচেম্বৰৰ এটি কুঁৱলীসনা পুৱা৷ মৰিগাঁৱৰ বড়িবজাৰ আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক মুনীন্দ্ৰ চন্দ্ৰ দাসৰ ওচৰত হাজিৰ হ’লগৈ গৃহৰক্ষী বাহিনীৰ জোৱান নাজিৰ হুছেইন আৰু আব্দুল ছালাম৷ অহা কেইটামান মাহ দুয়োগৰাকী এই আৰক্ষী পহৰা চকীটোত কৰ্মৰত হৈ থাকিব৷ কেৱল নিয়মীয়া গৃহৰক্ষী জোৱানৰ দায়িত্ব সমাপন কৰাতেই তেওঁলোকৰ কাম সীমাবদ্ধ নহয়৷ আজৰি সময়ত আন এটা বিশেষ দায়িত্বও তেওঁলোকে স্বেচ্ছামূলকভাৱে হাতত লয়৷ সেয়া হৈছে আৰক্ষী পহৰা চকীটোৰ চাৰিওফালে থকা মৰিগাঁও আৰক্ষীৰ নামত আবণ্টিত ১৫ বিঘা ১ কঠা আৰু ১০ লেচা মাটিৰ কিছু অংশত তেওঁলোকে বৰো ধানৰ খেতি কৰিব৷

আনফালে ঔজাৰি আৰক্ষী ছাউনীত থকা বাহাৰুল, অভিজিৎ, দুলাল, দিলীপৰ দৰে গৃহৰক্ষী জোৱানসকলৰো ব্যস্ততাৰ অন্ত নাই৷ ছাউনীটোৰ চৌপাশে থকা প্ৰায় ২১ বিঘা মাটিত জোৱানসকলে সৰিয়হ, মাকৈ, জিকা, জাতিলাও, ভেণ্ডি আদিৰ খেতি কৰি আছে৷ কামৰ পৰা আহি জোৱানসকলৰ কোনোৱে যদি শাক-পাচলিত পানী দিয়ে, কোনোৱে আকৌ অপতৃণ আঁতৰোৱাত ব্যস্ত হৈ পৰে৷

ফেব্ৰুৱাৰীৰ এটি দুপৰীয়া লাহৰীঘাট আৰক্ষী চকীৰ বেৰেকত জোৱানসকল দুপৰীয়াৰ সাঁজৰ কাৰণে অপেক্ষা কৰি আছে৷ আজি তেওঁলোকৰ বাবে ভাতৰ সৈতে ৰন্ধা হৈছে ঔজাৰি আৰক্ষী ছাউনীৰ পৰা অহা শাক-পাচলি৷ এয়া আৰক্ষীয়ে নিজৰ খেতিৰ পৰা অনা শাক-পাচলি৷

এই পদক্ষেপটো আৰম্ভ হোৱাৰ আঁৰত আছে কেইগৰাকীমান বিশেষ ব্যক্তিৰ প্ৰচেষ্টা৷ মৰিগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে ২০২১ চনৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহত বড়িবজাৰত আৰক্ষীৰ বাবে আবণ্টিত মাটিৰ বুজ লৈ আছিল৷ প্ৰায় ১৫ বিঘা মাটি এনেয়ে পৰি থকাতকৈ তাত কিবা এটা খেতি কৰাৰ ধাৰণাটো তেতিয়াই তেওঁৰ মনলৈ আহিল৷ খা-খবৰ লৈ গম পোৱা গ’ল যে তেনে মাটি ঔজাৰিতো আছে৷

“এয়া আমাৰ মৰিগাঁও আৰক্ষীৰ সমূহীয়া প্ৰচেষ্টা আছিল,” এই পদক্ষেপৰ কতৃত্ব সম্পূৰ্ণ বিভাগটোক প্ৰদান কৰি অপৰ্ণা নটৰাজনে অসম বাৰ্তাক কয়৷ “এনেয়ে পৰি থকা মাটিখিনিত পৰৱৰ্তী পৰ্যায়ৰ পৰিকল্পিত নিৰ্মাণ আৰম্ভ হ’বলৈ কিছুদিন সময় লাগিব৷ আমি সকলোৱে মিলি সিদ্ধান্ত ল’লোঁ যে তেতিয়ালৈকে এই মাটিখিনিত আমাৰ আৰক্ষীসকলে আজৰি সময়ত বিভিন্ন ধৰণৰ সৰু-সুৰা খেতি কৰিব৷ আমাৰ জোৱানসকলে প্ৰথমতে সৰিয়হৰ খেতি কৰে৷ তাৰ পাছত বিভিন্ন শাক-পাচলি আৰু বডি .বজাৰত ধানৰ খেতি কৰে৷ এক বৃহৎ পদক্ষেপ নহঁলেও মই কম যে আৰক্ষীৰ দৰে বিভাগ এটাৰ বাবে এয়া এক ইতিবাচক সফলতা৷

যোৱাবাৰ খেতিত তেওঁলোকে প্ৰায় ৯ কুইণ্টল সৰিয়হ উৎপাদন কৰে লগতে ৫ কুইণ্টল ২৮ কেজি মাকৈ আৰু ৪ কুইণ্টল ৫৬ কেজি ধান উৎপাদন কৰে৷ এই সম্পূৰ্ণ ব্যৱস্থাটো স্বেচ্ছামূলকভাৱে নিৰীক্ষণ কৰি থকা মৰিগাঁও আৰক্ষীৰ এগৰাকী সহকাৰী সহ: পৰিদৰ্শক ভাৰত চন্দ্ৰ দাসে কয়, “আমি উৎপাদিত সৰিয়হ, মাকৈ আৰু ধান বিক্ৰী কৰি মুঠ ১,২৫,০৫৮ টকা লাভ কৰোঁ৷ এই ধন আমি আৰক্ষী গোট পুঁজিত জমা দিওঁ৷ উৎপাদিত শাক-পাচলিসমূহ আমি আৰক্ষী বেৰেক, ছাউনী আৰু জিলা বিষয়াসকলৰ মাজত বিলাই দিওঁ৷” তেওঁ লগতে কয়, “আমাৰ জোৱানসকলে আজৰি সময়ত এই খেতিৰ মাজত নিজকে ব্যস্ত ৰাখি যথেষ্ট ভাল পায়৷ ময়ো সময় পালেই খেতি চাবলৈ যাওঁ আৰু খেতিৰ মাজত সঁচাকৈ এক প্ৰশান্তি অনুভৱ কৰোঁ৷”

অপৰ্ণা নটৰাজনে কয়, “আমি ধান, সৰিয়হ, মাকৈ আদি বিক্ৰী কৰি পোৱা ধনৰ কিছু অংশৰ বিনিয়োগ কৰি পাম্প ছেট আৰু কিছুমান সা-সঁজুলি ক্ৰয় কৰি দিওঁ আৰু বড়িবজাৰৰ দ মাটিখিনিত প্ৰায় ৭ কুইণ্টল মাছৰ পোনা মেলি দিছোঁ৷ আৰক্ষীয়ে খেতি কৰাৰ এই ব্যৱস্থাটোৰ বাবে আমাৰ জোৱানসকলৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে৷”

ভাৰত চন্দ্ৰ দাসে কয়, “বড়িবজাৰৰ পুখুৰীত মাছৰ ওজন এতিয়া ১ কেজি পৰ্যন্ত হৈছেগৈ৷ ঔজাৰিত কেইবিঘামান মাটিত শালিধানৰ খেতি কৰা হৈছে৷ লগতে জাতিলাও, জিকা, ভোল, বেঙেনা, বিলাহীৰ খেতি কৰি থকা হৈছে৷ অলপ মাটিত আমি মিঠা প্ৰজাতিৰ এবিধ মাকৈৰ খেতি কৰিছোঁ৷”

এই ব্যৱস্থাটোৰ পৰিচালনাৰ দায়িত্বত থকা মৰিগাঁও আৰক্ষীৰ এগৰাকী কনিষ্টবল আখতাৰ হুছেইনে কয়,“আমাৰ এই কামটোত মৰিগাঁৱৰ কৃষি বিভাগেও যথেষ্ট সহায় কৰিছে৷ কেঁচুসাৰ বনোৱা, খেতিৰ বাবে প্ৰয়োজনীয় দিহা-পৰামৰ্শ আদি তেওঁলোকে প্ৰদান কৰিছে৷ লগতে ঔজাৰিত ছাউনীৰ আশে পাশে বসবাস কৰা বহু পৰিয়ালে প্ৰথম অৱস্থাত আমাক গোবৰ, নাঙল, কোৰ আদি প্ৰদান কৰি যথেষ্ট সহায় কৰিছে৷ আমিও এই উপকাৰৰ বিনিময়ত তেওঁলোকক আমাৰ উৎপাদিত শাক-পাচলি আদি দিছোঁ৷” তেওঁ উৎসাহিত হৈ কয়, “জোনবিল মেলা অনুষ্ঠিত হোৱা জিলাত এই বিনিময় প্ৰথাটো থাকিবই৷”

মৰিগাঁৱৰ এগৰাকী সহকাৰী কৃষি পৰিদৰ্শক দিব্যজ্যোতি হাজৰিকাই কয়, “আৰক্ষী বিভাগে এই কামটো কৰিবলৈ আগবাঢ়ি অহা দেখি ময়ো উৎসাহিত হৈ পৰিছোঁ৷ মই নিজেও মাজে মাজে এই খেতি পৰিভ্ৰমণ কৰি বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়াওঁ৷ অসমৰ প্ৰায় সকলো জিলাতে বিভিন্ন বিভাগৰ নামত আবণ্টিত এনে বহু মাটি এনেয়ে পৰি আছে৷ পৰিকল্পিত ৰূপত স্বেচ্ছামূলকভাৱে সকলোৱে এনে পদক্ষেপ হাতত ল’ব পাৰে বুলি মই ভাবোঁ৷”

প্ৰায় জৈৱিক প্ৰক্ৰিয়াৰে আৰক্ষীয়ে কৰা এই খেতি মৰিগাঁৱত চৰ্চাৰ বিষয় হৈ পৰিছে৷ এনে ধৰণৰ প্ৰচেষ্টাই অৱশ্যেই এক ইতিবাচক বাৰ্তা দিবলৈ সক্ষম হৈছে৷

ShareTweetShare

Related Posts

Ganga Vilas docks on Assam’s shore
বিশেষ বাৰ্তা

গংগা বিলাস : বগীবিলত যাত্ৰা সম্পূৰ্ণ কৰিলে বিশ্বৰ দীৰ্ঘতম নদী জাহাজে

March 3, 2023
576
Assam’s Bihu shot at Guinness
বিশেষ বাৰ্তা

বিহুটিক গীনিজ বুকৰ পৃষ্ঠাত খোদিত কৰাৰ লক্ষ্য

March 2, 2023
997
‘These two days are special’
বিধায়কৰ বাৰ্তা

মাতৃ-পিতৃ বন্দনা : দুটা বিশেষ দিন

March 2, 2023
688
Vety Dept to be revamped : CM
বিশেষ বাৰ্তা

পুনৰুজ্জীৱিত কৰা হ’ব পশু চিকিৎসা বিভাগক : মুখ্যমন্ত্ৰী

March 2, 2023
675
Yunus opens BTR Knowledge Fest
বিশেষ বাৰ্তা

বড়োলেণ্ডত আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ শুভাৰম্ভণি

March 2, 2023
793
Over 41 lakh evaluated in Gunotsav 2023
বিশেষ বাৰ্তা

গুণোৎসৱ ২০২৩ৰ সফল সমাপ্তি

March 2, 2023
721
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
  • Archive
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In