অসম চৰকাৰে ৪৯টা নতুন বিধান সভা সমষ্টিত নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায় শেহতীয়াকৈ আৰম্ভ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বিতৰণ কাৰ্যসূচীৰ উদ্বোধন কৰি এখন শক্তিশালী সমাজ গঢ়াৰ বাবে প্ৰতিশ্ৰুতি দিয়ে।
“মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৪৯টা নতুন বিধান সভা সমষ্টিত নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ শুভাৰম্ভণি কৰে৷ লক্ষ্য অন্ত্যোদয়, পণ অন্ত্যোদয় আৰু পথ অন্ত্যোদয়ৰ মহামন্ত্ৰৰে আগুৱাই ৰাজ্যৰ প্ৰতিগৰাকী দৰিদ্ৰ, পিছপৰা, দুৰ্বল জনগণ আৰু কৃষক-শ্ৰমিকক আত্মমৰ্যাদাৰে জীয়াই থকাৰ পৰিৱেশ নিৰ্মাণৰ মহান কৰ্মযজ্ঞত চৰকাৰ নিয়োজিত হোৱাটো আছিল ইয়াৰ এক গুৰুত্বপূৰ্ণ অংশ,” মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ফে’চবুক পেজত এই কথা প্ৰকাশ কৰা হয়।
ডিচেম্বৰ মাহৰ ভিতৰতে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহৰ প্ৰতিগৰাকী সদস্যই ৫ কেজিকৈ বিনামূলীয়া চাউল লাভ কৰিব।
দেশৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ খাদ্য সুৰক্ষা নিশ্চিতকৰণ তথা এক পৰিপুষ্ট সমাজৰ দিশে চৰকাৰৰ এই অবিৰত যাত্ৰাত সকলোৰে সহায়-সহযোগিতাই চৰকাৰক সদায় অনুপ্ৰাণিত আৰু উৎসাহিত কৰি যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে।