• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Saturday, September 30, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • July 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • April 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • March 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • July 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • April 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • March 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home দৃষ্টিভংগী

নতুন শিক্ষা নীতি আৰু অসম

অধ্যাপক ননী গোপাল মহন্ত

July 2, 2023
in অসমীয়া, দৃষ্টিভংগী
0
0
নতুন শিক্ষা নীতি আৰু অসম

অসমৰ উচ্চ শিক্ষা খণ্ডত এক বৈপ্লৱিক আৰু পৰিৱৰ্তনশীল সংস্কাৰ সাধনৰ উদ্দেশ্যে অসম চৰকাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত চলিত বৰ্ষৰ জুনৰ প্ৰথম সপ্তাহত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত ৰাষ্ট্ৰীয় শিক্ষা নীতি(এনইপি), ২০২০ৰ আদৰ্শ পৰিকাঠামোৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে৷ একবিংশ শতিকাৰ অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ বৰ্ধিত চাহিদাৰ সৈতে খাপ খাব পৰাকৈ শিক্ষা ব্যৱস্থাৰ লক্ষ্য, প্ৰতিষ্ঠানগত গাঁথনি, পাঠ্যক্ৰম, শিক্ষাদানৰ কৌশল, গৱেষণা আৰু মূল্যায়ন পদ্ধতিসমূহৰ পুনৰ বিবেচনা আৰু পুনৰ্নিৰ্মাণ প্ৰয়োজনীয় আছিল৷ এই পদক্ষেপে এক জ্ঞাননিৰ্ভৰ প্ৰযুক্তিচালিত সমাজ গঠনৰ হকে দেশৰ শৈক্ষিক আকাংক্ষাক প্ৰতিফলিত কৰিব৷

এনইপি-য়ে ভাৰতৰ ‘সমৃদ্ধ, বৈচিত্ৰ্যময়, প্ৰাচীন আৰু আধুনিক সংস্কৃতি তথা জ্ঞান আহৰণ প্ৰণালী আৰু পৰম্পৰা’ৰ শিপা আৰু ভাৰতীয় হোৱাৰ¸ গৌৰৱক ধৰি ৰখাৰ এক পৰিৱেশ গঢ়ি তুলিবলৈ বিচাৰিছে৷ সেয়ে মোৰ অভিমত যে শংকৰাচাৰ্যৰ চাৰিটা মতাদৰ্শৰ জৰিয়তে অসমৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহত শিক্ষাৰ্থীসকলক শিক্ষাদান কৰা উচিত৷ এই চাৰিটা আদৰ্শ হৈছে-শ্ৰৱণম্‌ (অত্যন্ত মনোযোগেৰে শুনা), স্বাধ্যায়্ (সম্পূৰ্ণ মনোযোগেৰে স্ব-অধ্যয়ন), মননম্‌ (স্ব-অধ্যয়ন বা শিক্ষক-শিক্ষয়িত্ৰীৰ পৰা শুনা কথাবোৰ মনত পেলোৱা বা পুনৰ অধ্যয়ন কৰা) আৰু নিধিধ্যাসন (চিন্তা আৰু আত্মানুসন্ধানৰ সহায়ত লাভ কৰা জ্ঞানৰ গভীৰতালৈ যোৱা)৷

অসমত এনইপি, ২০২০ৰ ৰূপায়ণ প্ৰক্ৰিয়াৰ অংশস্বৰূপে ৰাজ্যৰ সকলো উচ্ছ শিক্ষা প্ৰতিষ্ঠানত একেটা ফলপ্ৰসূ আৰু মসৃণ পৰিকাঠামো সুনিশ্চিত কৰাৰ উদ্দেশ্যে চৰকাৰে বিশেষ তৎপৰতাৰে কাম কৰি আছে৷ এই প্ৰচেষ্টাৰ অংশ হিচাপে উচ্চ শিক্ষা সঞ্চালকালয়ত এনইপি ৰূপায়ণ কোষ স্থাপন কৰা হৈছিল আৰু উচ্চ শিক্ষা বিভাগৰদ্বাৰা এখন নিৰীক্ষণ সমিতিও গঠন কৰা হৈছিল৷

লগতে, শিক্ষা বিভাগে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদৰ (এনএএচি) স্বীকৃতি আৰু প্ৰতিষ্ঠানসমূহৰ উন্নত মান অক্ষুণ্ণ ৰখাৰ বাবে এক ৰাজ্যিক-স্তৰৰ মান নিশ্চিতকৰণ কোষ গঠন কৰিছে৷ ইনফ’চিছ-স্প্ৰিংবৰ্ড আৰু স্বয়ম-ৰপৰা বিস্তৃত মুক্ত অনলাইন পাঠ্যক্ৰমসমূহ চিনাক্ত কৰিবলৈ এখন সমিতি গঠন কৰা হৈছিল৷ বিভিন্ন কৰ্মশালা আৰু ক্লাষ্টাৰ পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰি অনুষদৰ সদস্য আৰু প্ৰতিষ্ঠানসমূহক এনইপিৰ বাবে প্ৰস্তুত কৰি তোলা হৈছিল৷

ৰাজ্যৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক ফলপ্ৰসূৰূপত উমৈহতীয়া পৰিকাঠামোত উপনীত হোৱাৰ বাবে এখন মঞ্চ প্ৰদান কৰাৰ ক্ষেত্ৰত শিক্ষা বিভাগে এক সমন্বয়কৰ ভূমিকা পালন কৰিছে৷ সকলোকে সামৰি উন্নত মানৰ শিক্ষাপ্ৰদানৰ প্ৰতি দৃষ্টি ৰাখি গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হ’বলৈ বিভিন্ন স্তৰত একাধিক অংশীদাৰৰ দৃষ্টিভংগী গ্ৰহণ আৰু অন্তৰ্ভুক্তিকৰণ আছিল এই প্ৰচেষ্টাৰ অন্যতম আকৰ্ষণীয় দিশ৷ এই পৰিৱৰ্তনক গুণগত মান সমৃদ্ধ, সৰ্বাংগীণ আৰু গণতান্ত্ৰিক আখ্যা দিয়াৰ লগতে উচ্চ শিক্ষাৰ প্ৰসাৰৰ দিশত এক দৃষ্টান্তমূলক পৰিৱৰ্তন হিচাপে গ্ৰহণ কৰিব পাৰি৷

এনইপি ৰূপায়ণৰ উদ্দেশ্যে ৰাজ্যৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহে একেধৰণে আগবাঢ়ি যাবলৈ সমন্বিত প্ৰচেষ্টা চলাইছিল৷ তেওঁলোকৰ এই সমন্বিত আৰু সমৰ্পিত প্ৰচেষ্টাই অসমত এনইপিৰ ৰূপায়ণ সম্ভৱপৰ কৰি তুলিলে৷

‘কি কৰিব লাগে’ চিন্তাৰপৰা ‘কেনেকৈ কৰিব লাগে’ সিদ্ধান্তত উপনীত হোৱাৰ যাত্ৰাত সহযাত্ৰী হোৱা সকলোৰে বাবে ই এক কষ্টকৰ দায়িত্ব আছিল৷ সকলোৰে আন্তৰিক প্ৰচেষ্টাই অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনক উন্নত, উজ্জ্বল আৰু সম্ভাৱনাপূৰ্ণ লক্ষ্যৰ দিশে আগুৱাই নিছে৷

অসম চৰকাৰে ৰাজ্যিক বিশ্ববিদ্যালয়, বিশ্ববিদ্যালয়ৰ সম পৰ্যায়ৰ আৰু স্বায়ত্তশাসিত মহাবিদ্যালয়সমূহত ২০২৩-২৪ শিক্ষাবৰ্ষৰপৰা কাৰ্যকৰী হোৱাকৈ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ বাবে এনইপি, ২০২০ৰ ৰূপায়ণ আৰম্ভ কৰিছে৷ স্নাতক, স্নাতকোত্তৰ আৰু পিএইছডি পাঠ্যক্ৰম আগবঢ়োৱা বহুমুখী উচ্চ শিক্ষা প্ৰতিষ্ঠান হোৱাৰ বাবে ৰাজ্যখনৰ বিশ্ববিদ্যালয়সমূহে পৰৱৰ্তী শৈক্ষিক অধিৱেশনত চাৰি বছৰীয়া স্নাতক কাৰ্যসূচী প্ৰৱৰ্তন কৰি এই দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব৷ শিক্ষা নীতিৰ সামগ্ৰিক ৰূপায়ণৰ বাবে বিশ্ববিদ্যালয়সমূহক অনুমোদিত মহাবিদ্যালয়সমূহৰ মাজত সমন্বয় সাধনৰ দায়িত্ব প্ৰদান কৰা হৈছে৷ প্ৰতিখন উচ্চ শিক্ষা প্ৰতিষ্ঠানে উন্নত পাঠ্যক্ৰম প্ৰস্তুত কৰাৰপৰা শ্ৰেণীকোঠাৰ গতিবিধি আৰু সক্ষমতা বৃদ্ধিলৈকে বিভিন্ন শৈক্ষিক পৰিকল্পনাবোৰ তেওঁলোকৰ প্ৰতিষ্ঠানগত উন্নয়ন আঁচনি (আইডিপি)ত অন্তৰ্ভুক্ত কৰিব৷

এনইপি, ২০২০ত ভাৰতত উচ্চ শিক্ষাৰ মান উন্নত কৰাৰ উদ্দেশ্যে কেইবাটাও মুখ্য বৈশিষ্ট্য সন্নিৱিষ্ট কৰা হৈছে –

সকলো শিক্ষানুষ্ঠানৰ সমতা : বিশ্ববিদ্যালয় আৰু অন্যান্য স্বায়ত্তশাসিত শিক্ষা প্ৰতিষ্ঠানসমূহক স্নাতক পাঠ্যক্ৰম, ২০২২-ৰ বাবে ইউজিচি পাঠ্যক্ৰম আৰু ক্ৰেডিট ফ্ৰেমৱৰ্ক অনুসৰণ কৰি তেওঁলোকৰ পাঠ্যক্ৰম প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰা হৈছে৷ ই ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত সমতা অটুট ৰখাত সহায় কৰিব, যাৰ ফলত শিক্ষাৰ্থীসকলৰ বাবে ক্ৰেডিট স্থানান্তৰ আৰু প্ৰাতিষ্ঠানিক স্থানান্তৰ সহজসাধ্য হ’ব৷

ফলাফল-আধাৰিত শিক্ষণ : যিকোনো পাঠ্যক্ৰমত শিক্ষাসূচীৰ সুফল স্পষ্টভাৱে নিৰ্ধাৰণ কৰিব পৰাকৈ বিশ্ববিদ্যালয়সমূহে ফলাফল-আধাৰিত শিক্ষণ পদ্ধতি ৰূপায়ণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে৷ শিক্ষাৰ্থীসকলে কৰ্মক্ষেত্ৰত সফল হ’ব পৰাকৈ প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞান অৰ্জন কৰিছেনে নাই তাক নিশ্চিত কৰাত ই সহায় কৰিব৷

অনুমোদিত মহাবিদ্যালয়সমূহৰ নিৰীক্ষণ : অনুমোদন প্ৰদান কৰা অসমৰ বিশ্ববিদ্যালয়সমূহে নিজৰ অনুমোদিত মহাবিদ্যালয়সমূহৰ নিৰীক্ষণৰ বাবে দায়বদ্ধ হ’ব৷ এই ব্যৱস্থাই মহাবিদ্যালয়সমূহৰ সক্ষমতা বৃদ্ধিৰ লগতে শৈক্ষিক পাঠ্যক্ৰম, শিক্ষাদান প্ৰণালী আৰু মূল্যায়নৰ ন্যূনতম মান পূৰণ কৰিব৷ এই ব্যৱস্থাই মহাবিদ্যালয়সমূহত শিক্ষাৰ মান উন্নত কৰাত সহায় কৰিব৷

গৱেষণাৰ বাবে উদগনি : সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠান, বিশেষকৈ মহাবিদ্যালয়ৰ শিক্ষকসকলক গৱেষণাত নিয়োজিত হ’বলৈ উৎসাহিত কৰা আৰু গৱেষণাৰ তত্ত্বাৱধায়ক হিচাপে স্বীকৃতি প্ৰদান কৰাৰ ব্যৱস্থা হৈছে গুৰুত্বপূৰ্ণ৷ এনে স্বীকৃতি প্ৰদান কৰিবলৈ বিশ্ববিদ্যালয়সমূহে যাৱতীয় নীতি-নিৰ্দেশনাৰ সৈতে এক ৰোডমেপ প্ৰস্তুত কৰিব৷ গৱেষণা আৰু উদ্ভাৱনক উৎসাহিত কৰাৰ দিশতো ই সহায় কৰিব৷

ভাৰতত উচ্চ শিক্ষাৰ মান উন্নত কৰাৰ বাবে এনইপি, ২০২০ৰ অন্তৰ্ভুক্ত বহু বিশেষত্বৰ অন্যতম হৈছে উল্লিখিত বিশেষত্বসমূহ৷ সামগ্ৰিকভাৱে, বিশেষকৈ অসমৰ ক্ষেত্ৰত এই বৈশিষ্ট্যসমূহে শিক্ষাৰ্থীসকলৰ জীৱনৰ লগতে দেশৰ ভৱিষ্যতলৈ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কঢ়িয়াই অনাৰ যথেষ্ট সম্ভাৱনা আছে৷

 (লেখক অসম চৰকাৰৰ শিক্ষা উপদেষ্টা)

ShareTweetShare

Related Posts

সু-প্ৰশাসনৰ সুদৃঢ় ভেটি
সম্পাদকীয়

সু-প্ৰশাসনৰ সুদৃঢ় ভেটি

September 2, 2023
2
অমৃত বৃক্ষ আন্দোলন – ৰাইজ হ’ব আধাৰ
দৃষ্টিভংগী

অমৃত বৃক্ষ আন্দোলন – ৰাইজ হ’ব আধাৰ

September 2, 2023
6
বি এম আই পৰীক্ষা : লক্ষ্য সুস্থ আৰু সবল অসম আৰক্ষী
অনিৰুদ্ধ অসম

বি এম আই পৰীক্ষা : লক্ষ্য সুস্থ আৰু সবল অসম আৰক্ষী

September 2, 2023
5
সম্ভাৱনাৰে পূৰ্ণ এখন সাঁচিগছৰ বাৰী
অনিৰুদ্ধ অসম

সম্ভাৱনাৰে পূৰ্ণ এখন সাঁচিগছৰ বাৰী

September 2, 2023
8
অসম ষ্টাৰ্টআপ ফেষ্ট-২০২৩ : সৃষ্টিশীলতা আৰু সম্ভাৱনাৰ এখনি মঞ্চ
অনিৰুদ্ধ অসম

অসম ষ্টাৰ্টআপ ফেষ্ট-২০২৩ : সৃষ্টিশীলতা আৰু সম্ভাৱনাৰ এখনি মঞ্চ

September 2, 2023
3
উভতি আহিছে পাভৰ সেউজীয়া ৰূপ
অনিৰুদ্ধ অসম

উভতি আহিছে পাভৰ সেউজীয়া ৰূপ

September 2, 2023
1
Load More

By Categories

  • Anniversary Special
  • Assam Budget Special
  • Assam on the Move
  • Border Vibes
  • Centre Connects
  • Changemaker
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • Miscellaneous
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Article
  • Special Feature
  • Wind of change
  • असम प्रगति के पथ पर
  • असम बजट विशेष
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • परिवर्तक
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वर्षगांठ विशेषांक
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • विशेष लेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসম বাজেট বিশেষ
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বৰ্ষপূৰণ বিশেষ
  • বাটকটীয়া
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ নিবন্ধ
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Important Links

  • G20
  • National Portal of India
  • Assam State Portal
  • North Eastern Council
  • Aspire Portal

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022-2023 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • July 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • April 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • March 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022-2023 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In