যোৱা ১৪ ৰ পৰা ২৭ নৱেম্বৰলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হয় ৪৩সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা (আইআইটিএফ)। ভাৰত বাণিজ্য প্ৰসাৰ সংস্থাই ((ইণ্ডিয়া ট্ৰেড প্ৰমোচন অৰ্গেনাইজেশ্যন) আয়োজন কৰা আইআইটিএফত অসম পেভিলিয়নে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাৰ লগতে দৰ্শনাৰ্থী, উদ্যোগী আৰু প্ৰতিনিধিৰ দলসমূহক যথেষ্ট আকৰ্ষিত কৰিবলৈ সক্ষম হয়।
উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব তথা অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালক পি উদয় প্ৰবীণে আইআইটিএফ ২০২৪ত অসম পেভিলিয়নৰ উদ্বোধন কৰে।
এই বছৰৰ ‘Viksit Bharat@2047’ শীৰ্ষক অনুষ্ঠানটোত ‘Viksit Assam@2047’ৰ (বিকশিত অসম) দৃষ্টিভংগীৰ প্ৰদৰ্শনৰ বাবে এক আদৰ্শ মঞ্চ প্ৰদান কৰে। অনুষ্ঠানটোত ৰাজ্যখনত শক্তিশালী ঔদ্যোগিক উন্নয়ন অগ্ৰগামী কৰি তোলাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ আৰু পৰিৱৰ্তনশীল নীতি সম্পৰ্কে প্ৰদান কৰা গুৰুত্বক প্ৰতিফলিত কৰবলৈ চেষ্টা কৰা হৈছিল।
অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগে স্থাপন কৰা অসম পেভিলিয়নত হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ লগতে পানী মেটেকা, চাহ, কাঁহশিল্প বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা ৩৭খন বিপণী আছিল। অসম পৰ্যটন, অসম ঔদ্যোগিক উন্নয়ন নিগম, নেডফি, চাহ সঞ্চালকালয়, গুৱাহাটী চাহ নিলাম কেন্দ্ৰ, তথ্য আৰু জনসংযোগ সঞ্চালকালয় আৰু অসম চৰকাৰী বিপণন নিগম লিমিটেডৰ দৰে ৰাজ্য চৰকাৰৰ প্ৰায় সাতটা বিভাগ আৰু প্ৰতিষ্ঠানেও অনুষ্ঠানত অংশগ্ৰহণ কৰে।
বেত আৰু বাঁহ, হস্ততাঁত আৰু হস্তশিল্প, টেৰাক’টা, কাঠশিল্প, কাঁহশিল্প, খাদ্য প্ৰক্ৰিয়াকৰণ সামগ্ৰী আৰু চাহ প্ৰদৰ্শন কৰা বিপণীসমূহে অসমৰ উদ্যমী লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডক প্ৰতিফলিত কৰে। ৰাজ্যখনৰ এক জিলা এক সামগ্ৰী (অ’ডিঅ’পি) আৰু উদীয়মান ষ্টাৰ্ট আপসমূহেও মেলাখনত অংশগ্ৰহণ কৰে।
অসম পেভিলিয়নৰ অন্যতম আকৰ্ষণ আছিল অগৰৰ বিপণী আৰু ইয়াৰ পৰা উৎপাদিত সুগন্ধি। অসমৰ প্ৰথম অগৰৰ অনুজ্ঞাপ্ৰাপ্ত নিৰ্মাণ-তথা-খুচুৰা গোট এমজেআই পাৰফিউমৰ বিপণী আছিল উল্লেখযোগ্য। অসম অগৰকাঠ প্ৰচাৰ নীতি ২০২০ৰ অধীনত ৰাজ্য চৰকাৰে অগৰ খেতি আৰু ইয়াৰ সৈতে জড়িত উদ্যোগসমূহক সুগন্ধিৰ লগতে ঔষধত ব্যৱহৃত গুৰুত্বপূৰ্ণ ৰাসায়নিক উপাদান আদি প্ৰস্তুতৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে।
অসম পেভিলিয়নে উৎপাদন, প্ৰযুক্তি, পৰ্যটন আৰু আন্তঃগাঁথনি খণ্ডৰ লগতে বিভিন্ন ক্ষেত্ৰত ৰাজ্যৰ অগ্ৰগতিক প্ৰতিফলিত কৰে। অসম আজি পূব ভাৰতৰ এক মুখ্য অৰ্থনৈতিক কেন্দ্ৰলৈ ৰূপান্তৰিত হোৱাৰ প্ৰতিফলনো ইয়াত দেখা পোৱা গৈছিল।
সহস্ৰাধিক দৰ্শনাৰ্থীয়ে অসমৰ অভূতপূৰ্ব উন্নয়ন যাত্ৰাৰ সাক্ষী হয়। তেওঁলোকে ভৱিষ্যতৰ কেইবাটাও পদক্ষেপ যেনে উন্নত অৰ্ধপৰিবাহী সুবিধাৰ বিকাশ, ৰাজ্যখনৰ উচ্চ প্ৰযুক্তিগত উৎপাদন, দক্ষ নিযুক্তিৰ সুযোগ আৰু প্ৰযুক্তিগত উন্নয়নক অনুধাৱন কৰিবলৈ সক্ষম হয়।
এই পেভিলিয়নত নৱীকৰণযোগ্য শক্তি খণ্ড, অ’ডিঅ’পিৰ প্ৰচাৰৰ বাবে ইউনিটী মল প্ৰকল্প স্থাপন আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপৰ বিষয়েও আলোকপাত কৰা হয়।
২২ নৱেম্বৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগে আয়োজন কৰা ‘অসমৰ দিন’ অনুষ্ঠানো এক বিশেষ আকৰ্ষণীয় বিষয় আছিল।
অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি উদ্যোগ আৰু বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই কয়, “অসমে উন্নয়নৰ দিশত গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে। ৰাজ্যখনে কেইবা লাখ কোটি টকাৰ বিনিয়োগক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে।” তেওঁ কয় যে জাগীৰোডত ২৭,০০০ কোটি টকাৰ অৰ্ধপৰিবাহী গোট, প্ৰতিষ্ঠিত কোম্পানীসমূহৰ সৈতে ১৩,০০০ কোটি টকাৰ বুজাবুজি চুক্তি, ৭০০ কোটি টকাৰ অধিক গ্ৰীনফিল্ড প্ৰকল্প আদিয়ে এই অগ্ৰগতিক প্ৰতিফলিত কৰিছে।
তেওঁ অসম আৰু সামগ্ৰিকভাৱে উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ দিশত গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে।
সাংসদ দিলীপ শইকীয়ায়ো ৰাজ্যখনক প্ৰদান কৰা গুৰুত্বৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰশংসা কৰে।
অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সচিব ইন্দিৰা কলিতাই আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত উপস্থিত আছিলএআইডিচিৰ পৰিচালন সঞ্চালক মানবেন্দ্ৰ প্ৰতাপ সিং , এআইডিচিৰ উপাধ্যক্ষ নৱদীপ কলিতা আৰু নতুন দিল্লীৰ অসম ভৱনৰ বিশেষ কৰ্তব্যৰত বিষয়া বৈশালী নায়ক।
আইআইটিএফ ২০২৪ ত বিষয়ভিত্তিক প্ৰেজেণ্টেশ্যনত উৎকৃষ্টতাৰ বাবে অসমক তৃতীয় শ্ৰেষ্ঠ হিচাপে বিবেচিত কৰা হয়। পেভিলিয়ন সঞ্চালক দেৱজিৎ ফুকনে ভাৰত বাণিজ্য প্ৰসাৰ সংস্থাৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক প্ৰদীপ সিং খাৰোলাৰ পৰা এই বঁটা লাভ কৰে।