‘এডভাণ্টেজ আছাম ২.০’ৰ উদ্বোধনী অনুষ্ঠানত বিনিয়োগকাৰী, উদ্যোগপতি, তথা অন্যান্য গণ্য-মান্য ব্যক্তিসকলক স্বাগতম জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ ভাষণত অসমৰ উত্তৰণৰ যাত্ৰাৰ বিষয়ে কয়।
এটা সময়ত অসমখন বিদ্ৰোহ আৰু অশান্তিৰে জৰ্জৰিত পৰিৱেশ আছিল বুলি তেখেতে কয় আৰু এতিয়া সেই পৰিৱেশৰ সলনি হোৱা বুলি দৃঢ়তাৰে ব্যক্ত কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসম দেশৰ ভিতৰত অন্যতম শান্তিপূর্ণ ৰাজ্য হিচাপে পৰিগণিত হৈছে বুলিও তেখেতে কয় আৰু এই বৃহৎ সন্মিলনক অসমৰ উদ্যোগ ক্ষেত্ৰৰ বিকাশৰ ইতিহাসত এক গৌৰৱময় পৰিৱৰ্তনৰ সূচনা বুলি অভিহিত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “এডভাণ্টেজ আছাম ২.০-এ সুযোগ আৰু বিকাশৰ নতুন দুৱাৰ খুলিব। মই অসমৰ জনসাধাৰণৰ তৰফৰ পৰা মাননীয় প্রধানমন্ত্রীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।”
অসমৰ চাহ উদ্যোগৰ ২০০ বছৰীয়া ঐতিহ্যৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণ প্ৰসংগত উল্লেখ কৰে। তদুপৰি দেশৰ কয়লা আৰু তেল খণ্ডত অসমে তাহানিৰে পৰা আগবঢ়াই অহা গুৰুত্বপূৰ্ণ অৰিহণাৰ কথাও তেখেতে কয়।
স্বাধীনতাৰ সময়ত অসম চাহ, প্ৰাকৃতিক সম্পদ আৰু হাইড্ৰ’কাৰ্বন খণ্ডৰ ক্ষেত্ৰত অৰ্থনৈতিকভাৱে শক্তিশালী আছিল বুলি তেখেতে উল্লেখ কৰি ৰাজ্যখনৰ জনমূৰি আয় ৰাষ্ট্ৰীয় গড়তকৈ ৪% বেছি আছিল বুলিও সদৰী কৰে।
তেখেতে লগতে কয়, “প্রধানমন্ত্ৰীগৰাকীৰ দূৰদৰ্শী নেতৃত্বত অসম এক ঐতিহাসিক পৰিৱৰ্তনৰ সন্মুখীন হৈছে। তেখেতৰ দায়বদ্ধতাই অসমক উন্নয়নৰ নতুন দিগন্তলৈ লৈ গৈছে। ২০১৪ চনৰপৰা অসমত ২,৩২৪ কিল’মিটাৰতকৈ অধিক ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে, ৬০০ কিল’মিটাৰ মিটাৰ গজ লাইনক ৰূপান্তৰ কৰিছে। তদুপৰি অসম এতিয়া ভাৰতৰ সপ্তম ব্যস্ত বিমানবন্দৰ হিচাপে পৰিগণিত হোৱাত বিমান পৰিবহণত এক আশাৰ ৰূপ দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ জি ডি পি ২০১৩-১৪ বৰ্ষৰ ২৯ বিলিয়ন ডলাৰৰপৰা ২০২৩-২৪ বৰ্ষত ৬৮.৭ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে, যিয়ে ১২.৪ শতাংশ চি এ জি আৰ বৃদ্ধিৰ প্ৰতিফলন ঘটাইছে।”
অসমৰ বিভিন্ন খণ্ডত থকা বিনিয়োগৰ সম্ভাৱনাসমূহ অন্বেষণ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্যোগপতি, বিনিয়োগকাৰী আৰু আন অংশীদাৰসকলক আহ্বান জনায়। “অসম এতিয়া বিনিয়োগকাৰীৰ বাবে এক উৎকৃষ্ট গন্তব্যস্থল হ’বলৈ সাজু হৈছে। তেওঁলোকৰ বিনিয়োগৰ যাত্ৰা লাভজনক হোৱাৰ লগতে সীমাহীন সুযোগ যাতে সৃষ্টি কৰিব পাৰি, সেই দিশটো নিশ্চিতকৰণত গুৰুত্ব দিয়া হৈছে।”
প্ৰায় ৫.১৬ লাখ কোটি টকাৰ বিনিয়োগৰ নিশ্চয়তাৰ সৈতে এডভাণ্টেজ আছাম ২.০-ৰ সামৰণি পৰে। সামৰণী অধিৱেশনত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “এই সন্মিলনখনে অসমক এখন নির্ভৰযোগ্য ৰাজ্যৰপৰা অৱদানকাৰী ৰাজ্যলৈ পৰিৱৰ্তন কৰিবৰ বাবে এক নতুন দিশ উন্মোচন কৰিব, যিয়ে বিকশিত ভাৰতৰ ৰূপান্তৰত অৰ্থপূৰ্ণ অৰিহণা যোগাব পাৰে। ৰাজ্যখনত প্ৰথম কয়লা খনি, তৈলক্ষেত্ৰ আৰু তেল শোধনাগাৰ আৱিষ্কাৰ কৰাৰ গৌৰৱ জড়িত হৈ আছে।”
অসমখনৰ বিভিন্ন প্ৰাপ্তিৰ সৈতে নতুন উন্নয়নৰ দিশলৈ গতি কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। “চলিত বৰ্ষৰপৰা জাগীৰোড অৰ্ধপৰিবাহীয়ে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত যোগান ধৰিব পৰাকৈ ৪৮ মিলিয়ন চিপছ উৎপাদন আৰম্ভ কৰিব। নুমলীগড় শোধনাগাৰ লিমিটেডে বাঁহৰ পৰা বায়’-ইথানল উৎপাদন কৰিব, যাৰ ফলত এই কৃতিত্ব অৰ্জন কৰা প্ৰথমটো শোধনাগাৰ হিচাপে পৰিগণিত হ’ব। গুৱাহাটীক উত্তৰ-গুৱাহাটীৰ সৈতে সংযোগ কৰা ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলঙৰ লগতে এইবাৰ উছৰ্গা কৰা হ’ব লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল। এই সকলোবোৰে অসমৰ বৃদ্ধিৰ গতিপথ সলনি কৰিব।”
“শীৰ্ষ সন্মিলনখনৰ অভূতপূৰ্ব সফলতাই ৰাজ্যখনক ইতিবাচক উন্নয়নলৈ ৰূপান্তৰিত কৰিব। এই সফলতাই ৰাজ্য চৰকাৰক অধিক দায়বদ্ধতাৰে বিকশিত অসমৰ লগতে দেশৰ উন্নয়নৰ হকে কাম কৰিবলৈ অনুপ্ৰেৰণা যোগাইছে,” মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে কয়, “এখন আত্মনিৰ্ভৰ অসমৰ বাবে আত্মসহায়ক গোটসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে ৰাজ্যৰ উন্নয়নৰ যাত্ৰাত এই শক্তিসমূহক লৈ যোৱাৰ বাবে চৰকাৰৰ এটা সু-নিৰ্ধাৰিত পৰিকল্পনা আছে।”