নগাঁৱৰ চলাপথাৰ গাঁৱৰ ৱাহিদা চুলতানা অঞ্চলটিৰ এটি জনপ্ৰিয় নাম। বিয়াৰ পাছত স্বামীৰ গাঁৱত তেওঁ মাছৰ খেতিৰ (মৎস্যপালন) সম্ভাৱনাৰ বিষয়ে আৱিষ্কাৰ কৰে। সাধাৰণতে পুৰুষপ্ৰধান এই ব্যৱসায়ত তেওঁ এক সুকীয়া দৃষ্টিভংগীৰ সৈতে প্ৰৱেশ কৰে। আজি নিজৰ লগতে তেওঁৰ দৰে আন বহুকেইগৰাকীক উপাৰ্জনৰ পথ প্ৰদান কৰিবলৈ সক্ষম হৈছে।
অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয়, “বিয়া হৈ আহি গম পালোঁ যে ইয়াত এটা ডাঙৰ পুখুৰী আছে। মোৰ স্বামী চৰকাৰী চাকৰিয়াল হোৱা বাবে তেওঁৰ হাতত সময়ৰ অভাৱ, কিন্তু মই পুখুৰীটোক লৈ থকা সম্ভাৱনাক আদৰি লওঁ আৰু আজি ইয়াৰ সুফল লাভ কৰিছোঁ।”
শীত আৰু বসন্তৰ মাজৰ ঋতুত (ডিচেম্বৰৰ পৰা এপ্ৰিলৰ) ৱাহিদাই বৃ্হৎ পৰিমাণৰ মাছ বিক্ৰী কৰি সফল মৎস্য খেতিয়ক হিচাপে স্বীকৃতি পাইছে। ৱাহিদাৰ উদ্ভাৱনীমূলক চিন্তাই গাঁৱৰ আন মহিলাসকলকো আকৰ্ষিত কৰিছে।
ৱাহিদাৰ সক্ৰিয় ব্যৱসায়িক দৃষ্টিভংগীক আহিলা কৰি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে প্ৰায় ৪০০০গৰাকী নাৰীক লৈ এটা ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন (চিএলএফ) গঠন কৰে। ২০২১ চনৰ জুলাইত গঠন কৰা এই ধনশিৰি চিএলএফ নামৰ ফেডাৰেশ্যনৰ সভাপতি হয় ৱাহিদা। প্ৰায় ডেৰ বছৰৰ পাছত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে এই চিএলএফটোক মুকুতা (পাৰ্ল) খেতিৰ বাবে নিৰ্বাচিত কৰে।
ৱাহিদাই কয়, “মুকুতা খেতি আমাৰ বাবে এক সম্পূৰ্ণ নতুন ধাৰণা আছিল। আৰম্ভণিতে আমি অলপ দোধোৰ-মোধোৰ অৱস্থাত আছিলোঁ যদিও সঠিক প্ৰশিক্ষণ লাভ কৰাৰ পাছত অনুভৱ হ’ল যে এয়া এক লাভজনক ব্যৱসায়।”
২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ৱাহিদাৰ লগতে চিলাপথাৰ আৰু দাঁতিকাষৰীয়া গাঁৱৰ আন চাৰিগৰাকী মহিলাই প্ৰায় ১.৫ বিঘা মাটিৰ এটা পুখুৰী লীজত লৈ মুকুতা খেতিৰ কাম আৰম্ভ কৰে। প্ৰথম অৱস্থাত তেওঁলোকে প্ৰায় দুই লাখ টকা বিনিয়োগ কৰি পুখুৰীটোত প্ৰায় ৬০০০ মুকুতাৰ শামুক (মুছেলছ) জমা কৰে। কেইমাহমানৰ ভিতৰতে ই মুকুতা উৎপাদন কৰিব। ইয়াৰ লগতে তেওঁলোকে পুখুৰীটোত প্ৰায় কমন কাৰ্প, ৰৌ আদি বিভিন্ন প্ৰজাতিৰ ১.৫ কুইণ্টল মাছৰ পোনাও মেলে। ৱাহিদাই উল্লেখ কৰে যে আন মৎস্য খেতি বা কৃষি কৰ্মৰ তুলনাত কম সময় আৰু কষ্টত মুকুতাৰ খেতিৰ পৰা উৎপাদন কৰিব পৰা যায়।
তেওঁলোকে প্ৰাৰম্ভিক বিনিয়োগৰ প্ৰায় দুগুণ পৰিমাণ ওভতাই পাব বুলি আশা কৰিছে। ২০২৪ বৰ্ষৰ ডিচেম্বৰ আৰু ২০২৫ বৰ্ষৰ মাৰ্চৰ ভিতৰত মুকুতা সংগ্ৰহ কৰিব পৰাৰ সম্ভাৱনা আছে। তেওঁলোকে হস্তনিৰ্মিত মুকুতাৰ অলংকাৰ তৈয়াৰ কৰি সম্পূৰ্ণ ৰাজ্যখনৰ বজাৰ স্পৰ্শ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে।
ৱাহিদা আৰু তেওঁৰ দলটোৱে নগাঁৱৰ ১৩টা খণ্ডৰ শতাধিক মহিলাক এই দিশত উৎসাহিত কৰিছে।
এই ব্যতিক্ৰমী পদক্ষেপে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ লগতে যোৱা লোক কল্যাণ দিৱসত নগাঁও জিলা প্ৰশাসনে এই প্ৰচেষ্টাৰ বাবে কৰ্মশ্ৰী বঁটা লাভ কৰিছে।
বৰ্তমান নগাঁৱৰ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, সেই সময়ৰ ডিআৰচিএছ বিশ্বজিৎ চক্ৰৱৰ্তী আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ ডিপিএম শংখ প্ৰবাল শাণ্ডিল্যক এই পদক্ষেপৰ বাবে কৰ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হয়।
অঞ্চলটোত উপলভ্য সম্পদসমূহৰ ব্যৱহাৰেৰে জনসাধাৰণৰ জীৱিকাৰ ক্ষেত্ৰত বিচিত্ৰতা আনিবলৈ পদক্ষেপ গ্ৰহণ কৰা নৰেন্দ্ৰ কুমাৰ শ্বাহে কয়, “মীন পালন আৰু পুখুৰী ব্যৱস্থাপনাত নগাঁৱৰ লোকসকল দীৰ্ঘদিন ধৰি জড়িত হোৱাৰ বাবে মুকুতা খেতিক এক বহুমুখী কাৰ্যকলাপ হিচাপে প্ৰৱৰ্তন কৰিব পৰা যাব। একেলগে মীন পালন আৰু মুকুতা খেতিৰ জৰিয়তে লাভাম্বিত হ’ব পৰা যাব। অসমৰ জলবায়ু মুকুতা উৎপাদনৰ বাবে উপযুক্ত হোৱাটো এই দিশত এক ইতিবাচক সংযোজন।”
“মুকুতা খেতিৰ বাবে বৃহৎ বিনিয়োগৰ প্ৰয়োজন নাই। একে সময়তে ই কম তত্ত্বাৱধানত অধিক লাভ প্ৰদান কৰে। দ্বিতীয়তে, মুকুতাৰ মুছেলবোৰ কেৱল অতিৰিক্ত ইউৰিয়াৰ প্ৰয়োজনীয়তা হ্ৰাস কৰি প্ৰশমিত পিএইচ মাত্ৰাৰ পানীতহে জীয়াই থাকে,” তেওঁ উল্লেখ কৰে।
“বৰ্তমান ১৩টা খণ্ডৰ ২২টা চিএলএফ মুঠ ৩৩টা পুখুৰীত এই কাৰ্যকলাপত নিয়োজিত হৈ আছে,” তেওঁ এই প্ৰতিৱেদকৰ সৈতে হোৱা বাৰ্তালাপত কয়।
“যোৱা দুটা বছৰত অসম চৰকাৰে ৰাজ্যজুৰি বহুইকেইটা অমৃত সৰোবৰ নিৰ্মাণ কৰিছে। এই পুখুৰীসমূহৰ কিছুমানক মুকুতা খেতিৰ বাবে ব্যৱহাৰ কৰিব পাৰি,” তেওঁ এই প্ৰকল্পটোক অধিক বিকশিত কৰাৰ ধাৰণা সম্পৰ্কে উল্লেখ কৰি কয় যে এই মুকুতাসমূহ দক্ষিণ-পূব এছিয়ালৈ ৰপ্তানি কৰিব পৰাৰ সম্ভাৱনা আছে।
শাণ্ডিল্যই এই প্ৰতিৱেদকক কয় যে তেওঁৰ লক্ষ্য হৈছে জিলাখনত সফলতাৰ কাহিনী গঢ়া এই কৃষকসকল, বিশেষকৈ মহিলাসকলৰ মাজত সজাগতাৰ সৃষ্টি কৰা।