• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Sunday, April 2, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home অনিৰুদ্ধ অসম

ধ্বনিহীন ভাষাৰে সফলতাৰ জয়গান গোৱা যুঁজাৰুসকল

AB Bureau by AB Bureau
March 2, 2023
in অনিৰুদ্ধ অসম, অসমীয়া
0
0
When sign speaks thousand words

ব্ৰাজিলত অনুষ্ঠিত বধিৰ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

অনুপম, মাধুৰ্য, অভিনন্দন, বীথিকা– এওঁলোক আটাইকেইগৰাকীয়ে বিভিন্ন দিশত থকা নিজৰ দক্ষতাৰ জৰিয়তে তেওঁলোকৰ শিক্ষানুষ্ঠানখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ তেওঁলোক হ’ল গুৱাহাটীৰ বিৰুবাৰীস্থিত উত্তৰ-পূৰ্বাঞ্চল বধিৰ মহাবিদ্যালয়ৰ একোগৰাকী শিক্ষাৰ্থী৷ এইসকল ছাত্ৰ-ছাত্ৰীয়ে পুনৰবাৰ প্ৰমাণ কৰি দেখুৱাইছে যে সফলতাৰ বাটত শাৰীৰিক প্ৰতিবন্ধকতা কেতিয়াও বাধাৰ প্ৰাচীৰ হ’ব নোৱাৰে৷ প্ৰবল ইচ্ছাশক্তি, গভীৰ একাগ্ৰতা আৰু অধ্যৱসায়ে জীৱনত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ মানুহক অনুপ্ৰেৰণা যোগায়৷

অনুপম গোহাঁই আৰু মাধুৰ্য বৰগোহাঁয়ে ইউৰোপত অনুষ্ঠিত বধিৰ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল৷ উল্লেখ্য যে এই প্ৰতিযোগিতাত ভাৰতীয় দলটোৱে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিল৷ শেহতীয়াকৈ অভিনন্দন গোস্বামীয়ে ব্ৰাজিলত অনুষ্ঠিত বধিৰ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল৷ তেওঁ লক্ষ্মৌত অনুষ্ঠিত যোগ্যতা নিৰ্ণায়ক প্ৰতিযোগিতাত স্বৰ্ণপদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল৷ অভিনন্দন হ’ল টাইকোৱাণ্ডোৰ ব্লেক বেল্ট লাভ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মূকবধিৰ ছাত্ৰ৷

মহাবিদ্যালয়খনৰ আন এগৰাকী ছাত্ৰী বীথিকা গোস্বামীয়ে সৰ্বভাৰতীয় পৰ্যায়ত আয়োজিত বিভিন্ন অনুষ্ঠানত মূকাভিনয়, নাটক আৰু নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিভিন্ন পুৰস্কাৰ লাভ কৰিছে৷ তদুপৰি বীথিকাই সুন্দৰ চিত্ৰও অংকন কৰে৷

অসম বধিৰ সন্থাৰ উদ্যোগত ২০০৯ চনত স্থাপিত উত্তৰ-পূৰ্বাঞ্চল বধিৰ মহাবিদ্যালয়ত বৰ্তমান শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে৷ শিক্ষানুষ্ঠানখনত ৬গৰাকী স্থায়ী শিক্ষক আৰু ৩গৰাকী দোভাষীৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সময়ে সময়ে অহা অতিথি শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকলক পাঠদান কৰোৱা হয়৷ মহাবিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে সৰ্বভাৰতীয় পৰ্যায়ত ক্ৰীড়া আৰু সাংস্কৃতিক দুয়োটা ক্ষেত্ৰতে উজলি উঠিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে মহাবিদ্যালয়খনৰ এগৰাকী প্ৰাক্তন ছাত্ৰী এঞ্জেলা লাহনে মিছ ডেফ ইণ্ডিয়া-২০১৬ খিতাপ অৰ্জন কৰিছিল৷ তেওঁ বৰ্তমান শিক্ষানুষ্ঠানখনত কম্পিউটাৰ অপাৰেটৰ হিচাপে কৰ্মৰত৷

শিক্ষানুষ্ঠানখনৰ ইংৰাজী বিভাগৰ শিক্ষয়িত্ৰী বন্দিতা দত্তই অসম বাৰ্তাক কয়, “বধিৰসকলৰ বাবে সাংকেতিক ভাষাই যিহেতু মাতৃভাষাস্বৰূপ সেয়েহে অইন ব্যক্তিৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সাংকেতিক ভাষা প্ৰয়োগ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ সম্পূৰ্ণ অধিকাৰ আছে৷ সমাজৰ সকলো শ্ৰেণীৰ লোকেই কিছু পৰিমাণে হ’লেও সাংকেতিক ভাষা জনাটো প্ৰয়োজন৷ কিন্তু, দুৰ্ভাগ্যজনকভাৱে অসমত এতিয়ালৈকে সাংকেতিক ভাষাৰ কোনো প্ৰশিক্ষণ কেন্দ্ৰ  নাই৷ ইচ্ছুক ব্যক্তিসকলে ৰাজ্যৰ বাহিৰলৈ গৈ প্ৰশিক্ষণ ল’বলগীয়া হয়৷ সেয়েহে অসমত সাংকেতিক ভাষাৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিবলৈ আমাৰ মহাবিদ্যালয় তথা অসম বধিৰ সন্থাৰ তৰফৰ পৰা আমি চৰকাৰক আহ্বান জনাইছোঁ৷”

অসম বধিৰ সন্থাৰ সদস্য তথা মহাবিদ্যালয়খনৰ এগৰাকী দোভাষী অংকুৰ শৰ্মাই কয়, “কেতিয়াবা বধিৰ লোক এজনে অইন এজন ব্যক্তিৰ সৈতে সংযোগ স্থাপন কৰাৰ ক্ষেত্ৰত কিছুমান ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ ফলত তেওঁৰ কামটো সমাধা হৈ নুঠে৷ সাংকেতিক ভাষাৰ বিষয়ে ৰাইজ সজাগ নোহোৱাৰ ফলত সমাজৰ অবধিৰ লোকসকলে কেতিয়াবা তেওঁলোকক ইতিকিং কৰাও দেখা যায়৷ সেয়েহে অসম বধিৰ সন্থাৰ উদ্যোগত সাংকেতিক দিৱস সপ্তাহ উদযাপনৰ জৰিয়তে সকলো অবধিৰ ব্যক্তিৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়৷”

অসম বধিৰ সন্থাৰ সম্পাদক তথা অল ইণ্ডিয়া ফেডাৰেশ্যন অৱ দ্য ডেফৰ সভাপতি তপন কুমাৰ শৰ্মাই ১৯৯৫ চনত প্ৰতিবন্ধী সংগ্ৰাম পৰিষদ গঠন কৰিছিল৷ “চৰকাৰৰ তৰফৰ পৰা আমি সহায়-সহযোগিতা লাভ কৰিছোঁ যদিও শিক্ষাৰ্থীসকলৰ বাবে এক সুৰক্ষিত ভৱিষ্যৎ গঢ়ি তোলাৰ বাবে এতিয়াও কিছু সহায়ৰ প্ৰয়োজন আছে৷ অসম বধিৰ সন্থাৰ প্ৰচেষ্টাত সীমিত ভূমিতেই শিক্ষানুষ্ঠানখন স্থাপন কৰাৰ ফলত শিক্ষাৰ্থীসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে৷ ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰত তেওঁলোকে সুনাম কঢ়িয়াই আনিছে যদিও তেওঁলোকক প্ৰয়োজনীয় সা-সুবিধা বা প্ৰশিক্ষণ প্ৰদান কৰিব পৰা হোৱা নাই৷ এইক্ষেত্ৰত ৰাজ্য চৰকাৰে কিছু বিহিত ব্যৱস্থা গ্ৰহণ কৰিলে বহুতো ছাত্ৰ-ছাত্ৰীয়ে নিশ্চিতভাৱে বিশ্ব দৰবাৰত অসমৰ নাম উজলাই তুলিবলৈ সক্ষম হ’ব,” তপন কুমাৰ শৰ্মাই কয়৷ (তেওঁৰ ভাষ্যখিনি ইণ্টাৰপ্ৰেটৰ অংকুৰ শৰ্মাই অসম বাৰ্তাক বৰ্ণনা কৰিছে)

২০২৩ বৰ্ষৰ ১৫ মে’ৰ পৰা গুৱাহাটীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত সাতদিনীয়া কাৰ্যসূচীৰে অষ্টম ‘অল ইণ্ডিয়া কনফাৰেন্স অৱ দ্য ডেফ’ (সৰ্বভাৰতীয় বধিৰ সন্মিলন) এইবাৰ অসমত আয়োজন কৰা হৈছে৷ এই অনুষ্ঠানত তেওঁলোকে নিজ নিজ প্ৰতিভা প্ৰদৰ্শন কৰাৰ বাবে এক উপযুক্ত মঞ্চ লাভ কৰাৰ উপৰি অবধিৰ লোকসকলে তেওঁলোকৰ সৈতে কেনেদৰে সংযোগ স্থাপন কৰিব পাৰে সেই বিষয়েও এক সম্যক জ্ঞান লাভ কৰিবলৈ সক্ষম হ’ব৷

অংকুৰ শৰ্মাই কয়, “আমাৰ মহাবিদ্যালয়ৰ বহুতো প্ৰাক্তন শিক্ষাৰ্থীয়ে বিভিন্ন চৰকাৰী বিভাগত নিযুক্তি লাভ কৰিছে৷ ভৱিষ্যতেও যাতে তেওঁলোকৰ বাবে সংৰক্ষিত আসনসমূহত কেৱল যোগ্য প্ৰাৰ্থীয়েহে নিযুক্তি লাভ কৰে তাৰবাবে চৰকাৰ তথা প্ৰশাসনে কিছু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে তেওঁলোক আৰু অধিক উপকৃত হ’ব৷”

সমগ্ৰ শিক্ষা অসমেও ২০১৯-২০ বৰ্ষৰ পৰা ২৩ ছেপ্টেম্বৰৰ দিনটো আন্তঃৰাষ্ট্ৰীয় সাংকেতিক ভাষা দিৱস হিচাপে পালন কৰাৰ লগতে ইয়াৰ প্ৰসাৰৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে৷ তদুপৰি, জনসাধাৰণ, নীতি নিৰ্ধাৰক, অভিভাৱক আৰু বিদ্যালয়ত অধ্যয়নৰত শিশুসকলক সাংকেতিক ভাষা শিকিবলৈ উৎসাহিত কৰাৰ বাবে সমগ্ৰ শিক্ষা অসমে ‘NISHABD’ নামৰ এটা ফে’চবুক পেজ মুকলি কৰিছে৷

ShareTweetShare

Related Posts

এখন সৰ্বাংগসুন্দৰ বাজেট

এখন সৰ্বাংগসুন্দৰ বাজেট

April 1, 2023
0
ৰূপান্তৰৰ নৱ উন্মেষেৰে ‘উজ্জীৱিত অসম’ৰ বাজেট
অসম বাজেট বিশেষ

ৰূপান্তৰৰ নৱ উন্মেষেৰে ‘উজ্জীৱিত অসম’ৰ বাজেট

April 1, 2023
0
বাজেটত সম-উন্নয়নৰ প্ৰত্যাশা
সম্পাদকীয়

বাজেটত সম-উন্নয়নৰ প্ৰত্যাশা

April 1, 2023
0
ৰাজ্যপাল, মুখ্যমন্ত্ৰী, অসম মন্ত্ৰীসভাৰ ৰাষ্ট্ৰীয় স্মাৰক পৰিভ্ৰমণ
বিশেষ বাৰ্তা

ৰাজ্যপাল, মুখ্যমন্ত্ৰী, অসম মন্ত্ৰীসভাৰ ৰাষ্ট্ৰীয় স্মাৰক পৰিভ্ৰমণ

April 1, 2023
0
অৰ্কিডৰ ফুলনিত এজন অৰ্কিড মানৱ
বাটকটীয়া

অৰ্কিডৰ ফুলনিত এজন অৰ্কিড মানৱ

April 1, 2023
0
বিধায়কৰ দৃষ্টিত অসম বাজেট ২০২৩-২৪
অসম বাজেট বিশেষ

বিধায়কৰ দৃষ্টিত অসম বাজেট ২০২৩-২৪

April 1, 2023
0
Load More

By Categories

  • Assam Budget Special
  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Changemaker
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসম বাজেট বিশেষ
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বাটকটীয়া
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In