নীতি আয়োগে বিগত জুলাইত প্ৰকাশ কৰে এক বিশেষ প্ৰতিৱেদন – ‘ৰাষ্ট্ৰীয় বহুমাত্ৰিক দৰিদ্ৰ সূচক: অগ্ৰগতিৰ পুনৰীক্ষণ ২০২৩’৷ এই প্ৰতিৱেদনৰ তথ্য অনুসৰি ২০১৫-১৬ৰপৰা ২০১৯-২১ৰ ভিতৰত ‘বহুমাত্ৰিক দৰিদ্ৰ’ৰ পৰিসংখ্যা সবাৰ্ধিক হ্ৰাস পোৱা দেশৰ সাতখন ৰাজ্যৰ ভিতৰত অন্যতম হৈছে অসম৷
এই প্ৰতিৱেদনত উল্লেখ কৰা অনুসৰি ভাৰতৰ ১৩.৫ কোটি লোক বহুমাত্ৰিক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে৷
ভাৰতত বহুমাত্ৰিক দৰিদ্ৰতাৰ সংখ্যা ২০১৫-১৬ বৰ্ষত ২৪.৮৫%ৰপৰা ২০১৯-২১ চনত ১৪.৯৬%লৈ
হ্ৰাস পাইছে৷ একে সময়ৰ ভিতৰত অসমত এই পৰিসংখ্যা ৩২.৬৫%ৰপৰা ১৯.৩০%লৈ হ্ৰাস পাইছে অৰ্থাৎ এই ব্যৱধান হৈছে ১৩.৩০%৷ প্ৰতিৱেদনখনত উল্লেখ কৰা হৈছে যে ২০১৫-২০১৬ৰপৰা ২০১৯-২০২১ বৰ্ষৰ ভিতৰত অসমত মুঠ ৪৬,৮৭,৪৫১গৰাকী লোক বহুমাত্ৰিক দৰিদ্ৰতাৰপৰা মুক্ত হৈছে৷
হাইলাকান্দি জিলাত বহুমাত্ৰিক দৰিদ্ৰতা ৫১.০৭%ৰপৰা ৩৬.২২%লৈ হ্ৰাস পাইছে৷ কৰিমগঞ্জ জিলাত এই পৰিসংখ্যা ৪৬.০২%ৰপৰা ৩২.৯৩%লৈ, কাছাৰত ৪২.২৯%ৰপৰা ৩০.৫৮%লৈ আৰু ধুবুৰীত ৫১.০৬%ৰপৰা ২৬.০২%লৈ হ্ৰাস পাইছে৷ (বক্সত চাওক)
প্ৰতিৱেদনৰ তথ্য অনুসৰি ৰাজ্যখনৰ গ্ৰামাঞ্চলত দৰিদ্ৰতা উল্লেখনীয়ভাৱে ৩৬.১৪%ৰপৰা ২১.৪১%লৈ হ্ৰাস পোৱা পৰিলক্ষিত হোৱাৰ বিপৰীতে নগৰাঞ্চলত এই পৰিসংখ্যা ৯.৯৪%ৰপৰা ৬.৮৮%লৈ হ্ৰাস পাইছে৷
এই প্ৰতিৱেদনৰ তথ্যৰ ইতিবাচকতা সম্পৰ্কে উল্লেখ কৰি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সচিবালয়ৰ মুখ্য অৰ্থনীতিবিদ ৰৌহিন দেৱে কয় যে সুশাসনৰ সফলতা, নাগৰিককেন্দ্ৰিক বিতৰণ আৰু আঁচনিসমূহৰ সঠিক ৰূপায়ণ এই তথ্যসমূহৰপৰা প্ৰতিফলিত হৈছে৷ অসম বাৰ্তাৰ সৈতে বাৰ্তালাপত তেওঁ কয়, “অৰুণোদয়, কনকলতা আদি ৰাজ্য চৰকাৰৰ মুখ্য আঁচনিসমূহৰ লগতে তৃণমূল পৰ্যায়ত উন্নয়নৰ অন্যতম প্ৰাথমিক কাৰণ হৈছে সমাজৰ অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীসমূহক সৱলীকৃত কৰাৰ লক্ষ্যৰে প্ৰদান কৰা নিৰ্ধাৰিত ক্ষুদ্ৰ বিত্তীয় সাহায্যসমূহ৷ জন ধন একাউণ্ট খোলাৰ বাবে আমি অতি সক্ৰিয়ভাৱে কাম কৰিছিলোঁ৷ ফলত এই আঁচনিসমূহৰ লাভালাভ হিতাধিকাৰীসকললৈ পোনপটীয়াকৈ স্থানান্তৰ কৰিবলৈ সক্ষম হৈছোঁ৷ এই ব্যৱস্থাই লিকেজসমূহ আঁতৰ কৰিছে৷ বেংকিং ক্ষেত্ৰত প্ৰৱেশাধিকাৰ বৃদ্ধিৰ বাবে আমাৰ প্ৰচেষ্টা এই প্ৰতিৱেদনত প্ৰতিফলিত হৈছে৷ ২০১৫-১৬ বৰ্ষৰপৰা ২০১৯-২১ বৰ্ষলৈ বেংকিং ব্যৱস্থাৰ আওঁতালৈ নহা জনসংখ্যা ১৫.৩৮%ৰপৰা ৩.৬৫%লৈ উল্লেখনীয়ভাৱে হ্ৰাস পাইছে৷”
গুৱাহাটীস্থিত ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধিৰ কাৰ্যবাহী সঞ্চালক অমিয় কুমাৰ শৰ্মাই ৰাজ্যখনৰ এই প্ৰদৰ্শনৰ ক্ষেত্ৰত বহুকেইটা কাৰক সম্পৰ্কে উল্লেখ কৰে৷ তেওঁ এই প্ৰতিৱেদকক কয়, “পথ-সংযোগৰ উন্নয়ন লগতে উপাৰ্জন বৃদ্ধিৰ কাৰ্যকলাপৰ প্ৰভাৱ, সুশাসন আৰু আন্তঃগাঁথনি প্ৰকল্পৰ বিকাশ হৈছে ৰাজ্যখনত দৰিদ্ৰতা হ্ৰাস হোৱাৰ মুখ্য কাৰক৷”
“ৰাজ্যখনত যোৱা কেইবছৰমানত বিশেষকৈ গ্ৰাম্য আৰু অৰ্ধ-গ্ৰাম্য খণ্ডত আমি পথ সংযোগৰ ক্ষেত্ৰত যথেষ্ট উন্নয়ন দেখা পাইছোঁ৷ ইয়াৰ ফলত ব্যৱসায় আৰু উদ্যোগৰ ক্ষেত্ৰত নৱ-উন্নয়ন সম্ভৱপৰ হৈ উঠিব,” তেওঁ কয়৷
এই উন্নত প্ৰদৰ্শনৰ বাবে তেওঁ অসমত চলি থকা ক্ষুদ্ৰ বিত্তীয় কাৰ্যকলাপ আৰু ৰাজ্যখনত দ্ৰুত গতিত উন্নীতকৰণ হোৱা শক্তিখণ্ডৰ লগতে সুশাসন আৰু নিৰ্ধাৰিত লক্ষ্যৰে গ্ৰহণ কৰা কল্যাণমূলক ব্যৱস্থাসমূহক মুখ্য কাৰক হিচাপে উল্লেখ কৰে৷
১২টা বহনক্ষম উন্নয়ন সূচকৰ অন্যতম স্বাস্থ্য, শিক্ষা আৰু জীৱনধাৰণৰ মান সমভাৱে পৰিমাপ কৰি ৰাষ্ট্ৰীয় বহুমাত্ৰিক দৰিদ্ৰ সূচক জোখা হয়৷
শেহতীয়া ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ (২০১৯-২১) আধাৰত ৰাষ্ট্ৰীয় বহুমাত্ৰিক দৰিদ্ৰতা সূচকৰ এই দ্বিতীয় সংস্কৰণে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ-৪ (২০১৫-১৬) আৰু ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ-৫ (২০১৯-২১)ৰ মাজত বহুমাত্ৰিক দৰিদ্ৰতা হ্ৰাস কৰাৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিক প্ৰতিফলিত কৰিছে৷