নিটি আয়োগৰ শেহতীয়া আলোচনা পত্ৰত অসমে বহুমাত্ৰিক দৰিদ্ৰতা হ্ৰাস কৰাৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ বিষয়ে উল্লেখ হৈছে। ২০১৪-১৫ বৰ্ষৰপৰা ২০২২-২৩ বৰ্ষলৈকে ৮০ লাখ ব্যক্তি বহুমাত্ৰিক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। দেশত প্ৰায় ২৫ কোটি ব্যক্তি বহুমাত্ৰিক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। স্বাস্থ্য, শিক্ষা আৰু জীৱন ধাৰণৰ মানত নিৰ্ভৰ কৰি বহুমাত্ৰিক দৰিদ্ৰতা সূচক নিৰ্ধাৰণ কৰা হয়।
দৰিদ্ৰতা দূৰীকৰণৰ দিশত অসম চৰকাৰে নিৰন্তৰ গ্ৰহণ কৰি অহা পদক্ষেপসমূহৰ বিষয়ে আমি স্বীকাৰ কৰিব লাগিব। শিক্ষা, স্বাস্থ্য আদি বিভিন্ন মানৱ সম্পদ বিকাশৰ সূচকসমূহক উন্নীত কৰাৰ দিশত কল্যাণকামী আঁচনিসমূহে অৰিহণা যোগাইছে। বিভিন্ন বহুমাত্ৰিক সূচক বা দৰিদ্ৰতা সূচক আদি অৰ্থনৈতিক সূচকসমূহৰ বাবে দ্বিমত থাকিলেও আমি ইয়াৰ আঁৰৰ উদ্দেশ্যক স্বীকাৰ কৰিবই লাগিব।
মন কৰিবলগীয়া যে ক’ভিড কালৰ পাছত দেশৰ বাকী অংশত মন্থৰ হৈ পৰা বিকাশৰ বিপৰীতে অসমত উন্নয়নৰ ধাৰা দ্ৰুতগামী হৈছে। জিএছটি সংগ্ৰহ বৃদ্ধি, মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন বৃদ্ধি, বিনিয়োগ খণ্ডৰ সম্ভাৱনীয়তা বৃদ্ধিয়ে ৰাজ্যখনৰ অৰ্থনৈতিক প্ৰগতিৰ ইংগিত প্ৰদান কৰিছে। ইয়াৰ ফলত চৰকাৰে ৰাজহুৱা ব্যয় বৃদ্ধি কৰিব পাৰিব আৰু নতুন আন্তঃগাঁথনি প্ৰকল্প গ্ৰহণ কৰিব পাৰিব আৰু এয়া হৈছে দৰিদ্ৰতা দূৰীকৰণৰ উত্তম প্ৰতিষেধক। বিগত দু্টা বছৰত ৰাজ্য চৰকাৰে এক লাখতকৈও অধিক যুৱক-যুৱতীক চৰকাৰী নিযুক্তি প্ৰদান কৰাৰ লগতে হাজাৰ হাজাৰ কোটি টকাৰ ব্যক্তিগত বিনিয়োগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই দৃষ্টিৰে চাবলৈ গ’লে নিটি আয়োগৰ এই প্ৰতিৱেদন আমাৰ বাবে সাৰ্থক হৈ পৰিছে।