পথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰিয়ে ভিডিঅ’ কনফাৰেন্সযোগে নগাঁও বাইপাছ – তেলিয়াগাঁও আৰু তেলিয়াগাঁও – ৰঙাপাৰা ৪ লেনযুক্ত পথৰ মুকলি কৰাৰ লগতে মঙলদৈ বাইপাছ আৰু ৪ লেনযুক্ত ডবকা-পাৰখোৱা পথছোৱাৰ আধাৰশিলা স্থাপন কৰে৷ এই জুনত মঙলদৈ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানত উপস্থিত আছিল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ ১,৪৫৬ কোটি টকাৰ এই প্ৰকল্পসমূহ হৈছে ৰাজ্যখনৰ আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ বিনিয়োগ ৷
১৮ কিল’মিটাৰ দৈৰ্ঘ্যৰ নগাঁও বাইপাছ – তেলিয়াগাঁও আৰু তেলিয়াগাঁও – ৰঙাপাৰা ৪ লেনযুক্ত পথত বিনিয়োগৰ পৰিমাণ হৈছে ৪০৩ কোটি টকা৷ এই বহল ঘাইপথছোৱাই উত্তৰ অসম আৰু উজনি অসমৰ মাজৰ যোগাযোগ অধিক সুচল কৰি তোলাৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ সুযোগ প্ৰদান কৰিব৷
মুঠ ৫৩৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ মঙলদৈৰ ১৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ বাইপাছটোৱে অসম, পশ্চিম বংগ আৰু অৰুণাচল প্ৰদেশৰ মাজৰ যোগাযোগ শক্তিশালী কৰিব আৰু আন্তঃৰাজ্যিক যাতায়াতৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব৷
মুঠ ৫১৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া ডবকা-পাৰখোৱাৰ মাজত ২৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১৩ কিল’মিটাৰ দৈৰ্ঘ্যৰ বাইপাছটোৱে গুৱাহাটী-ডিমাপুৰৰ অৰ্থনৈতিক কৰিড’ৰৰ ভেটি শক্তিশালী কৰিব৷ এই পথছোৱাই ম্যানমাৰ আৰু থাইলেণ্ডৰ সৈতে যোগাযোগো শক্তিশালী কৰি তুলিব৷ এই বাইপাছৰদ্বাৰা অসম আৰু নাগালেণ্ডৰ মাজত
আন্তঃৰাজ্যিক যোগাযোগ বৃদ্ধি পাব৷
“আমাৰ জিলাখনক এক উন্নত পথ ব্যৱস্থাৰ প্ৰয়োজন৷ আমি এই উন্নয়নমূলক প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰাৰ বাবে আনন্দিত৷ ‘ছিপাঝাৰ-টংলা পথৰ উন্নয়ন আৰু উন্নীতকৰণৰ বাবে ২৮২.৮৫ কোটি টকাৰ প্ৰকল্পটোৰ প্ৰয়োজনীয়তা আছিল,” ছিপাঝাৰৰ জ্জনং ৱাৰ্ডৰ বাসিন্দা প্ৰাক্তন ছাত্ৰ নেতা আৰু সমাজকৰ্মী দুলাল ডেকাই(৪৫) অসম বাৰ্তাক কয়৷
“আধাৰশিলা স্থাপন কৰা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৪ লেনযুক্ত মঙলদৈ বাইপাছ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত চহৰখনত যান-বাহনৰ সুচলতাৰ বাবে মঙলদৈৰ ৰাইজে জনাই অহা দীৰ্ঘদিনীয়া দাবীৰ সমাধান হ’ব৷ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰপৰা শোণিতপুৰ জিলাৰ মিছন চাৰিআলিলৈ দৰং জিলাৰ মাজেৰে প্ৰস্তাৱিত চাৰি লেনযুক্ত পথ প্ৰকল্পটোৱে আমাৰ বাবে বহু সমস্যাৰ সমাধান কৰিব,” এগৰাকী সমাজকৰ্মী নৱ ডেকাই কয়৷
প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশনাত ২০১৪ চনৰপৰা অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত সম্পাদন হৈ অহা উন্নয়নমূলক পথ প্ৰকল্পসমূহৰ চমু বিৱৰণ ডাঙি ধৰি গাডকাৰীয়ে কয় যে অহা কেইটামান বছৰৰ ভিতৰত মন্ত্ৰ্যালয়ে অঞ্চলটোত নতুন পথ প্ৰকল্পৰ বাবে ১.৫ লাখ কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে৷
গাডকাৰীয়ে বাইহাটা চাৰিআলিৰপৰা দৰং হৈ মিছন চাৰিআলিলৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ১১৭ কিল’মিটাৰ দৈৰ্ঘ্যৰ দুইলেনযুক্ত পথছোৱা চাৰি লেনলৈ সম্প্ৰসাৰণ কৰাৰ বাবে বিশদ প্ৰকল্প খচৰা প্ৰস্তুতৰ বিষয়েও ঘোষণা কৰে৷
তেখেতে কলিয়াবৰৰপৰা নুমলীগড়লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে ৬,০০০ কোটি টকাৰ ব্যয় সাপেক্ষে এটা উচ্চ পথৰ বাবে বিশদ প্ৰকল্প খচৰাৰ প্ৰস্তুতিৰ বিষয়ে ঘোষণা কৰে৷ ৱৰ্লি (মুম্বাই)ৰপৰা বৰোদালৈ গ্ৰহণ কৰা পাইলট প্ৰকল্পটোৰ আৰ্হিত তেওঁ ড॰ শৰ্মাক স্থানীয় লোকসকলক জীৱিকাৰ সুযোগ প্ৰদান কৰাৰ উদ্দেশ্যে লোৰ ঠাইত পৰিৱেশ-অনুকূল বাঁহেৰে ‘ক্ৰাছ বেৰিয়াৰ’ উদ্যোগ বিকশিত কৰিবলৈ আহ্বান জনায়৷
অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মঙলদৈ মহাবিদ্যালয় খেলপথাৰৰপৰা ২৬.২২ কোটি টকাৰ চাৰিটা প্ৰকল্প ডিজিটেলভাৱে উদ্বোধন কৰে৷ তদুপৰি, তেওঁ ৰাজ্য চৰকাৰৰ অধীনত প্ৰায় ৫৩০ কোটি টকাৰ ছটা পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ ড॰ শৰ্মাই তেওঁৰ ভাষণত এই দিনটোক দৰং জিলাৰ উন্নয়নৰ ইতিহাসৰ পৰিপ্ৰেক্ষিতত এক সোণালী দিন হিচাপে অভিহিত কৰে৷
ড॰ শৰ্মাই জিলাখনৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰাক-ঐতিহাসিক ধলপুৰ শিৱ মন্দিৰৰ এটা স্থায়ী ভৱনো মুকলি কৰে৷ পূৰ্বৰ ভ্ৰমণকালত ড॰ শৰ্মাই এই ঐতিহাসিক শিৱ মন্দিৰটোৰ স্থায়ী মন্দিৰ ভৱন গঢ়ি তোলাত সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷
“দৰং জিলাত উন্নয়নৰ যথেষ্ট অৱকাশ আছে৷ ১৯৮০ দশকত প্ৰতিষ্ঠাৰেপৰা জিলাখনত উন্নয়নমূলক কাৰ্যকলাপ অতি সীমিত হৈ আহিছে৷ যোৱা দুবছৰতহে জিলাখনত আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে দৃঢ় ব্যৱস্থা গ্ৰহণ কৰা দেখিছোঁ,” দৰং জিলাৰ ডায়েটৰ প্ৰাক্তন অধ্যক্ষ মাধৱ শৰ্মাই (৬৪) কয়৷ “তদুপৰি, জিলাখনত উন্নত পথ যোগাযোগ ব্যৱস্থাই ৰাজ্যখনৰ আন প্ৰান্তৰ লগতে ৰাজ্যৰ বাহিৰলৈও কৃষিজাত সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি কৰিব,” শৰ্মাই কয়৷