দেশৰ ৫খন অৰ্থনৈতিকভাৱে দ্ৰুত বিকশিত ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ‘অসম’ৰ নাম। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰি কয় যে ২০২৩-২৪ বিত্তীয় বৰ্ষত অসমে ১৩.৯% অৰ্থনৈতিক বিকাশেৰে এক ইতিবাচক অগ্ৰগতি লাভ কৰিছে।
কেন্দ্ৰীয় বাজেট ২০২৪-২৫ দাখিল কৰাৰ এদিন পূৰ্বে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীথাৰমনে সদনত উপস্থাপন কৰা অৰ্থনৈতিক সমীক্ষাৰ এক প্ৰতিৱেদনৰ প্ৰসংগৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰে।
তেখেতে কয় যে এই সময়ছোৱাত অসমৰ মূলধনী বৃদ্ধিৰ হাৰ হৈছে ১২.৮৪%।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “অৰ্থনৈতিক সমীক্ষাত উল্লেখ কৰা এই দুটা তথ্য যদি আমি দেশৰ অন্যান্য ৰাজ্যৰ সৈতে তুলনা কৰোঁ, তেন্তে অসম দেশৰ ভিতৰতে শীৰ্ষ পাঁচখন দ্ৰুত বিকশিত ৰাজ্যৰ ভিতৰত অন্যতম বুলি স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে।”
ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ২০২১ চনত অসমৰ বেংকসমূহৰ জমা ধনৰ পৰিমাণ আছিল ১.৭৩ লাখ কোটি টকা। ২০২৩-২৪ বৰ্ষত এই পৰিমাণ ২.২৪ লাখ কোটি টকালৈ বৃদ্ধি পাইছে।
ঋণ প্ৰদানৰ সামগ্ৰিক বৃদ্ধিৰ সন্দৰ্ভতো আলোকপাত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ২০২১ বৰ্ষত অসমৰ বেংকসমূহে ৮০,৮৭১ কোটি টকা ঋণ বিতৰণ কৰিছিল। ইয়াৰ বিপৰীতে ২০২৪ বৰ্ষত এই সংখ্যা ১.২৭ লাখ কোটি টকালৈ বৃদ্ধি পাইছে।