অসমৰ আন্তঃগাঁথনি উন্নয়নক এক নতুন মাত্ৰা প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ পশু চিকিৎসা বিজ্ঞান খেলপথাৰত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি ভাৰ্চুৱেলী মুঠ ১১,৬০০ কোটি টকাৰ বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।
সমৱেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই প্ৰকল্পসমূহৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ সময়ত অসমত উপস্থিত থাকিব পৰাটো মা কামাখ্যাৰ কৃপাত সম্ভৱ হৈ উঠিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পসমূহৰ বিকাশে উত্তৰ-পূবৰ অন্যান্য ৰাজ্যসমূহৰ লগতে দক্ষিণ-পূব এছিয়াৰ চুবুৰীয়া দেশসমূহৰ সৈতে অসমৰ যোগাযোগ ব্যৱস্থাক উন্নত কৰি পৰ্যটন খণ্ডত সংস্থাপন বৃদ্ধি কৰিব আৰু ৰাজ্যখনত ক্ৰীড়া প্ৰতিভাসমূহৰ বাবে এক নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব।
তেওঁ কয় যে চিকিৎসা শিক্ষা আৰু স্বাস্থ্যসেৱা খণ্ডৰ সম্প্ৰসাৰণে অসমবাসীক লাভান্বিত কৰিব। এই প্ৰচেষ্টাই মানৱ সম্পদ সৃষ্টিত মুখ্য অৰিহণা যোগাব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
শেহতীয়াকৈ বহুকেইখন তীৰ্থপীঠ ভ্ৰমণৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে মা কামাখ্যাৰ আশীৰ্বাদ লোৱাৰ সৌভাগ্য হোৱাৰ কথাও উনুকিয়ায়। তেওঁ মা কামাখ্যাধাম দিব্যলোক পৰিযোজনাৰ আধাৰশিলা স্থাপন কৰাৰ সুযোগ লাভ কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পাছত ভক্তসকলৰ সা-সুবিধা বৃদ্ধি পাব আৰু ই অধিক পৰ্যটকক আকৰ্ষিত কৰিব।
ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাৰ শলাগ লৈ তেওঁ কয়, “মা কামাখ্যাৰ দৰ্শনৰ বাবে ভক্তৰ সংখ্যা বৃদ্ধিৰ লগে লগে অসম উত্তৰ-পূৰ্বাঞ্চলৰ বাবে পৰ্যটনৰ প্ৰৱেশদ্বাৰ হৈ পৰিব।”
অসমৰ জনসাধাৰণৰ বাবে কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক নীতিসমূহৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ ঐতিহাসিক আৰু আধ্যাত্মিক পীঠস্থানসমূহক আধুনিক সুবিধাৰ সৈতে সংযুক্ত কৰাৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে। তেওঁ কয় যে এই স্থানসমূহৰ সংৰক্ষণ আৰু উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে। আইআইটি আৰু আইআইএমৰ দৰে শিক্ষা প্ৰতিষ্ঠানৰ সম্প্ৰসাৰণৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান সময় সলনি হৈছে, এতিয়া সমগ্ৰ দেশতে আইআইটি, আইআইএম আৰু এআইআইএমৰ নেটৱৰ্ক ব্যাপ্ত হৈ পৰিছে। তেওঁ উল্লেখ কৰে যে যোৱা কেইবছৰমানত অসমৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা দুগুণ হৈ ১২খনলৈ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অসম বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ চিকিৎসাৰ কেন্দ্ৰ হৈ পৰাৰ দিশত অগ্ৰসৰ হৈছে।
তেওঁ কয় যে ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহত যিদৰে ১২ দিনত ২৪ লাখতকৈও অধিক ভক্তই অযোধ্যা ভ্ৰমণ কৰিছিল, ঠিক তেনেদৰে মা কামাখ্যা দিব্যলোক পৰিযোজনা সম্পূৰ্ণ হোৱাৰ পাছত গুৱাহাটীবাসীও একে অভিজ্ঞতাৰ সাক্ষী হ’ব পাৰিব।
বিগত ১০ বছৰত অভিলেখসংখ্যক পৰ্যটকে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰাৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অঞ্চলটোৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যক পূৰ্বৰ চৰকাৰসমূহে অৱহেলা কৰাৰ লগতে হিংসাত্মক ঘটনা আৰু সম্পদৰ অভাৱৰ বাবে পৰ্যটকৰ আগমন যথেষ্ট কমকৈ হৈছিল।
কেন্দ্ৰৰ দৃষ্টিভংগী সম্পৰ্কে ব্যক্ত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিজন নাগৰিকৰ জীৱনক সৰল কৰি তোলাৰ নিশ্চয়তা প্ৰদান কৰে। তেওঁ কয় যে এই প্ৰচেষ্টাক এইবাৰৰ বাজেট ঘোষণাসমূহে প্ৰতিফলিত কৰিছে। আন্তঃগাঁথনি খণ্ডৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এই বছৰৰ ভিতৰত চৰকাৰে আন্তঃগাঁথনি উন্নয়নৰ বাবে ১১ লাখ কোটি টকা ব্যয় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তেওঁ লগতে কয় যে আন্তঃগাঁথনিৰ ক্ষেত্ৰত ব্যয়ে অধিক সংস্থাপনৰ সৃষ্টি কৰিব আৰু উন্নয়নৰ যাত্ৰাক অধিক দ্ৰুত কৰি তুলিব। তেওঁ কয় যে ২০১৪ চনৰ পূৰ্বৰ ১০টা বছৰত অসমৰ বাবে মুঠ আন্তঃগাঁথনি বাজেট আছিল ১২ লাখ কোটি টকা।
দেশত দুই কোটি লাখপতি বাইদেউ গঢ়ি তোলাৰ গ্যেৰাণ্টী সম্পৰ্কে তেওঁ কয় যে যোৱা বছৰ এই সংখ্যা আছিল ১ কোটি আৰু আগন্তুক বছৰৰ বাবে নিৰ্ধাৰিত লক্ষ্য হৈছে ৩ কোটি।
“মোদীয়ে দিন-ৰাতি নিজকে কৰ্মৰ প্ৰতি উৎসৰ্গিত কৰি প্ৰদান কৰা গ্যেৰাণ্টী সম্পূৰ্ণ কৰাৰ সংকল্প লৈছে। মই জানোঁ যে মোৰ গ্যেৰাণ্টী সম্পৰ্কে উত্তৰ-পূৰ্বাঞ্চলবাসীৰ আস্থা আছে,”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰসংগত অসমত শান্তি স্থাপন আৰু ৰাজ্যসমূহৰ মাজত সীমা বিবাদ নিষ্পত্তি হোৱাৰ বিষয়েও উল্লেখ কৰে। বিগত কেইবছৰমানত উত্তৰ-পূৰ্বাঞ্চলৰ সহস্ৰাধিক যুৱক-যুৱতীয়ে হিংসাৰ পথ পৰিহাৰ কৰি উন্নয়নৰ পথ বাছি লৈছে বুলি উল্লেখ কৰি তেওঁ কয়, “আজি এই অঞ্চলত ১০খনতকৈও অধিক গুৰুত্বপূৰ্ণ শান্তি চুক্তি স্বাক্ষৰিত হৈছে।”
প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলৰ মনত পূব এছিয়াৰ দৰেই এই অঞ্চলটোৰ উন্নয়নৰ সাক্ষী হোৱাৰ হেঁপাহ থকাৰ বিষয়ে উল্লেখ কৰে আৰু কয় যে এই সপোনক দিঠকত পৰিণত কৰাৰ বাবে তেওঁ সংকল্পবদ্ধ।
“আমাৰ লক্ষ্য ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তোলা। আমাৰ লক্ষ্য বিকশিত ভাৰত ২০৪৭,” প্ৰধানমন্ত্ৰীগৰাকীয়ে এই দিশত অসম তথা উত্তৰ-পূৰ্বাঞ্চলে পালন কৰিবলগীয়া ভূমিকাৰ বিষয়ে উল্লেখ কৰে।