দিল্লীৰ এছ ভয়েজছ পৰ্যটন সংস্থাৰ সঞ্চালক অৰুণ বালিয়ে কাজিৰঙাত অনুষ্ঠিত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট (ITM)ত অংশগ্ৰহণৰ সুযোগ লাভ কৰাত উৎফুল্লিত হৈ পৰে। তেখেতৰ বাবে এই সুযোগ আছিল এক অনুপম অভিজ্ঞতা।
বালিয়ে কয়, “মই ২৫ বছৰৰ পৰা পৰ্যটনৰ ক্ষেত্ৰখনৰ ব্যৱসায়িক দিশটোৰ সৈতে জড়িত হৈ আছোঁ। এই সময়ছোৱাত দেশৰ বিভিন্ন স্থান আৰু বিদেশ ভ্ৰমণৰ ব্যৱস্থা কৰি আহিছোঁ। সঁচা কথা ক’বলৈ গ’লে পূৰ্বে উত্তৰ-পূৰ্বাঞ্চল পৰ্যটকসকলৰ প্ৰিয় স্থানৰ তালিকাত নাছিল। কিন্তু এতিয়া এই অঞ্চলৰ পৰ্যটন ক্ষেত্ৰসমূহ যথেষ্ট জনপ্ৰিয় হৈছে, যাৰ ফলশ্ৰুতিত পৰ্যটকসকলে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই ৰয়,” অসম বাৰ্তাৰ এগৰাকী প্ৰতিৱেদকৰ সৈতে বাৰ্তালাপ কৰাৰ সময়ত বালিয়ে এনেদৰে কয়।
অৰুণ বালিয়ে তৃতীয়বাৰৰ বাবে কাজিৰঙা ভ্ৰমণ কৰে। “উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটন ক্ষেত্ৰৰ ক্ৰমাগত উন্নতিৰ বতৰাই আনন্দৰ খবৰ কঢ়িয়াই আনিছে। যাৰ ফলত দেশ-বিদেশৰ পৰ্যটকসকলে এই অঞ্চলৰ অপূৰ্ব সৌন্দৰ্যক উপভোগ কৰাৰ লগতে নতুন নতুন তথ্যৰেও সমৃদ্ধ হৈছে।”
উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধিশালী পৰ্যটনৰ সম্ভাৱনাক দেশী-বিদেশী পৰ্যটকসকলৰ মাজত প্ৰচাৰ কৰাৰ বাবে প্ৰতি বছৰে পৰ্যটন মন্ত্ৰ্যালয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট অনুষ্ঠিত কৰি আহিছে। চলিত বৰ্ষত আয়োজিত এই কাৰ্যসূচী ২৯ নৱেম্বৰত সফলভাৱে সমাপ্ত হয়। উক্ত অনুষ্ঠানত ৪০০গৰাকী দেশী-বিদেশী অংশগ্ৰহণকাৰী উপস্থিত থাকে। বিভিন্ন পৰ্যটন সংস্থাৰ সঞ্চালক, হোটেল ব্যৱসায়ী, উদ্যমী, ইনফ্লুৱেঞ্চাৰ, সংবাদ মাধ্যমৰ প্ৰতিনিধি, চৰকাৰী বিষয়া আৰু পৰ্যটন বিশেষজ্ঞসকলেও এই কাৰ্যসূচীত ভাগ লয়।
অনুষ্ঠানটো উদ্বোধন কৰি কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে কয়, “উত্তৰ-পূৰ্বাঞ্চলৰ চহকী সংস্কৃতিক বিশ্বৰ সন্মুখত প্ৰদৰ্শন কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট হৈছে এক অনন্য সুযোগ। এই অঞ্চলটোৰ অতুলনীয় ঐতিহ্যক হৃদয়ংগম কৰিবলৈ এই কাৰ্যসূচীয়ে এখন উপযুক্ত মঞ্চ প্ৰদান কৰে।”
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কাজিৰঙাত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট অনুষ্ঠিত কৰাৰ গুৰুত্বক অৱলোকন কৰি কয় যে এই অনুষ্ঠানে উত্তৰ-পূবৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বৃদ্ধি পোৱা গুৰুত্বক প্ৰতিফলিত কৰে। বিগত দশকত অঞ্চলটোৰ দ্ৰুতগতিত উন্নয়ন হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।
কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়াৰ ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ সৈতে সংগতি ৰাখি এক উদযাপন কাৰ্যসূচীৰো আয়োজন কৰা হয়।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “বিগত ১০ বছৰৰো অধিক সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ এলেকা ৪০০ বৰ্গকিল’মিটাৰৰ পৰা ১,৩০০ বৰ্গকিল’মিটাৰলৈ বৃদ্ধি পোৱাৰ কথাটোৱে কাজিৰঙাৰ উত্তৰণৰ দিশটোক সূচাইছে।”
অসমত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট তৃতীয়বাৰৰ বাবে আয়োজন কৰাৰ হেতু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনন্দ প্ৰকাশ কৰে। তেখেতে কয়, “আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্টৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ বৈচিত্ৰ্যময় সংস্কৃতি, লোককলাৰ লগতে সমৃদ্ধিশালী ঐতিহ্যক প্ৰদৰ্শন কৰা হৈছে। এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে দেশী-বিদেশী প্ৰতিনিধিসকলে অসমৰ সাংস্কৃতিক আৰু ঐতিহাসিক পৰম্পৰাৰ সৈতে নিজকে সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছে।”
তেখেতে লগতে কয় যে ২০১৪ৰ পূৰ্বে উত্তৰ-পূবত এক অশান্ত পৰিৱেশে বিৰাজ কৰিছিল। কিন্তু ২০১৪ৰ পাছত বহুতো শান্তি চুক্তি স্বাক্ষৰিত হৈছে আৰু উগ্ৰপন্থীসকলে অস্ত্ৰ সম্বৰণ কৰিছে বুলি তেখেতে মন্তব্য প্ৰকাশ কৰে।
“পৰ্যটন ক্ষেত্ৰখনৰ উত্তৰণৰ বাবে শান্তি বৰ্তাই ৰখাটো প্ৰথম চৰ্ত। শান্তি অবিহনে পৰ্যটন ক্ষেত্ৰৰ উন্নয়ন আশা কৰাটো ফলপ্ৰসূ নহ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বিশেষ প্ৰচেষ্টাৰ বাবে সাম্প্ৰতিক সময়ত উত্তৰ-পূৰ্বাঞ্চলত শান্তিপূৰ্ণ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
পৰ্যটন বিশেষজ্ঞ প্ৰবাহন পূজাৰীয়ে অসম বাৰ্তাৰ প্ৰতিৱেদকগৰাকীক কয়, “উত্তৰ-পূব ভাৰতৰ পৰ্যটন সম্ভাৱনাক উন্নীত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয় আছিল। এই অনুষ্ঠানত সকলো ৰাজ্যই স্বকীয় বৈশিষ্ট্যপূৰ্ণ সামগ্ৰী আৰু সম্পদসমূহ প্ৰদৰ্শন কৰিছে। তদুপৰি স্থানীয় আৰু বিদেশী পৰ্যটন সংস্থাসমূহৰ প্ৰতিনিধিবৰ্গৰ মাজত আলোচনা চক্ৰ আৰু ক্ৰেতা-বিক্ৰেতা সন্মিলন অনুষ্ঠিত কৰা হৈছে।”
তেখেতে লগতে কয়, “বিদেশী পৰ্যটকসকলে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ স্থানীয় খাদ্যৰ জুতি লোৱাৰ এক অনন্য অভিজ্ঞতাৰ সাক্ষী হৈছে।” এনেধৰণৰ সু-পৰিকল্পিত প্ৰচাৰ কাৰ্যসূচীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি পৰ্যটকসকলৰ আকৰ্ষণ বৃদ্ধি কৰাত যথেষ্ট সহায় কৰিছে বুলি পূজাৰীয়ে কয়।
এই অনুষ্ঠানত অসম পৰ্যটন উন্নয়ন নিগমৰ দ্বাৰা প্ৰকাশিত কফি টেবল গ্ৰন্থ ‘Guwahati and Around’ও উন্মোচন কৰা হয়। গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া স্থানসমূহৰ দৃষ্টিনন্দন আৰু সাংস্কৃতিক বিৱৰণৰ বিষয়ে এই গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে।