যোৱা ১৩ আগষ্টৰ আবেলি লতাশিল খেলপথাৰত সমৱেত হয় এনচিচি কেডেট, অসম আৰক্ষীৰ জোৱানকে ধৰি প্ৰায় ৬০০ যুৱক-যুৱতী৷ উদ্দেশ্য ‘মেৰী মাটি, মেৰা দেশ’ত অংশগ্ৰহণ কৰা৷
তেতিয়া অবেলি প্ৰায় ৫ বাজিছে৷ এটোপ দুটোপকৈ সৰি পৰা বৰষুণজাক গুৱাহাটীৰ গৰমৰ মাজত লতাশিলত সমৱেত সকলৰ বাবে যেন পুষ্পবৃষ্টিৰ দৰে হৈ পৰিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ফ্লেগ অফ কৰাৰ লগে লগে এই ৬০০ যুৱক-যুৱতীয়ে কুচকাৱাজ কৰি লতাশিল খেলপথাৰৰ পৰা ওলাই যায়৷ বেণ্ডৰ সংগীত আৰু তেওঁলোকৰ পদধ্বনিত স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তৰ সেই সন্ধিয়াটি হৈ পৰিল ছন্দোময়৷
এই আগষ্ট মাহটো প্ৰতিজন ভাৰতীয়ৰ বাবে বিশেষ কৰি স্বাধীনতাৰ অমৃত মহোৎসৱৰ সমাপন কাৰ্যসূচী ‘মোৰ মাটি মোৰ দেশ’ৰ আয়োজন কৰা হৈছিল৷ এই পদক্ষেপৰ সৈতে সংগতি ৰাখি ৭৭সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত এই ১৩ আগষ্টত অসম চৰকাৰৰ বিশেষ উদ্যোগত গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত এক বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়৷
এই বিশেষ অনুষ্ঠানৰ প্ৰস্তুতি আগষ্টৰ প্ৰথম সপ্তাহৰপৰাই আৰম্ভ হৈছিল৷ লেম্ব ৰ’ড হৈ দীঘলীপুখুৰীৰ পাৰেৰে কটন বিশ্ববিদ্যালয় হৈ যুদ্ধ স্মাৰক ক্ষেত্ৰলৈ প্ৰায় ৩ কিল’মিটাৰ
মাৰ্চ-পাষ্ট কৰাৰ পাছত সকলো তাত সমৱেত হয়৷ দীঘলীপুখুৰীৰ পাৰত চমকপ্ৰদ আতচবাজী, দৃষ্টিনন্দন লেজাৰ শ্ব’ৰ প্ৰদৰ্শন কৰা হয়৷
পেৰেডত অংশ লোৱা এনচিচিৰ ৬০তম্ অসম ছোৱালী বেটেলিয়নৰ কৰ্পৰেল তথা সন্দিকৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত অঞ্জলি দাসে এই প্ৰতিৱেদকক কয়, “এয়া আমাৰ বাবে এক অনন্য অভিজ্ঞতা আছিল৷ আমি এনেয়েও পেৰেড কৰি ভাল পাওঁ৷ কিন্তু ইয়াত আৰক্ষীৰ সৈতে একেলগে পেৰেড কৰিবলৈ পোৱাটো আমাৰ বাবে এখন মঞ্চৰ দৰে আছিল৷”
৬০তম্ অসম ছোৱালী বেটেলিয়নৰ সেনা গোটৰ এগৰাকী কেডেট জুমি কলিতাই কয়, “আমি প্ৰায় তিনিদিনমান এই পথছোৱাত পেৰেডৰ অভ্যাস কৰিছিলোঁ৷ অমৃতকালৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এই পেৰেডত অংশ লৈ গৌৰৱান্বিত অনুভৱ কৰিছোঁ৷”
এই অনুষ্ঠানৰ সফল উদযাপনৰ বাবে আৰক্ষীৰ শলাগ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক কয়, “স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱৰ সামৰণিৰ লগতে আমাৰ দেশবাসীৰ বাবে অমৃতকাল আৰম্ভ হৈছে৷ অমৃতকালৰ আৰম্ভণিত দেশৰ বাবে সকলোকে আকৌ এবাৰ মন-প্ৰাণ উৎসৰ্গিত কৰিবলৈ মই ৰাইজক আহ্বান জনাইছোঁ৷” তেওঁ লগতে উল্লেখ কৰে যে ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচী হিচাপে প্ৰতিগৰাকী ব্যক্তিয়ে যাতে নিজ-নিজ গৃহত জাতীয় পতাকাখন উত্তোলন কৰাৰ ছেলফি হৰ ঘৰ তিৰংগা প’ৰ্টেলত আপল’ড কৰে৷ ‘মেৰী মাটি, মেৰা দেশ’ শীৰ্ষক কাৰ্যসূচীৰ অধীনত দেশৰ মাটি হাতত লৈ দেশৰ বাবে কিবা এটা কৰাৰ পঞ্চপ্ৰাণ প্ৰতিজ্ঞা গ্ৰহণ কৰাৰ ফ’ট’ নিৰ্দিষ্ট প’ৰ্টেলত আপল’ড কৰাৰ বাবে তেওঁ সকলোকে আহ্বান জনায়৷
উল্লেখ্য যে এইবাৰ ‘হৰ ঘৰ তিৰংগা’ প’ৰ্টেলত মুঠ দহ কোটিৰো অধিক ছেলফি আপল’ড হয় আৰু পঞ্চপ্ৰাণ সংকল্প গ্ৰহণৰ ক্ষেত্ৰতো ব্যাপক সঁহাৰি পৰিলক্ষিত হৈছে৷
পেৰেড উপভোগ কৰিবলৈ উপস্থিত থকা এগৰাকী দৰ্শক ৰতন ৰায়ে কয়, “এয়া সঁচাকৈয়ে এক সুন্দৰ মুহূৰ্ত৷ আমি সৰুতে এনে আনন্দ আৰু গৌৰৱৰ মুহূৰ্ত উপভোগ কৰাৰ পৰা বঞ্চিত হৈছিলোঁ৷ দেশৰ স্বাধীনতা দিৱসৰ উদযাপনৰ প্ৰাকমুহূৰ্তৰ এই দৃষ্টিনন্দন অনুষ্ঠানে আমাক
আপ্লুত কৰি তুলিছে৷”
আন এগৰাকী দৰ্শক জমিল আলিয়ে কয়, “মই মোৰ ল’ৰাটোক এই পেৰেড দেখুৱাবলৈ লৈ আনিছোঁ৷ আমাৰ দেশখনক লৈ কিবা এটা কৰাৰ মানসিক প্ৰস্তুতি সৰুৰেপৰা সন্তানক শিকোৱাটো মই ভাল বুলি ভাবোঁ৷”
শিৱসাগৰৰ জ্ঞানদীপে কয়, “মই গুৱাহাটীলৈ এক বিশেষ কামত আহিছিলোঁ৷ আজি এই অনুষ্ঠান উপভোগ কৰিবলৈ পোৱাটো মোৰ বাবে সৌভাগ্য৷ এনে কুচকাৱাজ বা আতচবাজী প্ৰদৰ্শন পূৰ্বতেও চাইছোঁ যদিও আজিৰ কথাটো সুকীয়া৷ এয়া আমাৰ অমৃত কালৰ আৰম্ভণি আৰু ইয়াৰ আঁৰত নিহিত হৈ আছে আমি ভাৰতীয় হোৱাৰ গৌৰৱ৷’’
এই কুচকাৱাজত অংশগ্ৰহণ কৰে অসম কমাণ্ড’ বেটেলিয়ন, অসম আৰক্ষী বেটেলিয়ন, অসম আৰক্ষী ক্ৰীড়া দল, অসম বন সুৰক্ষা বাহিনী গোট, অসম আৰক্ষী বেটেলিয়ন বেণ্ড, এন চি চিৰ বহুকেইটা গোটৰ লগতে প্ৰাগজ্যোতিষ মহাবিদ্যালয়, এছ বি দেওৰা মহাবিদ্যালয়, সন্দিকৈ মহাবিদ্যালয়, নাৰেংগী আঞ্চলিক মহাবিদ্যালয়, বি বৰুৱা মহাবিদ্যালয়, আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়, কে চি দাস কমাৰ্চ কলেজ, গুৱাহাটী কলেজ, দিছপুৰ মহাবিদ্যালয়, ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়, আৰ জি বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে৷