২০২৩-২৪ বৰ্ষৰ বাবে প্ৰকাশ পোৱা বহনক্ষম উন্নয়ন লক্ষ্যৰ সূচকত অসমৰ স্থান লক্ষণীয়ভাৱে উন্নত হৈছে। যোৱা ১৫ জুলাইত মুখ্যমন্ত্ৰীগৰাকীয়েও এই বিষয়ে উল্লেখ কৰি কয় যে নিটি আয়োগৰ বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সূচকৰ প্ৰতিৱেদনত অসমে অগ্ৰগতি লাভ কৰিছে আৰু এয়া সঁচাকৈয়ে প্ৰশংসনীয়।
বহনক্ষম উন্নয়ন লক্ষ্যৰ ক্ষেত্ৰত ৰাজ্যখনে এই পাঁচ বছৰত ‘এছপায়াৰিং ৰাজ্য’ৰ পৰা প্ৰদৰ্শন আগবঢ়োৱা অৰ্থাৎ ‘পাৰফৰ্মাৰ ৰাজ্য’ৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
ভাৰতৰ বহনক্ষম উন্নয়ন লক্ষ্য সূচকৰ মূল্যাংকন কৰা হয় মুঠ ১৭টা লক্ষ্যৰ আধাৰত ১ৰ পৰা ১০০ পইণ্টৰ ভিতৰত। ৬৫ সূচাংকৰ সৈতে অসমক শীৰ্ষ প্ৰদৰ্শনকাৰী ৰাজ্যৰ ভিতৰত অন্যতম হিচাপে স্থান দিয়া হৈছে । ২০২০-২১ বৰ্ষৰ পাছত বহনক্ষম উন্নয়নৰ দিশত ৰাজ্যখনে সামগ্ৰিকভাৱে ৮ পইণ্ট আগুৱাবলৈ সক্ষম হৈছে। এই ১৭টা লক্ষ্যৰ ভিতৰত দৰিদ্ৰতা, সুস্বাস্থ্য, উচ্চ মানৰ শিক্ষা, লিংগ সমতা, বিশুদ্ধ খোৱাপানী, নিকা শক্তি, অৰ্থনৈতিক বিকাশ, পৰিৱেশ সুৰক্ষা আৰু শান্তিপূৰ্ণ সমাজ অন্যতম।
২০১৬ চনত অসম দেশৰ ভিতৰতে প্ৰথমখন ৰাজ্য হিচাপে ৰাষ্ট্ৰসংঘৰ নিৰ্ধাৰিত মানৰ বহনক্ষম উন্নয়ন লক্ষ্যক ৰাজ্য চৰকাৰৰ মুখ্য কাৰ্যক্ৰমণিকাৰ অন্তৰ্ভুক্ত কৰে। ২০১৮ চনত প্ৰথমবাৰ ভাৰতৰ বহনক্ষম উন্নয়ন লক্ষ্য সূচক প্ৰকাশ পাওঁতে অসমৰ সূচকাংক আছিল ৪৯।
“২০২১ৰ ১০ মে’ত মই কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা আমি ৰাজ্যখনক শীৰ্ষ পৰ্যায়ৰ ৰাজ্যৰ শাৰীলৈ আনিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিছিলোঁ। লগতে এয়াও গুৰুত্বপূৰ্ণ যে ভাৰতৰ বহনক্ষম উন্নয়ন লক্ষ্য সূচকত অসমক দহখন দ্ৰুত বিকশিত ৰাজ্যৰ ভিতৰত উল্লেখ কৰা হৈছে। আমাৰ ৰাজ্যখনে ২০১৮ চনৰ পৰা মুঠ ১৬ সূচকাংক বৃদ্ধিৰে এইবাৰ ৬৫ পইণ্ট লাভ কৰিবলৈ সক্ষম হৈছে,” মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।
ৰাজ্যত সামগ্ৰিক উন্নয়নৰ এক সুস্থ পৰিকাঠামোৰ সৃষ্টি কৰিবলৈ চৰকাৰে কৰি অহা প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ পৰৱৰ্তী লক্ষ্য হৈছে নিটি আয়োগৰ এই প্ৰতিৱেদনৰ ৰাষ্ট্ৰীয় সূচকাংক অতিক্ৰম কৰা।
বহনক্ষম উন্নয়ন লক্ষ্যৰ বিকাশ নিৰ্ভৰ কৰে বিভিন্ন কাৰকৰ ওপৰত আৰু দৰিদ্ৰতা নিৰ্মূলকৰণ ইয়াৰ মুখ্য কাৰকসমূহৰ অন্যতম। অসমে দৰিদ্ৰতাৰ মাপ ৩৬ৰ পৰা ১৯লৈ হ্ৰাস কৰাৰ ক্ষেত্ৰত সফল হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই দিশত অৰুণোদয় আঁচনিৰ বিশেষ ভূমিকা আছে।
“আমি পাৰ্ফৰ্মিং ৰাজ্যসমূহৰ মাজত ফ্ৰণ্ট ৰানাৰ হিচাপে স্থান লাভ কৰিছোঁ। আমি লিংগ সমতাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছোঁ। কন্যাৰ শিক্ষাৰ ক্ষেত্ৰত আমি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছোঁ। আমি বাল্য বিবাহ প্ৰতিৰোধৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিছোঁ। নিকা শক্তিৰ উৎপাদন আৰু ব্যৱহাৰৰ বাবে আমি সৌৰ শক্তিক প্ৰাধান্য দিছোঁ। নিৰ্মল জলৰ ক্ষেত্ৰত জল জীৱন আঁচনিয়ে ভূমিকা পালন কৰিছে,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
“পূৰ্বতে অসম ভাৰতৰ বাবে এক বোজা আছিল কিন্তু আজি এনে অৱস্থা নাই৷ আমি দৰিদ্ৰতা নিবাৰণ, নিৰ্মল জল যোগান, সেউজ শক্তি, অৰ্থনৈতিক বিকাশ, উদ্যোগ, উদ্ভাৱন, আন্তঃগাঁথনি আৰু বহনক্ষম নগৰ পৰিকল্পনাত উন্নত প্ৰদৰ্শন কৰিছোঁ”
ড॰ হিমন্ত বিশ্ব শৰ্মা
তেওঁ কয়, “পূৰ্বতে অসম ভাৰতৰ বাবে এক বোজা আছিল কিন্তু আজি এনে অৱস্থা নাই। আমি দৰিদ্ৰতা নিবাৰণ, নিৰ্মল জল যোগান, সেউজ শক্তি, অৰ্থনৈতিক বিকাশ, উদ্যোগ, উদ্ভাৱন, আন্তঃগাঁথনি আৰু বহনক্ষম নগৰ পৰিকল্পনাত উন্নত প্ৰদৰ্শন কৰিছোঁ।”
অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ১৬.৫ পইণ্ট লাভ কৰা উচ্চ শিক্ষাৰ ক্ষেত্ৰত ৰাজ্যখনৰ প্ৰদৰ্শন উন্নত নাছিল।