• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Tuesday, February 7, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home লাচিত দিৱস বিশেষ

দেশবাসীৰ কাপেৰে নিগৰিল বীৰ লাচিতৰ কাহিনী

AB Bureau by AB Bureau
December 2, 2022
in অসমীয়া, লাচিত দিৱস বিশেষ
0
0
Over 4.5 million upload their respect for Lachit

যোৱা ২৬ অক্টোবৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মহান আহোম সেনাপতি লাচিত বৰফুকনৰ চাৰিশ সংখ্যক জন্মবাৰ্ষিকীৰ স’তে সংগতি ৰাখি lachitbarphukan.assam.gov.in শীৰ্ষক এটা প’ৰ্টেল আৰু লাচিত বৰফুকন (Lachit Barphukan) নামেৰে এটা এপ মুকলি কৰে৷ সেইদিনাই বিয়লি ১ বাজি ৩৪ মিনিটত মহান বীৰগৰাকীক স্মৰণ কৰি নিজৰ মনৰ ভাব ব্যক্ত কৰে নলবাৰী জিলাৰ তপন ডেকাই৷ তেওঁ বঙাইগাঁও জিলাৰ বইটামাৰী শিক্ষা খণ্ডত খণ্ড সমল ব্যক্তি (ভাষা) হিচাপে কৰ্মৰত৷

“তিনি মাহ পূৰ্বেই চৰকাৰৰ তৰফৰ পৰা এখন জাননী লাভ কৰিছিলোঁ৷ তাৰ লগত সংগতি ৰাখিয়েই বঙাইগাঁও জিলাতো এটা প’ৰ্টেল ডেভেলপ কৰা হৈছিল৷ তেতিয়াৰ পৰাই মই লাচিত বৰফুকনৰ বিষয়ে অধ্যয়ন কৰি মোৰ লেখাটো প্ৰস্তুত কৰিছিলোঁ৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই প’ৰ্টেলটো মুকলি কৰাৰ লগে লগেই মই মোৰ প্ৰবন্ধটো প্ৰেৰণ কৰিছিলোঁ৷ আমাৰ পাঠ্যপুথিত যিহেতু লাচিত বৰফুকনৰ বিষয়ে সন্নিৱিষ্ট কৰা হোৱা নাছিল, সেইবাবে হাইস্কুলত পঢ়ি থাকোঁতে কেৱল পৰীক্ষাত ৰচনা লিখিবলৈহে তেওঁৰ বিষয়ে কিছু অধ্যয়ন কৰিছিলোঁ৷ ৰাজ্য চৰকাৰৰ এই পদক্ষেপটো গ্ৰহণ কৰাৰ খবৰ লাভ কৰি মই তেওঁৰ বিষয়ে ভালদৰে অধ্যয়ন কৰি প্ৰবন্ধটো প্ৰস্তুত কৰিলোঁ,” তপন ডেকাই অসম বাৰ্তাক কয়৷

ৰাজ্য চৰকাৰৰ এই পদক্ষেপক শলাগী তেওঁ লগতে কয়, “বীৰ লাচিতৰ লগতে অসমৰ আন আন বীৰ-শ্বহীদসকলৰ বিষয়েও পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰিলে ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হ’ব৷ ভৱিষ্যৎ প্ৰজন্মই তেওঁলোকৰ বিষয়ে অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিলেহে তেওঁলোকৰ মনত জাতীয়তাবোধ বা অসমৰ প্ৰতি প্ৰেম জাগ্ৰত হ’ব৷”

অসমৰ ইতিহাসত জিলিকি থকা লাচিত বৰফুকনৰ খ্যাতি ৰাজ্যৰ লগতে দেশ-বিদেশৰ অন্যান্য প্ৰান্ততো সমানেই বিয়পি আছে৷ উত্তৰ প্ৰদেশ নিবাসী ৰমেশ প্ৰসাদেও লাচিতৰ বিষয়ে নিজৰ মনৰ ভাব ব্যক্ত কৰি চৰকাৰে মুকলি কৰা প’ৰ্টেললৈ লিখি পঠিয়ায়৷ তেওঁ বৰ্তমান নতুন দিল্লীৰ এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত ক্লিনিকেল ডাটা মেনেজাৰ হিচাপে কৰ্মৰত৷ “মোৰ পত্নীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাই আছে৷ তেওঁ অসম বুৰঞ্জী অধ্যয়ন কৰোঁতে লাচিতৰ বিষয়ে অৱগত হৈছিল৷ মোৰ ভাতৃ অসমত বাস কৰে৷ তেওঁৰ পৰাই মই চৰকাৰে মুকলি কৰা প’ৰ্টেলটোৰ বিষয়ে জানিবলৈ পাইছিলোঁ৷ তাৰ পাছতেই মই পত্নীৰ সৈতে আলোচনা কৰি মহান বীৰগৰাকীৰ বিষয়ে মোৰ মনৰ ভাব লিখি পঠিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ৷ লাচিত বৰফুকন কেৱল অসমৰে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ বাবেই এক গৌৰৱ৷ অসম চৰকাৰৰ এই পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয়৷ ইয়াৰ জৰিয়তে সমগ্ৰ বিশ্বৰ লোকসকলে বীৰ যোদ্ধাগৰাকীৰ বিষয়ে বিস্তৃতভাৱে জানিবলৈ সুযোগ লাভ কৰিব,” ৰমেশ প্ৰসাদে কয়৷

লাচিত প’ৰ্টেলটো পৰিচালনাৰ দায়িত্ব আছাম ইলেকট্ৰ’নিকছ ডেভেলপমেণ্ট ক’ৰ্প’ৰেশ্বন লিমিটেড চমুকৈ এমট্ৰনক প্ৰদান কৰা হৈছিল৷ প্ৰতিষ্ঠানটোৰ জ্যেষ্ঠ কাৰ্যবাহী বিষয়া ত্ৰৈলোক্য বৰকাকতীয়ে কয়, “এপটো পৰিচালনা কৰিবলৈ পোনপ্ৰথমে আমি ১.২ জিবিৰ এটা ব্যাণ্ডউইথ ব্যৱহাৰ কৰিছিলোঁ৷ প্ৰথমতে সকলো কাৰ্য সুকলমে সম্পন্ন হৈছিল যদিও এদিন অভাৱনীয় হাৰত এপ্লিকেশ্বন অহাত এপটোত কিছু সমস্যাৰ উদ্ভৱ হৈছিল৷ আমি ৰাইজৰ সুবিধাৰ্থে তৎমুহূৰ্ততে পূৰ্বৰ ব্যাণ্ডউইথ ৯ গুণ বৃদ্ধি কৰিলোঁ৷ ৰাইজৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি লেখাসমূহ পঠিওৱাৰ সময়সীমা পূৰ্বৰ নিৰ্ধাৰিত সময়তকৈ আৰু দুদিনলৈ বৃদ্ধি কৰা হৈছে৷”

মহাবীৰ লাচিত বৰফুকনৰ বিষয়ে নৱপ্ৰজন্মক অৱগত কৰোৱাৰ লগতে বিশ্বজুৰি তেওঁৰ কৰ্মৰাজিৰ বিষয়ে ৰাইজক সবিশেষ জনোৱাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে মুকলি কৰা লাচিত প’ৰ্টেল আৰু এপত মুঠ ৪৫,৩৪,৮১৮টা লেখা সন্নিৱিষ্ট হৈছে৷ ইয়াৰে ৬৫,৬৪২জন লোকে অনলাইন মাধ্যমত ৰচনা লিখাৰ বিপৰীতে ৪৪,৬৯,১৭৬জন লোকে কাগজত হাতেৰে লিখি ৰচনাসমূহ আপল’ড কৰিছে৷

উল্লেখ্য যে প্ৰবন্ধ জমা কৰাৰ ক্ষেত্ৰত নগাঁও জিলাই অভিলেখ সৃষ্টি কৰি শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে৷ জিলাখনৰ মুঠ ৩,৩৫,৭৬৬জন লোকে প’ৰ্টেলত নিজ নিজ ৰচনাসমূহ আপল’ড কৰিছে৷

ShareTweetShare

Related Posts

মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস
বিধায়কৰ বাৰ্তা

মেধাৰ সপোন অন্বেষণ আৰু এগৰাকী বিধায়কৰ প্ৰয়াস

February 2, 2023
4
যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ
সম্পাদকীয়

যাত্ৰাপথত দৃঢ়তাৰে অগ্ৰসৰ

February 2, 2023
2
পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ
দৃষ্টিভংগী

পাহাৰৰ জিলমিল চহৰখনৰ মৈদামবোৰ

February 2, 2023
4
বিভাগসমূহৰ ইটো-সিটো 
অসমীয়া

বিভাগসমূহৰ ইটো-সিটো 

February 2, 2023
4
স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল
অন্যান্য ৰাজ্যৰ বাৰ্তা

স্বাৱলম্বী নাৰীৰ জীৱন্ত গাথা: ইমা কেইথেল

February 2, 2023
6
Slew of projects set to transform city
অনিৰুদ্ধ অসম

ন-ৰূপত জিলিক উঠিব ৰাজধানী চহৰখন

February 2, 2023
4
Load More

By Categories

  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
  • Archive
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In