১৪ এপ্ৰিলত দিনজোৰা কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩,৪০০ কোটি টকাৰো অধিক ব্যয়সাপেক্ষে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি দেশবাসীৰ বাবে উছৰ্গা কৰে৷ এয়া আছিল ৰাজ্যখনৰ লগতে দেশৰ স্বাস্থ্যসেৱা খণ্ডত এক অনৱদ্য সংযোজন৷
প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীস্থিত এইমছ আৰু আন তিনিখন চিকিৎসা মহাবিদ্যালয় জনগণৰ সেৱাৰ্থে মুকলি কৰাৰ লগতে আছাম এডভান্স হেল্থকেয়াৰ ইন’ভেশ্যন ইনষ্টিটিউট (AAHII)ৰ আধাৰশিলাও স্থাপন কৰে৷ তদুপৰি যোগ্য হিতাধিকাৰীসকলৰ মাজত আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্ড বিতৰণ কৰি ‘আপকে দ্বাৰ আয়ুষ্মান’ (AB-PMJAY)অভিযানৰো শুভাৰম্ভ কৰে৷
কামৰূপ জিলাৰ চাংসাৰিত এইমছৰ শুভ উদ্বোধনী অনুষ্ঠানত জনসাধাৰণক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে সদৰী কৰে যে এইমছ আৰু এই তিনিখন নতুন চিকিৎসা মহাবিদ্যালয়ে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্য আন্তঃগাঁথনিত এক নতুন দিগন্তৰ সূচনা কৰিব৷
এখন ৫০০ বিছনাযুক্ত ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ৰ আধাৰশিলাৰ স্থাপন কৰি তেওঁ কয় যে আই আই টি, গুৱাহাটীৰ সহযোগত এই চিকিৎসালয়খনে বিশ্বমানৰ গৱেষণাৰ ক্ষেত্ৰতো অৱদান আগবঢ়াব৷ তেখেতে লগতে উল্লেখ কৰি যে অসমৰ কেইবালাখ লোকক আয়ুষ্মান কাৰ্ড বিতৰণ কৰাৰ বাবে মিছন মোডত কাম চলি আছে৷
মোদীয়ে কয় যে আন্তঃগাঁথনি, শিক্ষা আৰু স্বাস্থ্য সম্পৰ্কীয় সুবিধাসমূহৰ বিকাশৰ লগতে অঞ্চলটোত সামাজিক আন্তঃগাঁথনিয়েও ইতিবাচক পৰিৱৰ্তনৰ দিশেৰে আগবাঢ়িছে৷ অঞ্চলটোত ৰে’ল-পথৰ উন্নত যোগাযোগ ব্যৱস্থাই চিকিৎসা সুবিধাসমূহ লাভ কৰাত জনসাধাৰণক সহায় কৰাৰ কথাও তেখেতে ব্যক্ত কৰে৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে আনন্দ প্ৰকাশ কৰি কয় যে আজি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে উন্নয়নৰ উদ্দেশ্য সিদ্ধিৰ বাটত নিজে অংশীদাৰ হৈছে৷ “আমি উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ জৰিয়তে ভাৰতৰ বিকাশৰ মন্ত্ৰ লৈ আগবাঢ়িছোঁ৷ উন্নয়ন আৰু প্ৰগতিৰ এই আন্দোলনত কেন্দ্ৰীয় চৰকাৰে বন্ধু আৰু সেৱক হিচাপে প্ৰতিপলৰ সংগী হৈ আহিছে,” প্ৰধানমন্ত্ৰীয়ে কয়৷
জনসভাক উদ্দেশ্যে মোদীয়ে কয় যে যোৱা কেইবছৰমানৰপৰা কেন্দ্ৰীয় চৰকাৰে ১৫খন এইমছৰ কাম আৰম্ভ কৰিছে৷ ইয়াৰ ভিতৰত অধিকাংশতে ইতিমধ্যে চিকিৎসাসেৱা আৰু পাঠ্যক্ৰম আৰম্ভ হৈছে৷
চিকিৎসা আন্তঃগাঁথনিত হোৱা বিকাশৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনৰ পূৰ্বৰ দশকটোত দেশত প্ৰায় ১৫০খন চিকিৎসা মহাবিদ্যালয় কাৰ্যকৰী হোৱাৰ বিপৰীতে যোৱা ৯ বছৰত প্ৰায় ৩০০খন চিকিৎসা মহাবিদ্যালয় কাৰ্যকৰী হৈ উঠিছে৷ যোৱা ৯ বছৰত দেশত এমবিবিএছৰ আসনৰ সংখ্যা দুগুণ বৃদ্ধি হৈ প্ৰায় এক লাখ হোৱাৰ লগতে স্নাতকোত্তৰ শ্ৰেণীত আসনৰ সংখ্যাও ১১০%লৈ বৃদ্ধি পাইছে৷
২০১৪ চনৰপৰা উত্তৰ-পূৰ্বাঞ্চলত চিকিৎসা মহাবিদ্যালয়ৰ লগতে ইয়াৰ আসনৰ সংখ্যা দুগুণ বৃদ্ধি পোৱাৰ বিপৰীতে কেইবাখনো নতুন মহাবিদ্যালয়ৰ কাম চলি আছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে৷
চৰকাৰী আঁচনিসমূহৰ সফলতাৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আমাৰ চৰকাৰে একবিংশ শতিকাত ৰাইজৰ প্ৰয়োজন অনুসৰি ভাৰতৰ স্বাস্থ্যখণ্ডত আধুনিকীকৰণ অব্যাহত ৰাখিছে৷” এইক্ষেত্ৰত চিকিৎসালয়ৰ সেৱা উন্নত কৰিবলৈ আৰু জনসাধাৰণৰ স্বাস্থ্য সম্পৰ্কীয় সুবিধাৰ বাবে আয়ুষ্মান ভাৰত ডিজিটেল হেল্থ মিছন আৰু ডিজিটেল হেল্থ আইডিৰ গুৰুত্বৰ কথাও তেখেতে ব্যক্ত কৰে৷ ই-সঞ্জীৱনীৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আঁচনিখনৰ জৰিয়তে ১০ কোটি ই-পৰামৰ্শদান সম্পূৰ্ণ কৰাৰ বিষয়েও উল্লেখ কৰে৷
“ভাৰতৰ স্বাস্থ্যসেৱা খণ্ডৰ পৰিৱৰ্তনৰ সৰ্বশ্ৰেষ্ঠ আধাৰ হৈছে সবকা প্ৰয়াস অৰ্থাৎ সকলোৰে প্ৰচেষ্টা,” মোদীয়ে কয়৷ ক’ভিড মহামাৰীৰ সময়ত ‘সবকা প্ৰয়াস’ৰ মনোভাবৰ বিষয়ে মোদীয়ে উল্লেখ কৰি কয় যে বিশ্বৰ সৰ্ববৃহৎ, দ্ৰুততম আৰু ফলপ্ৰসূ ক’ভিড টিকাকৰণ অভিযানৰ সন্দৰ্ভতো সমগ্ৰ বিশ্বই ভাৰতক প্ৰশংসা কৰিছে৷
এই উপলক্ষে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী ড॰ মনসুখ মান্দৱিয়া, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ডাঃ ভাৰতী পাৱাৰ আৰু অসম চৰকাৰৰ মন্ত্ৰীসকল উপস্থিত আছিল৷
প্ৰধানমন্ত্ৰীয়ে নলবাৰী চিকিৎসা মহাবিদ্যালয়, নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় দেশবাসীলৈ উৎসৰ্গা কৰে৷ এই তিনিখন চিকিৎসা মহাবিদ্যালয় ক্ৰমে ৬১৫ কোটি টকা, ৬০০ কোটি টকা আৰু ৫৩৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে৷ প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত বহিঃৰোগ আৰু ৰোগী বিভাগৰ সেৱা ব্যৱস্থাৰ লগতে ৫০০খন বিছনাৰ সৈতে শিক্ষণ চিকিৎসালয় আছে৷ ইয়াৰ ভিতৰত জৰুৰীকালীন সেৱা, আইচিইউ সুবিধা, অস্ত্ৰোপচাৰ আৰু ৰোগ নিৰ্ণয়ৰ সুবিধা ইত্যাদিও উপলব্ধ৷ তদুপৰি প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত প্ৰতি বছৰে ১০০গৰাকী এমবিবিএছ শিক্ষাৰ্থীয়ে পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব৷