• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Sunday, June 4, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • April 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • March 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • April 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • March 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home দৃষ্টিভংগী

দূৰন্ত গতিত অগ্ৰগামী অসম

জয়ন্ত নাৰায়ণ চৌধুৰী

November 3, 2022
in অসমীয়া, দৃষ্টিভংগী
0
0
Assam is on the Move

প্ৰতিটো চৰকাৰী বিভাগৰ বাবে এক স্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰি ৰাজ্যখনৰ উন্নয়ন নিশ্চিত কৰাই হৈছে ৰোড মেপ ২০২৬-ৰ উদ্দেশ্য৷ এই পদক্ষেপৰ আৰম্ভণি হৈছিল যোৱা ছেপ্টেম্বৰত অনুষ্ঠিত চিন্তন শিবিৰত৷ ৰাজনৈতিক নেতৃবৃন্দ আৰু শীৰ্ষ বিষয়াসকলে আন্তঃবিভাগীয় সমন্বয়, সীমাবদ্ধতা আৰু প্ৰয়োজনীয় সম্পদৰ প্ৰয়োজনীয়তা চিনাক্তকৰণৰ বাবে এই শিবিৰত মিলিত হৈছিল৷ প্ৰণালীবদ্ধ পৰ্যবেক্ষণৰ অভাৱতেই বেছিভাগ পৰিকল্পনা ৰূপায়ণত বিফল হোৱা দেখা যায় বাবেই বৰ্তমানৰ সুদক্ষ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই প্ৰয়োজনীয়তাৰ দিশত গুৰুত্ব প্ৰদান কৰিছে৷

প্ৰাথমিক স্তৰত সাধাৰণ নাগৰিকৰ কাম্য হৈছে উন্নতমানৰ জীৱন৷ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে এতিয়া মুঠ ঘৰুৱা উৎপাদনৰ বিপৰীতে বিশ্ব বেংকেও মান্যৰূপত গ্ৰহণ কৰা মুঠ ৰাষ্ট্ৰীয় সুখ (Gross National Happiness)তহে গুৰুত্ব দিছে৷ ইয়াৰ চাৰিটা প্ৰধান কাৰক– বহনক্ষম আৰ্থ-সামাজিক বিকাশ, এক প্ৰাণৱন্ত সংস্কৃতিৰ সংৰক্ষণ, পাৰিপাৰ্শ্বিক সুৰক্ষা আৰু সুশাসন৷ ৰাষ্ট্ৰসংঘৰ ১৭টা বহনক্ষম উন্নয়নৰ লক্ষ্যতো স্বাস্থ্য, শিক্ষা, জীৱিকাৰ সুযোগ, জৈৱ-বৈচিত্ৰ্যৰ সুৰক্ষা আৰু ন্যায় ব্যৱস্থাৰ প্ৰৱেশাধিকাৰ আদি নাগৰিককেন্দ্ৰিক বিষয় নিশ্চিত কৰাতহে গুৰুত্ব দিয়া হৈছে৷

পৰিৱেশৰ ক্ষয়-ক্ষতি, সামাজিক অসমতা বৃদ্ধি বা সম্প্ৰদায়সমূহৰ বিভাজন আদি আনুষংগিক অৱক্ষয় সত্ত্বেও বিংশ শতিকাটোত আমি অৰ্থনৈতিক বিকাশক লৈ আচ্ছন্ন আছিলোঁ৷ পিছে একবিংশ শতিকাত বিকাশৰ এনে আহিৰ্সমূহ বহনক্ষম নহয় আৰু ইয়াৰ জৰিয়তে জীৱনৰ মান উন্নত হোৱাটো সুনিশ্চিত নহয়৷

ব্ৰিটিছে চাহখেতি কৰিবলৈ লওঁতে অৰ্থনৈতিক লাভৰ বাবে উজনি অসমৰ বৰ্ষাৰণ্যসমূহ ধ্বংস কৰিছিল৷ বৰ্তমানৰ উৎপাদন প্ৰক্ৰিয়া যন্ত্ৰচালিত বা প্ৰযুক্তিনিৰ্ভৰ হোৱাৰ বাবে প্ৰাক্তন চাহ জনজাতিৰ জনসংখ্যা অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ একে সময়তে চাহখেতি সম্প্ৰসাৰণ হৈ থকা দেশসমূহত অসমৰ দৰে ঐতিহাসিক সীমাবদ্ধতা আৰু ব্যয়বহুলতা নাই৷ ফলত, অসমত উৎপাদন মূল্যৰ ভাৰসাম্য বৰ্তাই ৰাখি নিযুক্তি প্ৰদানৰ দিশত চাহ খণ্ডটোৰ সামৰ্থ্যৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিছে৷ ভাৰতৰ ঔদ্যোগীকৰণৰ অমূল্য সম্পদ তেল আৰু কয়লা আদি খনিজ পদাৰ্থৰ আহৰণে প্ৰকৃতিৰ ওপৰত প্ৰভাৱ পেলাইছে৷ বৰ্তমান নৱীকৰণযোগ্য শক্তিৰ উৎসৰ দিশত গুৰুত্ব বৃদ্ধি পোৱাৰ বাবে অসমত অ-নৱীকৰণযোগ্য শক্তি খণ্ডৰ সম্ভাৱনা সীমিত হৈ আহিছে৷ এই সম্পদসমূহ শেষ হৈ যোৱা নাই যদিও বহনক্ষম অৰ্থনৈতিক বিকাশ আৰু জীৱিকাৰ সুযোগ প্ৰদান কৰা বিকল্পসমূহ বিচাৰি উলিওৱাৰ সময় সমাগত৷

অসম আৰু উত্তৰ-পূৰ্বাঞ্চল হৈছে জৈৱ-বৈচিত্ৰ্যৰ ভঁৰালস্বৰূপ আৰু বিভিন্ন সাংস্কৃতিক ঐতিহ্যৰে সমৃদ্ধ৷ গতিকে, বৰ্তমান সময়ত বৃহৎ বিনিয়োগ অবিহনেও ‘অভিজ্ঞতামূলক’ আৰু ‘প্ৰাকৃতিক’ পৰ্যটনৰ চাহিদাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ যথেষ্ট সম্ভাৱনা আছে৷ ইয়াত কেৱল পৰিবহণ সেৱাৰ উন্নীতকৰণৰ লগতে সামূহিক আৰু ব্যক্তিগত প্ৰচেষ্টাৰে ক্ষুদ্ৰ ক্ষদ্ৰ পদক্ষেপ গঢ়ি তোলাত সহায় কৰিব লাগিব৷ একেদৰে চাহিদা হ্ৰাস পোৱা হস্ততাঁতৰ সামগ্ৰীৰ বাবে সমসাময়িক ডিজাইন আৰু উন্নত যোগান শৃংখলাৰে বৃহৎ বজাৰ সৃষ্টি কৰিব পাৰি৷ বৰ্তমানে কম্পিউটাৰ এণ্ড ইনফৰ্মেশ্যন টেকন’ল’জী খণ্ড গঢ়ি তোলাৰ বিষয়ত যথেষ্ট গুৰুত্ব প্ৰদান কৰি বহু ৰাজ্যই বিশ্বব্যাপী সংযোগ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণত বিনিয়োগ কৰিছে৷ এইক্ষেত্ৰত অসমো পিছপৰি থাকিব নোৱাৰে৷ একে সময়তে পৰম্পৰাগত দক্ষতা গঢ়ি তোলাৰ বাবে আইটিআই উন্নীতকৰণৰ দৰে বিশেষ প্ৰচেষ্টাই আধাতে বিদ্যালয়ৰ শিক্ষা সামৰা ৰাজ্যখনৰ যুৱক-যুৱতীসকলৰ বাবে জীৱিকাৰ সুযোগ সৃষ্টি কৰিব পাৰে৷ এমএছএমইসমূহে বৃহৎ বিনিয়োগকাৰীক আকৰ্ষণ নকৰিলেও অধিকসংখ্যক পৰিয়ালক, বিশেষকৈ সেৱা খণ্ডত এক উপযুক্ত জীৱিকাৰ সুবিধা প্ৰদান কৰে৷ ‘ইজ-অফ-ডুয়িং-বিজনেছ’ ব্যৱস্থাৰ সংস্কাৰে এই খণ্ডটোৰ লগতে বৃহৎ বিনিয়োগকাৰীসকলক লাভান্বিত কৰিব লাগিব৷ বিত্তৰ প্ৰৱেশাধিকাৰ আৰু স্থানীয় চৰকাৰী অনুমোদন লাভ কৰাৰ প্ৰক্ৰিয়াটোও সুশৃংখলিত হ’ব লাগিব৷

অসমৰ কৃষি আৰু পশু চিকিৎসা বিজ্ঞান, চিকিৎসা মহাবিদ্যালয় আৰু লগতে কেন্দ্ৰীয় আৰু ৰাজ্যিক বিশ্ববিদ্যালয়ৰ দৰে অন্যান্য কাৰিকৰী ক্ষেত্ৰৰ প্ৰতিষ্ঠান আইআইটি বা আৰইচি আদিক উদ্ভাৱন আৰু প্ৰায়োগিক গৱেষণাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ সহায় কৰিব পাৰি যি কেৱল অসমকে নহয়, আনকি চুবুৰীয়া দেশসমূহকো বিভিন্ন সমস্যাৰ সমাধানৰ উপায় আগবঢ়াব পাৰিব৷

আজি অসম শান্তি প্ৰতিষ্ঠাৰ দিশত অগ্ৰসৰ হৈছে৷ এইক্ষেত্ৰত কেন্দ্ৰৰ পৰা লাভ কৰা সহযোগিতাৰে ৰাজ্যখনৰ আৰক্ষীয়ে পালন কৰা ভূমিকাক বছৰটোৰ আৰম্ভণিতে ৰাষ্ট্ৰপতিৰ বঁটাৰে স্বীকৃতি দিয়া হৈছিল৷ এই সফলতা অৰ্জনৰ বাবে আৰক্ষীৰ সশস্ত্ৰ দক্ষতা গঢ়ি তোলাৰ বিপৰীতে অসামৰিক ক্ষেত্ৰত কম গুৰুত্ব প্ৰদান কৰা হৈছিল৷ এতিয়া সক্ৰিয় আৰক্ষী ব্যৱস্থাৰ বাবে এক নাগৰিকমুখী আৰু কাৰ্যক্ষম অপৰাধ নিয়ন্ত্ৰণ ন্যায় প্ৰণালী প্ৰস্তুত কৰাটো অতিকৈ প্ৰয়োজনীয়৷ তদুপৰি, অপৰাধ প্ৰতিৰোধ, চিনাক্তকৰণ আৰু মোকৰ্দমা দাখিলৰ লগতে দিনে দিনে বৃদ্ধি পোৱা যানজঁট কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণৰ আধুনিক দক্ষতাৰো প্ৰয়োজন৷ ইতিমধ্যে এই ‘দক্ষতা’ আৰু অন্যান্য প্ৰশিক্ষণ প্ৰদানৰ এক মডিউলৰ আৰম্ভণিও হৈছে৷

গুৱাহাটী উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ হোৱা হেতুকে ই ‘স্মাৰ্ট’ চহৰৰ তালিকাতো সন্নিৱিষ্ট হৈছে৷ গতিকে, যান-বাহন ব্যৱস্থাপনাকে ধৰি নাগৰিক সেৱাসমূহক বিশ্বমানৰ মহানগৰৰ বাবে প্ৰয়োজনীয় স্তৰলৈ উন্নীত কৰাটোও সমানেই প্ৰয়োজনীয়৷ জনসাধাৰণৰ অধিক সক্ৰিয় অংশগ্ৰহণ সুনিশ্চিত কৰি অসমে নগৰ শাসন প্ৰণালীৰ সৈতে পৰীক্ষা-নিৰীক্ষাৰ ক্ষেত্ৰতো আগভাগ ল’ব পাৰে৷ ৰোড মেপ-২০২৬ৰ লক্ষ্যত উপনীত হোৱাৰ বাবে এক স্বয়ংসম্পূৰ্ণ চৰকাৰী প্ৰচেষ্টাৰ সমান্তৰালকৈ প্ৰক্ৰিয়াটোৰ সৈতে ‘সমাজৰ সকলোৰে’ অংশগ্ৰহণ নিতান্তই জৰুৰী৷

নেতৃত্বৰ গতিশীলতাই হৈছে দলটোৰ অগ্ৰগতি৷ অসমত যুৱ চিন্তাৰ অধিকাৰী এগৰাকী সুদক্ষ নেতা আছে লগতে চৰকাৰ পৰিচালানাৰ অংশস্বৰূপে তেওঁৰ দশকজোৰা অভিজ্ঞতাও আছে৷ তেওঁ কেন্দ্ৰৰ সৈতে ৰাজ্যখনৰ এক সু-সম্পৰ্ক স্থাপন কৰিছে যি যুক্তৰাষ্ট্ৰীয় ৰাজনীতিত অতিকৈ গুৰুত্বপূৰ্ণ৷ এইক্ষেত্ৰত সফলতাৰ ধাৰা অব্যাহত ৰাখিলে তেওঁ এখন পৰিৱৰ্তিত অসম আমাক উপহাৰ দিব পাৰিব৷

(লেখকগৰাকী নেচনেল ছিকিউৰিটী গাৰ্ডৰ প্ৰাক্তন ডিজি আৰু অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্ৰধান)

ShareTweetShare

Related Posts

উন্নয়নৰ মানচিত্ৰ
দৃষ্টিভংগী

উন্নয়নৰ মানচিত্ৰ

June 1, 2023
0
সংস্থাপনৰ বাট মুকলি কৰি..
সম্পাদকীয়

সংস্থাপনৰ বাট মুকলি কৰি..

June 1, 2023
0
মুখ্যমন্ত্ৰীৰ বাৰ্তা
মুখ্যমন্ত্ৰীৰ বাৰ্তা

মুখ্যমন্ত্ৰীৰ বাৰ্তা

June 1, 2023
0
কাৰ্বি আংলঙত ২,৫০০ কোটি টকাৰ প্ৰকল্প মুকলি
বিশেষ বাৰ্তা

কাৰ্বি আংলঙত ২,৫০০ কোটি টকাৰ প্ৰকল্প মুকলি

June 1, 2023
0
জীৱন গঢ়াৰ তপস্যা – তপোবন
বাটকটীয়া

জীৱন গঢ়াৰ তপস্যা – তপোবন

June 1, 2023
0
অসম-মেঘালয় সীমা বিবাদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ অগ্ৰগতি
বিশেষ বাৰ্তা

অসম-মেঘালয় সীমা বিবাদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ অগ্ৰগতি

June 1, 2023
0
Load More

By Categories

  • Anniversary Special
  • Assam Budget Special
  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Changemaker
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Article
  • Special Feature
  • असम प्रगति के पथ पर
  • असम बजट विशेष
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • परिवर्तक
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वर्षगांठ विशेषांक
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • विशेष लेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসম বাজেট বিশেষ
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বৰ্ষপূৰণ বিশেষ
  • বাটকটীয়া
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ নিবন্ধ
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • April 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • March 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In