হাফলঙৰ নতুন ৰে’লৱে ষ্টেচনটোৰ চাৰিওফালে উৰি থকা ধূলিকণাবোৰে কঢ়িয়াই ফুৰিছে ষ্টেচনটোৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ কাহিনী৷ সেই দুৰ্যোগ, পুনৰ্নিৰ্মাণ আৰু উন্নয়নৰ কাহিনী৷ এয়া ফাগুনৰ বতাহজাকত উৰি অহা ধূলিকণা হ’লেও ইয়াৰ সৈতে যেন মিহলি হৈ আছে ষ্টেচনটোক দ্ৰুতগতিত পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আশাশুধীয়া প্ৰচেষ্টা৷ প্ৰকৃতিৰ ৰোষৰ বলি হোৱাৰ পাছত এই ষ্টেচনটোক খৰতকীয়াকৈ প্ৰাণৱন্ত কৰি তোলা হৈছে৷
“১৪ মে’ৰ দিনা মোৰ চকুৰ সন্মুখতে যি ঘটিছিল সেয়া দেখা পাই এনে লাগিছিল যেন ইয়াত পুনৰ ব্যৱসায় আৰম্ভ কৰিবলৈ অতি কমেও এবছৰ লাগিব৷” ৰে’লযাত্ৰীৰ বাবে আহাৰৰ টোপোলা সাজু কৰি থকা এগৰাকী চাহৰ দোকানী জমিল আহমেদে অসম বাৰ্তাক কয়৷ “ঘটনাটো আমাৰ বাবে অপ্ৰত্যাশিত আছিল৷ তেতিয়া ঠিক চাৰে সাত মান বাজিছিল৷ সৌভাগ্যবশতঃ গুৱাহাটী-শিলচৰ যাত্ৰীবাহী ট্ৰেইনখন ইতিমধ্যে ষ্টেচন আহি পাইছিল৷ আবদ্ধ যাত্ৰীসকলক উদ্ধাৰ কৰাৰ বাবে স্থানীয় লোকসকলেও যথেষ্ট সহায় কৰিছিল৷” জমিল আহমেদে সেই দিনটোৰ কথা সুঁৱৰি কয়৷
“১১ মে’ৰপৰা মুষলধাৰে বৰষুণ আৰম্ভ হৈছিল৷ ১৪ মে’ৰ দিনা পুৱা প্ৰায় ১১ বাজি ২০ মিনিট মানৰপৰা বৃহত্তৰ হাফলং অঞ্চলৰপৰা পানীৰ প্লাৱন নামি আহে৷ ৰৈ থকা ৰে’ল এখনৰ পাঁচটা ডবা তৃতীয় লাইনৰপৰা পঞ্চম লাইনলৈ ঠেলি লৈ গৈছিল৷ ২ আৰু ৩ নম্বৰ প্লেটফৰ্মত প্ৰায়
১৫-২০ ফুট উচ্চতালৈ দুটা বোকাৰ দমৰ সৃষ্টি হৈছিল” -ষ্টেচন অধীক্ষক অনিল কুমাৰে কয়৷ “ইয়াত কৰ্মজীৱনৰ ১৭টা বছৰ অতিক্ৰম কৰাৰ পাছত প্ৰথমবাৰৰ বাবে এনে অত্যধিক বৃষ্টিপাতৰ ঘটনাৰ সাক্ষী হলোঁ”- প্ৰতিৱেদকক তেখেতে জানিবলৈ দিয়ে৷ “২০১৩ চনত এবাৰ প্ৰবল বৃষ্টিপাতৰ বাবে আমাৰ মিটাৰ গজ লাইনৰ বিস্তৰ ক্ষতি হৈছিল৷ কিন্তু, এইজাক বৰষুণৰ তুলনাত সেয়া একো নাছিল,” তেওঁ কয়৷
১৩ মে’ৰ দিনাই হাফলং ষ্টেচনৰপৰা ২৮০ কিঃমিঃ দূৰত্বৰ গুৱাহাটীৰ কাৰ্যালয়ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক অংশুল গুপ্তাই অন্যান্য বিষয়াসকলৰ সৈতে এই বিষয়টোক লৈ চিন্তা-চৰ্চা কৰি আছিল৷ হাফলঙৰ দাঁতি-কাষৰীয়া অঞ্চলৰপৰা পোৱা খবৰসমূহে তেওঁলোকক চিন্তিত কৰি তুলিছিল৷ তেওঁলোকে ইতিমধ্যে উপলব্ধি কৰিছিল যে এইজাক বৰষুণ প্ৰতিবছৰে অহা সাধাৰণ বাৰিষাকালৰ বৰষুণৰ দৰে নাছিল৷ “যেতিয়া মই ষ্টেচনটোত হোৱা কিছু ক্ষয়-ক্ষতিৰ খবৰ লাভ কৰিলোঁ, মই থিৰাং কৰিলোঁ যে মই তালৈ যাব লাগিব৷ জলস্তৰ ক্ৰমান্বয়ে বাঢ়ি আহিছিল আৰু মোৰ অনুভৱ হৈছিল যে ট্ৰেকসমূহ সুৰক্ষিত হৈ থকা নাই৷ আমি বহুকেইখন ৰে’লৰ চলাচল বাতিল কৰিলোঁ আৰু ততাতৈয়াকৈ মই লামডিঙলৈ যাত্ৰা কৰিলোঁ৷ মই যেন এক বিপৰ্যয়ৰ উমান পাইছিলোঁ,” সেইদিনটোৰ স্মৃতি তেওঁৰ মনত সজীৱ হৈ থকাৰ বিষয়ে উল্লেখ কৰি গুপ্তাই কয়৷
“আমি এখন পুশ্ব্ ট্ৰলী লৈ জৰীপ আৰম্ভ কৰিলোঁ৷ বন্ধ হৈ থকা খালবোৰ মই দেখা পাইছিলোঁ৷ ৬৯টা স্থান যথেষ্ট প্ৰভাৱিত হৈছিল৷ ছয় ঠাইত পাহাৰ খহি পৰিছিল৷ প্ৰায় ৩,০০০ যাত্ৰী আবদ্ধ হৈ আছিল,” ভাৰতীয় বায়ু সেনাই হেলিকপ্তাৰৰ ১৯টা ছৰ্টিৰে উদ্ধাৰ কাৰ্য চলোৱাৰ বিষয়ে উল্লেখ কৰি অংশুল গুপ্তাই কয়৷ এই ক্ষয়-ক্ষতি আৰু উদ্ধাৰ অভিযানে সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰিছিল৷
ভাৰতীয় ৰে’লসেৱাৰ বহুদিনীয়া অভিজ্ঞতাৰে সমৃদ্ধ গুপ্তাই উদ্ধাৰ অভিযানত সহযোগ কৰা সকলোকে কৃতজ্ঞতা জনাই কয়, “সকলোৰে সহযোগিতা আৰু প্ৰচেষ্টাই এই উদ্ধাৰ অভিযান সফল কৰি তুলিছিল৷ ৰে’ল ষ্টেচনসমূহৰ আশে-পাশে প্ৰায় এক লাখ যাত্ৰীয়ে আশ্ৰয় লৈছিল৷ স্বেচ্ছাসেৱী সংগঠন, গুৰুদ্বাৰা, বিভিন্ন সংস্থা তথা বহু সচেতন ব্যক্তিয়ে খাদ্য আৰু প্ৰয়োজনীয় সামগ্ৰীৰে সাহায্য আগবঢ়াইছিল৷ সেই সময়ত ৰাইজক প্ৰয়োজন হোৱা সহায় আৰু সাহায্যৰ মূল্যাঙ্কন কৰিবলৈ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে এটা ৰে’ল যাত্ৰা কৰিছিলোঁ৷” তেখেতে কয়, “মই স্বীকাৰ কৰিবই লাগিব যে ভাৰতীয় ৰে’লসেৱাই এই লোকসকলক সহায় কৰিবলৈ পাৰ্যমানে চেষ্টা কৰিছিল৷”
“আমি প্ৰায় ১৫০ কোটি টকা ব্যয়েৰে স্থানীয় ভৌগোলিক দিশসমূহৰ সৈতে সংগতি ৰাখি অত্যাধুনিক সা-সঁজুলি আৰু প্ৰযুক্তি ব্যৱহাৰ কৰিছিলোঁ৷ হয়, কামৰ গতি আছিল প্ৰশংসনীয়৷ মাত্ৰ ৪২ দিনতে আমি নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈছিলোঁ৷ এই কৃতিত্ব অৰ্জন কৰিবলৈ আমি আমাৰ সকলো ঠিকাদাৰকে এই কামত নিয়োজিত কৰিছিলোঁ”
৩০ জুন ২০২২, সেইদিনা যেতিয়া ‘০৫৬১৬ শিলচৰ-হাফলং’ যাত্ৰীবাহী ট্ৰেইনখন আহি হাফলং ৰে’লৱে ষ্টেচনত উপস্থিত হয়, চাৰিওফালে উৎসাহৰ ঢল দেখা পোৱা গ’ল৷ বহুজনৰ বাবে এয়া এক অকল্পনীয় বাস্তৱ আছিল৷ হয়তো কোনেও আশা কৰা নাছিল যে উত্তৰ-পূব সীমান্ত ৰে’লৱে আৰু নিৰ্মাণকৰ্মীসকলে এই প্ৰতিকূলতা নেওচি মাত্ৰ ছয়মাহৰ ভিতৰতে ষ্টেচনটো কাৰ্যক্ষম কৰি তুলিব৷ “১৩ জুলাইৰ ভিতৰত লামডিং-গুৱাহাটী যাত্ৰীবাহী ৰে’লখনে পূৰ্ণসেৱা আৰম্ভ কৰে আৰু জুলাইৰ শেষ সপ্তাহলৈ সেই শাখাৰ সকলো মুখ্য ৰে’লসেৱা কাৰ্যকৰী কৰি তোলা হয়,” অনিল কুমাৰে কয়৷
“আমি প্ৰায় ১৫০ কোটি টকা ব্যয়েৰে স্থানীয় ভৌগোলিক দিশসমূহৰ সৈতে সংগতি ৰাখি অত্যাধুনিক সা-সঁজুলি আৰু প্ৰযুক্তি ব্যৱহাৰ কৰিছিলোঁ৷ হয়, কামৰ গতি আছিল প্ৰশংসনীয়৷ মাত্ৰ ৪২ দিনতে আমি নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈছিলোঁ৷ এই কৃতিত্ব অৰ্জন কৰিবলৈ আমি আমাৰ সকলো ঠিকাদাৰকে এই কামত নিয়োজিত কৰিছিলোঁ,”-গুপ্তাই এই প্ৰতিৱেদকক অৱগত কৰে৷
এই প্ৰতিৱেদকে ৰে’লযাত্ৰাত লগ পোৱা ভিষ্টাড’মৰ এগৰাকী হাউছকিপিং কৰ্মচাৰী দিগন্ত নাৰায়ণে কয়, “ক্ষয়-ক্ষতিৰ পৰিমাণেই হওক বা স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ দ্ৰুততাই হওক, মোৰ জীৱনত এনে অভিজ্ঞতা আগতে কেতিয়াও হোৱা নাছিল৷”