নাটকীয় কিন্তু বাস্তৱ। কাছাৰৰ লক্ষীপুৰ বন সংমণ্ডলৰ এগৰাকী বিষয়াই অনুজ্ঞাপত্ৰ থকা সৰু কাঠৰ মিল এটাৰ স্বত্বাধিকাৰী এগৰাকীক অনৈতিকভাৱে ধন দাবী কৰে। কাঠৰ মিলৰ গৰাকীজনে তৎক্ষণাত এই বিষয়ে প্ৰয়োজনীয় তথ্য সহকাৰে অসম চৰকাৰৰ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ সৈতে যোগাযোগ কৰে। তথ্যৰ প্ৰয়োজনীয় মান্যতা লাভ কৰি ৰাতিয়েই দুৰ্নীতি নিবাৰণ শাখাৰ এটি দলে কাছাৰলৈ ৰাওনা হয়। ৩ আগষ্ট ২০২২ৰ পুৱাৰপৰাই দলটিয়ে প্ৰয়োজনীয় পৰিকল্পনা প্ৰস্তুত কৰি কাঠৰ মিলৰ গৰাকীৰ সৈতে বিষয়াগৰাকীৰ কাৰ্যালয়লৈ ৰাওনা হয়। হঠাৎ বিষয়াগৰাকীয়ে ফ’ন কৰি মিলৰ গৰাকীজনক জনায় যে তেওঁ টকাটো ৰাস্তাৰ মাজৰে চ’ক এটাত ল’ব। দুৰ্নীতি নিবাৰণ শাখাৰ দলটিয়ে পৰিকল্পনা সলনি কৰিব লগীয়া হয়। এখন গাড়ী নিৰ্দিষ্ট স্থানৰ এক কিল’মিটাৰমান আঁতৰত ৰখাই থৈ আনখন গাড়ী চ’কটোৰ কাষৰে সৰু পথ এটাৰ ভিতৰত ৰখাই দিয়ে। বিষয়াগৰাকী আহি পোৱাৰ পাছত ৰাসায়নিক দ্ৰব্যৰে সাজু কৰি ৰখা ১৫,০০০ টকাৰ বাণ্ডিলটো মিলৰ গৰাকীজনে তেওঁলৈ আগবঢ়াই দিয়ে। বাণ্ডিলটো হাতত লোৱাৰ লগে লগে ছদ্মৱেশত থকা কনিষ্টবল দুগৰাকীয়ে বিষয়াজনৰ হাতখন ধৰি নিজৰ চিনাকি দিয়ে। গাড়ীৰ ভিতৰত বহি থকা বিষয়াজনে ড্ৰাইভাৰক গাড়ী লৈ পলাবলৈ ইংগিত দিয়ে। পাছে প্ৰায় দুই কিল’মিটাৰ খেদি যোৱাৰ পাছত দুৰ্নীতি নিবাৰক বিভাগৰ দলটিয়ে তেওঁক আটক কৰিবলৈ সক্ষম হয়।
এয়াই একমাত্ৰ উদাহৰণ নহয়। দুৰ্নীতি নিবাৰণ শাখাৰ এটি দলে আন এক এনে অভিযান চলাই যোৱা ২৭ জুলাইত ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া এগৰাকীক ৩০,০০০ টকাৰ উৎকোচ লোৱাৰ মুহূৰ্তত আটক কৰে। উল্লেখ্য যে এই বিষয়াগৰাকীৰ দুটাকৈ বাসগৃহৰপৰা মুঠ ২,৩২,৮৮,৩০০ টকা উদ্ধ্বাৰ কৰে।
অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান মুকেশ সাহায়ে অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত কয়, “দুৰ্নীতিৰ বিৰুদ্ধে প্ৰশাসন আৰু চৰকাৰে দায়িত্ব গ্ৰহণ কৰিবই লাগিব। এনে ব্যৱস্থাই সমাজক এক উচিত বাৰ্তা প্ৰদান কৰিব, কিন্তু তাৰ লগতে এইক্ষেত্ৰত সমাজৰো এক দায়িত্ব আছে। বিশেষকৈ বিদ্যালয় আৰু অভিভাৱকসকলে নৱপ্ৰজন্মক সহজ টকাৰ পন্থা অৱলম্বন নকৰাৰ বাবে সজাগ কৰিব লাগিব আৰু ৰাইজেও সঠিক দিশত প্ৰশাসন ব্যৱস্থাটোক সহযোগ কৰিব লাগিব। সংবাদ মাধ্যমৰো এইক্ষেত্ৰত গুৰুত্বপূৰ্ণ দায়িত্ব আছে।”
২০২১ চনৰ মে’ মাহত মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ পাছতেই ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ বিষয়ে ঘোষণা কৰিছিল। অসম চৰকাৰৰ দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ আৰক্ষী উপ মহাপৰিদৰ্শক সুৰেন্দ্ৰ কুমাৰে অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত কয়, “মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশত আমি নিৰন্তৰ দুৰ্নীতিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছোঁ।” তেওঁ কয়, “যোৱা দুটা বছৰত আমাৰ অভিযান যথেষ্ট বৃদ্ধি পাইছে আৰু ৰাইজেও সম্পূৰ্ণ আস্থাৰে আমাক সহযোগ আগবঢ়াইছে। আমি এই বিষয়ে সজাগতা অনাৰ বাবে বিভিন্ন মঞ্চত আমাৰ প্ৰচাৰ অভিযানো অব্যাহত ৰাখিছোঁ।”
দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীসকলেও বিভিন্ন নতুন পন্থা অৱলম্বন কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, “আমিও সেই পন্থাসমূহক নেওচি তেওঁলোকক আটক কৰিবলৈ সক্ষম হৈছোঁ। ৰাইজে আমাৰ ওচৰত আস্থা প্ৰকাশ কৰাৰ অন্যতম কাৰণ হ’ল আমি নিম্ন বৰ্গৰ কৰ্মচাৰীৰ লগতে যুটীয়া সচিব পৰ্যায়ৰ আৰু বহু উচ্চপদস্থ বিষয়াকো আমাৰ জালত পেলাবলৈ সক্ষম হৈছোঁ। চৰকাৰৰ বিভিন্ন বিভাগৰ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ লগতে আমি নিজৰ গৃহ বিভাগৰো বহু বিষয়া-কৰ্মচাৰীক আটক কৰিছোঁ।” আটক কৰাৰ পাছতো ১০০ শতাংশ চাৰ্জশ্বীত দাখিল সুনিশ্চিত কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, ”গোচৰসমূহৰো আমি প্ৰতিদিনে নিৰীক্ষণ কৰোঁ, যাতে দোষী হাৰি যাব নোৱৰাটো নিশ্চিত কৰিবলৈ আমাৰ আওতাৰ ভিতৰত থকা দায়িত্ব পালন কৰিব পাৰোঁ।”
অসম বাৰ্তাৰ সৈতে হোৱা বাৰ্তালাপত সুৰেন্দ্ৰ কুমাৰে ৰাইজকো দুৰ্নীতিৰ বিৰুদ্ধে সজাগ হ’বলৈ আহ্বান জনায়।
দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ তথ্য অনুসৰি ২০২১ চনৰ ১০ মে’ৰপৰা ২০২৩ চনৰ ৪ নৱেম্বৰলৈকে মুঠ ১৪০টা অভিযানত ১৭২গৰাকী ব্যক্তিক আটক কৰা হৈছে আৰু মুঠ ৫.৪৬ কোটি টকা জব্দ কৰা হৈছে।
দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ লগতে অসম চৰকাৰৰ আন এটা বিভাগেও দুৰ্নীতিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে ২০২১ চনৰ ১০ মে’ৰপৰা এতিয়ালৈকে ১৮টা গোচৰত মুঠ ৮৮গৰাকী ব্যক্তিক আটক কৰিছে।
মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ আৰক্ষী অধীক্ষক ড০ ৰ’জী কলিতাই কয়, “আমি গোচৰ এটা পোৱাৰ পাছত ভিতৰুৱাকৈ অনুসন্ধান কৰোঁ আৰু সকলো তথ্য মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ পঠিয়াওঁ আৰু তেখেতৰ নিৰ্দেশত আমি মুকলি অনুসন্ধান আৰম্ভ কৰোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে আমাক এইক্ষেত্ৰত যথেষ্ট স্বাধীনতা প্ৰদান কৰাৰ বাবে দুৰ্নীতিৰ বিৰুদ্ধে আমাৰ অভিযানসমূহ সফল হৈ পৰিছে।” যোৱা কেইটামান বছৰত ৰাইজৰপৰা বহু সহযোগিতা পোৱাৰ বিষয়ে উল্লেখ কৰি কলিতাই কয়, “আমি ৰাইজৰপৰা পোৱা সকলো অভিযোগ ভালদৰে পঢ়োঁ আৰু আমাৰ আওতালৈ অহা অভিযোগসমূহৰ আমি অনুসন্ধান কৰোঁ। যিবিলাক অভিযোগ আমাৰ আওতালৈ নাহে সেইসমূহ অভিযোগ আমি দায়বদ্ধ বিভাগসমূহলৈ প্ৰেৰণ কৰি দিওঁ।”
বৰ্তমানৰ চৰকাৰখনৰ দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ ইতিবাচক প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ঢেকীয়াজুলি ভ্ৰমণৰ সময়ত এগৰাকী ব্যক্তিয়ে কৰা অভিযোগৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ নিৰীক্ষণ কোষক অনুসন্ধান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। তেওঁ কয়, “আমি একেদিনাই ঢেকীয়াজুলিত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰোঁ। এটা বিশেষ বিভাগৰ এই দুৰ্নীতিৰ বিষয়ে ফাদিল হোৱাৰ পাছত আমি মন কৰিছিলোঁ যে তেনে বহুকেইটা গোচৰ আমাৰ ওচৰলৈ আহিছিল যদিও আমাৰ অনুসন্ধান কালত জানিবলৈ পালোঁ যে যিসমূহ অনিয়মৰ বাবে গোচৰ উত্থাপিত হৈছিল সেইসমূহ সেইকেইদিনতে সংশোধন কৰা হৈ গৈছে।”
কলিতাই কয়, “আমি চৰকাৰী ৰাজহ হওক বা পুঁজি হওক, ক’তো যাতে কোনো ধৰণৰ খেলিমেলি হ’ব নোৱাৰে তাৰ বাবে সদা প্ৰস্তুত হৈ থাকোঁ। আমি হিচাপ-নিকাচৰ বাবে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত চা্টাৰ্ড একাউণ্টেণ্ট আৰু বজাৰ মূল্য নিৰ্ধাৰণ বিশেষজ্ঞৰ সৈতেও সংযোগত থাকোঁ যাতে ৰাইজৰ এটা টকাও দুৰ্নীতি মুক্ত কৰি ৰাখিব পাৰোঁ।”