অসম বাৰ্তা, মৰিগাঁও
অসমৰ অৰ্থনীতিত দুগ্ধ উৎপাদনৰ অপৰিসীম গুৰুত্ব আছে। এই উৎপাদনৰ সৈতে স্বাৱলম্বিতা প্ৰমুখ্যে এখন পৰিৱৰ্তনশীল আৰু শক্তিশালী সমাজৰ দিশটো জড়িত হৈ আছে। বৰপেটা, নলবাৰী, হোজাই, মৰিগাঁও আদি জিলাৰ বহু অঞ্চলত এই পৰিৱৰ্তনৰ কাহিনীবোৰে ৰাজ্য চৰকাৰ আৰু দুগ্ধ সমবায় সমিতিৰ দূৰদৰ্শী চিন্তাক প্ৰতিফলিত কৰে।
কেইবছৰমানৰ পূৰ্বে মৰিগাঁও জিলাৰ লোকাকুছিৰ নিবাসী, দুগ্ধ খণ্ডৰ সৈতে জড়িত দিমেন্দ্ৰ শইকীয়াই জীৱিকাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হৈছিল। আৰম্ভণিতে স্থানীয় বজাৰত এজনী গাইগৰুৰ গাখীৰ বজাৰত বিক্ৰী কৰিছিল যদিও তেখেতৰ বাবে সেয়া যথেষ্ট নাছিল। সেয়েহে পাছত তেখেতে জাৰ্ছি গৰু ক্ৰয় কৰি দুগ্ধ উৎপাদন বৃদ্ধি কৰিলে যদিও অন্যান্য সমস্যাৰ লগতে নিম্ন বজাৰ মূল্যৰ ফলত শইকীয়াই বহু দিন অতি কম মূল্যতে গাখীৰ বিক্ৰী কৰিবলগীয়া হৈছিল আৰু ইয়াৰ ফলস্বৰূপে তেখেতৰ পৰিয়ালে আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হৈছিল।
শইকীয়াৰ এই পৰিস্থিতিত সহযোগিতাৰ হাত আগবঢ়াই পৰিৱৰ্তন আনিলে পূৰবী ডেইৰীয়ে। শইকীয়াৰ দৰে আন লোকসকলক একত্ৰিত কৰি পূৰবী ডেইৰীয়ে জ্ঞানজ্যোতি দুগ্ধ উৎপাদক সমবায় সমিতি গঠন কৰি দিয়ে। এই পদক্ষেপৰ দ্বাৰা উপকৃত হৈ তেখেতে উৎপাদিত গাখীৰ সমবায় সমিতিৰ ওচৰত বিক্ৰী কৰিবলৈ সক্ষম হয়।
“এতিয়া মই সহজে সমবায়ৰ কেন্দ্ৰলৈ গৈ গাখীৰ বিক্ৰী কৰিব পাৰোঁ। গ্ৰাহকৰ বাবে ইয়াত অপেক্ষা কৰিব নালাগে,” শইকীয়াই অসম বাৰ্তাৰ প্ৰতিৱেদকক এনেদৰে কয়।
তেখেতে বৰ্তমান ৯৫-১০০ লিটাৰ গাখীৰ সমবায়ক যোগান ধৰে। সমবায় সমিতিখনে পশুধনৰ বাবে ৰোগ নিয়ন্ত্ৰণ ব্যৱস্থা, সঠিক খাদ্য আৰু পুষ্টিৰ যোগান, স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত সহায়, কৃত্ৰিম গৰ্ভধাৰণ, ছেক্স-ছ’ৰ্টেড ছিমেন আদিৰ দৰে আধুনিক কৌশল প্ৰয়োগ কৰাৰ ক্ষেত্ৰত ব্যাপক সমৰ্থন আগবঢ়াই আহিছে।
শইকীয়াৰ দৰে বৰপেটাৰ গেলাবিলৰ আব্দুল আৱাল হকে উদ্যমিতাৰে গ্ৰাম্য অৰ্থনীতিৰ উত্তৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এখন শক্তিশালী দুগ্ধ পাম গঢ়ি তুলিবলৈ তেখেতে দৃঢ় সংকল্প লৈছিল। যুৱপ্ৰজন্মই আপোন মাটিত স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰাৰ বিপৰীতে নিজ ভূমি এৰি আন চহৰত সংস্থাপন বিচাৰি যোৱাৰ বিষয়টোত আব্দুল আৱাল হকে অসন্তুষ্টি প্ৰকাশ কৰে।
“যেতিয়া আপুনি দুগ্ধ উৎপাদনৰ জৰিয়তে ঘৰত থাকিয়েই ২০,০০০-২৫,০০০ টকা উপাৰ্জন কৰিব পাৰে, তেতিয়া ৰাজ্যখনৰ বাহিৰলৈ যোৱাৰ প্ৰয়োজন নে?” তেখেতে প্ৰতিৱেদকক এনেদৰে কয়।
হকে স্থানীয় জাতৰ গাইগৰুৰে আৰম্ভ কৰি পূৰবী ডেইৰীৰ সহায়ত হলষ্টেইন ফ্ৰিজিয়ান গৰু লাভ কৰে। ইয়াৰ ফলত তেখেতে গাখীৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে আধুনিক কৌশল-পদ্ধতি প্ৰয়োগ কৰাৰ দিশত মনোনিৱেশ কৰে। এই পৰিৱৰ্তনে তেওঁক গাখীৰৰ উৎপাদন আৰু কৃষি আন্তঃগাঁথনি উন্নত কৰাত মনোনিৱেশ কৰিবলৈ সক্ষম কৰি তুলিছিল। পূৰবী ডেইৰীয়ে প্ৰদান কৰা চাফ কাটাৰ আৰু চাইলেজৰ দৰে আধুনিক সঁজুলিৰ সহায়ত হকে নিজৰ পামখনত গাইগৰুৰৰ সংখ্যা ২০টালৈ বৃদ্ধি কৰাৰ সংকল্প লৈছে। গ্ৰাম্য কৃষি অৰ্থনীতিৰ বিকাশৰ বাবে আধুনিকীকৰণৰ দ্বাৰা তেখেতে এনেদৰেই কাম কৰি যোৱাৰ পণ লৈছে।
হোজাইৰ চন্দন দাসৰ বাবেও দুগ্ধ উৎপাদন হৈছে জীৱিকাৰ এক নিৰ্ভৰযোগ্য উৎস। ২০১৮ চনত ছটা গাইগৰুৰ পৰা আৰম্ভ কৰা দাস বৰ্তমান ৩০-৩২টা গাইগৰুৰ গৰাকী, যাৰ জৰিয়তে তেখেতে দৈনিক ১২০ লিটাৰ দুগ্ধ উৎপাদন কৰিবলৈ সক্ষম হয়। ক’ভিড মহামাৰীৰ সময়তো পূৰবী ডেইৰীৰ সহায়ত দাসে গাখীৰ বিক্ৰী কৰাৰ বাবে এখন নিশ্চিত মূল্যৰ বজাৰ লাভ কৰিছিল।
পূৰবী ডেইৰীয়ে চন্দন দাসৰ দুগ্ধ পামখন এখন আদৰ্শ পাম হিচাপে ঘোষণা কৰে। জৈৱ গেছ, বৈদ্যুতিক পানী পাম্প আৰু যান্ত্ৰিক মিল্কিং মেচিনৰ ব্যৱহাৰে দাসৰ দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত বিভিন্নপ্ৰকাৰে সকাহ দি কম ব্যয় আৰু সময়ৰ সদ্ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নিশ্চিতি প্ৰদান কৰিছে। চন্দন দাসে ভৱিষ্যতে সৌৰশক্তিৰ ব্যৱহাৰ কৰি তেখেতৰ পামখনৰ স্থায়িত্ব আৰু উন্নতি সাধন কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে।
দুগ্ধ খণ্ডলৈ আগবঢ়োৱা অনন্য অৱদানৰ বাবে মৰিগাঁৱৰ জুনুমা মালীয়ে ২৬ নৱেম্বৰত ‘ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটা ২০২৪’ লাভ কৰি সকলোৰে পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হয়। স্ব-নিৰ্ভৰশীলতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি পৰিয়ালৰ দায়িত্বও সমান গুৰুত্বৰে পালন কৰি অহা জুনুমা আন মহিলাৰ বাবে অনুপ্ৰেৰণাৰ উৎস। ২০১৫ চনত এজনী গাইগৰুৰে আৰম্ভ কৰা জুনুমা মালীয়ে ২০১৯ চনত পূৰবী ডেইৰীৰ সহায় লৈ ইয়াৰ সম্প্ৰসাৰণৰ দিশটোত গুৰুত্ব দিয়ে। তেখেত এতিয়া ১২টা গাইগৰুৰ গৰাকী। জাৰ্চি আৰু হলষ্টেইন ফ্ৰিজিয়ান আদিৰ দৰে উন্নত জাতৰ গৰুৰ পৰা তেখেতে দৈনিক ৬০ লিটাৰ দুগ্ধ উৎপাদন কৰে।
পূৰবী ডেইৰীৰ পৰিৱৰ্তনমূলক দৃষ্টিভংগীৰ বিষয়ে ৱামুল (WAMUL)ৰ পৰিচালন সঞ্চালক সমীৰ কুমাৰ পৰিদাই ব্যক্ত কৰে। “দুগ্ধ খণ্ডৰ সৈতে জড়িত ব্যক্তিসকল তথা কৃষকসকললৈ সহযোগিতা আগবঢ়াই আধুনিক পদ্ধতিৰ সহায়ত তেওঁলোকৰ আয় বৃদ্ধি কৰাটো নিশ্চিত কৰিবলৈ আমি গুৰুত্ব দিছোঁ। এই প্ৰচেষ্টাৰ জৰিয়তে আমি কেৱল জীৱন-ধাৰণৰ প্ৰণালী সলনি কৰাই নহয়, বহনক্ষম ভৱিষ্যতৰ দিশেও অগ্ৰসৰ হৈছোঁ,” তেখেতে এনেদৰে কয়।
অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিদিনে ১০ লাখ লিটাৰ দুগ্ধ উৎপাদনৰ সপোন পূৰণৰ দিশত পূৰবী ডেইৰীয়ে নতুন নতুন উদ্যোগ গ্ৰহণ কৰি আহিছে। দুগ্ধ সমবায়খনে আইচক্ৰীম, সোৱাদযুক্ত গাখীৰ, লাচী, দৈ, পনীৰ আৰু অন্যান্য মূল্য সংযোজিত দুগ্ধজাত সামগ্ৰীসমূহ অন্তৰ্ভুক্ত কৰি অসমৰ দুগ্ধ উৎপাদকসকলৰ বাবে নতুন বজাৰ মুকলি কৰিছে।