দুগ্ধ উৎপাদক আৰু দুগ্ধ খণ্ডৰ বাবে অসম চৰকাৰে এটি উৎসাহজনক খবৰ লৈ আহিছে। শেহতীয়াকৈ অসম চৰকাৰে দুগ্ধ প্ৰক্ৰিয়াকৰণ প্ৰকল্পক গাখীৰ যোগান ধৰা গো-পালকলৈ প্ৰতিলিটাৰ গাখীৰৰ বাবদ ৫ টকাকৈ ৰাজসাহায্য প্ৰদানৰ আঁচনিৰ শুভাৰম্ভ কৰে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই উক্ত অনুষ্ঠানত ভাষণ দি কয়, “অসমৰ দুগ্ধ খণ্ডত আশাব্যঞ্জক উন্নয়ন দেখিবলৈ পোৱা গৈছে। আমি দুগ্ধ উৎপাদনত আত্মনিৰ্ভৰশীল হোৱাৰ দিশে আগবাঢ়ি গৈ আছোঁ।”
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰে যে অসম চৰকাৰে ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদৰ সৈতে মিলি ধেমাজি, যোৰহাট আৰু ডিব্ৰুগড়ত ক্ৰমে ১ লাখ লিটাৰৰ দুগ্ধ সংসাধন প্ৰকল্প স্থাপন কৰিব। এই প্ৰকল্পসমূহ এন ই ডি এফ এলৰ জৰিয়তে ৰূপায়ণ কৰা হ’ব।
এই আঁচনিৰ জৰিয়তে মুঠ ১৯,০৩০গৰাকী দুগ্ধ উৎপাদকৰ সৈতে ৫৪২খন দুগ্ধ সমবায় সমিতি উপকৃত হ’ব।
মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰে, “এই আঁচনিয়ে দুগ্ধ উৎপাদকসকলৰ উৎপাদন বৃদ্ধি কৰাত সহায় কৰিব আৰু তেওঁলোকৰ আয় বৃদ্ধি কৰি গ্ৰামাঞ্চলসমূহত দুগ্ধ বিপ্লৱৰ সূচনা কৰিব। এই সকলোবোৰ আমি স্থাপন কৰা সংসাধন প্ৰকল্পৰ লগত সংযুক্ত হ’ব আৰু অসমৰ ৰাইজৰ বাবে অধিক সুযোগ সৃষ্টি কৰিব।”
এই আঁচনিয়ে ৰাজ্যজুৰি ২০,০০০তকৈ অধিক দুগ্ধ উৎপাদকক লাভান্বিত কৰাৰ আশা কৰা হৈছে।
মুখ্যমন্ত্ৰীয়ে লগতে পুৰবী ডেইৰীৰ সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰে। ১০৪ কোটি টকাৰ এই সম্প্ৰসাৰণ প্রকল্পটি এডভাণ্টেজ আছাম ২.০ আৰু ৱামুল আৰু এন ডি ডি বিৰ মাজত চুক্তি স্বাক্ষৰৰ ফলস্বৰূপে ৰূপায়ণৰ পদক্ষেপ লোৱা হৈছে।
এই প্ৰকল্পৰ জৰিয়তে ইয়াৰ সংসাধন ক্ষমতা দৈনিক ৩ লাখ লিটাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।









