ভাউৰী দেৱী চেৰাউগী শ্ৰৱণ বাধাগ্ৰস্ত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়; গুৱাহাটী, শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ বিদ্যালয়; নগাওঁ, গুৱাহাটী দৃষ্টিহীন উচ্ছ মাধ্যমিক বিদ্যালয়, যোৰহাট দৃষ্টিহীন বিদ্যালয়কে আদি কৰি একাংশ বিশেষ বিদ্যালয়ত ৭ জুন ২০২২১ ৰাতিপুৱা ১০ বজাত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে৷ যদিও, এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সামূহিক ফলাফল যথেষ্ট সন্তোষজনক নহয়, তাৰ মাজতে কিন্তু ১০০% উত্তীৰ্ণৰ হাৰেৰে এই বিশেষ বিদ্যালয়কেইখনৰ নাম উজলি উঠিবলৈ সক্ষম হৈছে৷ দীপেশ, চালমা, লক্ষ্মণ, জোনমণিহতে তেওঁলোকৰ জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ তেওঁলোকৰ এই সফলতা আন দহজন ছাত্ৰছাত্ৰীতকৈ সুকীয়া কাৰণ তেওঁলোকে বহুতো বাধা নেওচি এই সফলতা অৰ্জন কৰিছে৷ হয়, সফলতাৰ বাটত শাৰীৰিক প্ৰতিবন্ধকতা কেতিয়াও বাধাৰ প্ৰাচীৰ নহয়৷ ইচ্ছা, একাগ্ৰতা তথা নিৰলস সাধনা থাকিলে সকলো সম্ভৱ আৰু এই কথাকে প্ৰমাণ কৰি দেখুৱালে তেওঁলোকৰ লগতে আন একাংশ দিব্যাংগ শিক্ষাৰ্থীয়ে৷ ক’ভিড মহামাৰীৰ ভয়াবহতাৰ বাবে বিদ্যালয়সমূহৰ নিয়মীয়া পাঠদান ব্যাহত হৈছিল৷ সেইবাবে অন্যান্য বিদ্যালয়ৰ দৰেই এইসমূহ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও অনলাইনযোগে পাঠদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল৷ সেই সময়ছোৱাত তেওঁলোকে যথেষ্ট প্ৰত্যাহবানৰ সন্মুখীন হৈছিল যদিও ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱকৰ নেৰানেপেৰা প্ৰচেষ্টা আৰু কষ্টৰ ফলত তেওঁলোকে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ “অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগ, সৰ্বশিক্ষা অভিযানৰ লগতে বিদ্যালয়খনৰ এই সফলতাত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰো যথেষ্ট সবল ভূমিকা আছে,” ভাউৰী দেৱী চেৰাউগী বিদ্যালয়ৰ শৈক্ষিক বিষয়া হেৰম্ব কুমাৰ দাসে কয়৷ “আমি লকডাউনৰ সময়ছোৱাত সাংকেতিক ভাষাৰ প্ৰয়োগেৰে প্ৰতিটো বিষয়ৰ পাঠসমূহৰ ভিডিঅ’ তৈয়াৰ কৰি শিক্ষাৰ্থীসকললৈ প্ৰেৰণ কৰাৰ লগতে লিখিত প্ৰতিলিপিসমূহ হোৱাটছ এপ যোগে প্ৰেৰণ কৰিছিলোঁ৷” বিদ্যালয়খনত শিক্ষাৰ্থীৰ সংখ্যা পূৰ্বৰ তুলনাত বৃদ্ধি হোৱা বাবে কিছু আন্তঃগাঁথনি উন্নীতকৰণৰ প্ৰয়োজন আছে বুলিও তেওঁ লগতে উল্লেখ কৰে৷ ১৯৪৯ চনত স্থাপিত এই বিদ্যালয়খনৰ ছাত্ৰ দীপেশ চন্দ্ৰ ৰয়ে ২টা বিষয়ত লেটাৰসহ ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে৷ তেওঁ প্ৰাক-প্ৰাথমিক শ্ৰেণীৰ পৰাই বিদ্যালয়খনৰ ছাত্ৰাবাসত থাকি অধ্যয়ন কৰিছিল৷ দীপেশৰ মাতৃ অনিতা ৰয়ে পুত্ৰৰ এই সাফল্যত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ সম্পূৰ্ণ অৱদান আছে বুলি উল্লেখ কৰে৷ “চৰকাৰে দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ যোগাবলৈ বিভিন্ন নতুন পদক্ষেপ হাতত ল’লে দীপেশৰ দৰে আন দহজন ছাত্ৰ-ছাত্ৰীয়েও বিভিন্ন ক্ষেত্ৰত নিশ্চিতভাৱে নিজ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হ’ব,” তেওঁ কয়৷ গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ লক্ষ্মণ প্ৰসাদ মিশ্ৰ (বাওঁফালৰ ছবিত) আৰু যোৰহাট দৃষ্টিহীন বিদ্যালয়ৰ ছাত্ৰী জোনমণি দুৱৰা দীপেশৰ এগৰাকী সহপাঠী চালমা হকে ৰটা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়৷ বৰপেটা জিলাৰ কলগাছিয়াৰ বাসিন্দা চালমাই সুন্দৰ চিত্ৰও অংকন কৰে৷ তেওঁৰ পিতৃ পেচাত এজন গাড়ী চালক৷ চালমাৰ মাতৃ চাজেদা খাতুনে জীয়ৰীৰ এই সফলতাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ যথেষ্ট অৰিহণা আছে বুলি উল্লেখ কৰে৷ উল্লেখ্য যে, বিদ্যালয়খনৰ আন এগৰাকী ছাত্ৰী আফৰিনা আহমেদ শেখে বয়ন আৰু বস্ত্ৰ আৰ্হি বিষয়ত ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা নিৰুপমা ভট্টাচাৰ্যই কয়, “যিহেতু বিদ্যালয়খনৰ ছাত্ৰছাত্ৰীসকলক ব্ৰেইল পদ্ধতিৰে পাঠদান কৰা হয়, সেইবাবে ক’ভিড পৰিস্থিতিৰ বাবে আমি যথেষ্ট প্ৰত্যাহবানৰ সন্মুখীন হৈছিলো৷ সেই সময়ছোৱাত তেওঁলোকক হোৱাটছ এপ যোগে পাঠ্যপুথিৰ অধ্যায়সমূহৰ অডিঅ’ প্ৰেৰণ কৰি পাঠদান কৰা হৈছিল৷” শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলৰ যৎপৰোনাস্তি চেষ্টাৰ ফলত তেওঁলোকে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ “বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ ভাল ফলাফলেও তেওঁলোকক অনুপ্ৰাণিত কৰিছে,” ভট্টাচাৰ্যই লগতে জনায়৷ লক্ষ্মণ প্ৰসাদ মিশ্ৰই ৪টা বিষয়ত লেটাৰসহ মুঠ ৮০% নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ তেওঁ উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত নামভৰ্তি কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷ “এজন দৃষ্টিহীন ছাত্ৰৰ বাবে বিজ্ঞান শাখাত অধ্যয়ন কৰাটো যথেষ্ট কঠিন৷ কিন্তু, এইক্ষেত্ৰত শিক্ষানুষ্ঠানৰ লগতে সমাজৰ অন্য লোকৰ পৰা পৰ্যাপ্ত সহায় সহযোগিতা লাভ কৰিলে নিশ্চিতভাৱে মই আগুৱাই যাবলৈ সক্ষম হ’ম,” লক্ষ্মণে অসম বাৰ্তাৰ আগত কয়৷ যোৰহাট দৃষ্টিহীন বিদ্যালয়ৰ জোনমণি দুৱৰাক সংগ দিবলৈ শ্ৰেণীত কোনো সহপাঠী নাছিল৷ তেওঁ এই বৰ্ষত বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা একমাত্ৰ ছাত্ৰী আছিল যদিও, তেওঁৰ ফলাফলত ইয়াৰ কোনো প্ৰভাৱ পৰা নাছিল৷ জোনমণিয়ে ২টা বিষয়ত লেটাৰসহ ষ্টাৰ মাৰ্ক লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷নগাঁৱৰ শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ বিদ্যালয়তো ফলাফলৰ ক্ষেত্ৰত একেই প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায়৷ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা দুয়োগৰাকী শিক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিছে৷ এইসমূহ শিক্ষাৰ্থীৰ লগতে শাৰীৰিক প্ৰতিবন্ধকতা নেওচি কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ ফলত সফলতা অৰ্জন কৰা প্ৰতিজন ছাত্ৰ-ছাত্ৰী এতিয়া আন দহজনৰ বাবে এক প্ৰেৰণাৰ উৎস হৈ পৰিছে৷ উত্তীৰ্ণৰ হাৰ ১০০% থকা বিশেষ বিদ্যালয়সমূহ ভাউৰী দেৱী চেৰাউগী শ্ৰৱণ বাধাগ্ৰস্ত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, গুৱাহাটীশ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ বিদ্যালয়, নগাওঁগুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়যোৰহাট দৃষ্টিহীন বিদ্যালয়জনমংগল আদৰ্শ অন্ধ বিদ্যালয়, মৰাণঅসম অন্ধ শিশু বিদ্যালয়, বিহপুৰীয়া ছেবাৰ অধীনত থকা মুঠ বিদ্যালয় : ৭,০১৬বিশেষ বিদ্যালয় : ৬ (৪ খন চৰকাৰী, ২খন বেচৰকাৰী)পৰীক্ষাত অৱতীৰ্ণ মুঠ দিব্যাংগ শিক্ষাৰ্থী : ৫৭৪পৰীক্ষাত উত্তীৰ্ণ মুঠ দিব্যাংগ শিক্ষাৰ্থী : ৪৪৭