দেশৰ সংবিধানত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিয়ে সকলোৰে বাবে এক মৰ্যাদাসম্পন্ন জীৱন শৈলী গঢ় দিয়াৰ বাবে চৰকাৰক উদ্বুদ্ধ কৰে৷ কিন্তু, সকলোৰে বাবে উপযুক্ত বাসগৃহৰ ব্যৱস্থা কৰিব নোৱৰালৈকে চৰকাৰ এখনৰ বাবে এই উদ্দেশ্যত উপনীত হোৱাটো অসম্ভৱ৷
২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ (PMAY-G)ৰ জৰিয়তে ২০২৪ চনৰ ভিতৰত আৰ্থিকভাৱে পিছপৰা পৰিয়ালসমুহক গৃহ নিৰ্মাণ কৰি দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ এই লক্ষ্যত উপনীত হোৱাৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি অসমত যোৱা ১৯ মে’ত যোৰহাটৰ এখন জনসভাত আঁচনিখনৰ অধীনত ৫ লাখ হিতাধিকাৰী গৃহ আবণ্টন কৰা হয়৷
এই সভাখনত কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰী গিৰিৰাজ সিঙে অংশগ্ৰহণ কৰে৷ য’ত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কেবিনেট সতীৰ্থ তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উপস্থিতিত অসমত ৫ লাখ PMAY-G গৃহ নিৰ্মাণৰ উদ্দেশ্যে আনুষ্ঠানিকভাৱে ৭,৭৩৯.৫০ কোটি টকা মঞ্জুৰ কৰে৷ তিনিটা সমান কিস্তিত মুঠ ১ লাখ ৩০ হাজাৰ টকাক বিভক্ত কৰি তাৰ প্ৰথমটো কিস্তি প্ৰদান কৰাৰ উপৰি প্ৰতিজন হিতাধিকাৰীয়ে MGNREGA-ৰ অধীনত ৯৫ দিনৰ মজুৰি হিচাপে ২১,৭৫৫ টকা লাভ কৰিব৷
ইয়াৰ লগে লগে ৰাজ্যখনত PMAY-Gৰ অধীনত হিতাধিকাৰীৰ সংখ্যা ১৯ লাখলৈ বৃদ্ধি পাইছে, যিসকলৰ মাজৰ এগৰাকী হৈছে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ আগডলা গাঁও পঞ্চায়তৰ ক্ষুদ্ৰ পলহা গাঁৱৰ ৰেণুবালা কলিতা৷ আঁচনিখনৰ অধীনত ৰেণুবালাৰ স্বামীৰ নামত তেওঁলোকৰ পুৰণি কেঁচা ঘৰটোৰ ঠাইত এটা পকী ঘৰ নিৰ্মাণৰ বাবে আবণ্টন দিয়া হৈছিল৷ ঘৰৰ কাম শেষ হোৱাৰ আগতেই যেতিয়া তেওঁৰ স্বামীৰ মৃত্যু হয়, তেতিয়া ঘৰটোৰ কাম সম্পূৰ্ণ হোৱাক লৈ ৰেণুবালাৰ মনত শংকাৰ সৃষ্টি হয়৷ অৱশ্যে স্বামীৰ মৃত্যুৰ পাছত তেওঁ আঁচনিখনৰ হিতাধিকাৰী হৈছিল আৰু এতিয়া ২৫ বৰ্গ মিটাৰ পকী ঘৰটোৰ সুখী গৰাকী হিচাপে তেওঁ নিজৰ কন্যাৰ সৈতে বাস কৰে৷
“মই আনন্দিত৷ এই ঘৰটো পোৱাত পকী ঘৰত থকাৰ মোৰ সপোনটো পূৰণ হ’ল৷ আমাৰ বাবে এনে এটা ঘৰ বান্ধিব পৰাটো একপ্ৰকাৰ অসম্ভৱ আছিল৷ কিন্তু চৰকাৰৰ সহযোগিতাৰ ফলত সেয়া আজি সম্ভৱ হ’ল,” তেওঁ কয়৷
আৰ্থ-সামাজিক আৰু জাতিভিত্তিক লোকপিয়ল (SECC)ৰ পৰা আহৰণ কৰা মাপ-কাঠীৰ আধাৰত হিতাধিকাৰী চিহ্নিত কৰাৰ বাবে ৰেণুবালাৰ চুবুৰীয়া গাঁওসমূহৰ দৰিদ্ৰ পৰিয়ালবোৰো আঁচনিখনৰ জৰিয়তে লাভান্বিত হৈছে৷ SECC মাপ-কাঠী গাঁও সভাসমূহে পৰীক্ষা কৰে৷
আগডলা গাঁৱৰ পূৰ্ণিমা দেৱী বৰ্মন এই দূৰদৰ্শী আঁচনিখনৰ আন এগৰাকী হিতাধিকাৰী৷ তেওঁৰ অসুস্থ স্বামী পেছাত এগৰাকী ঘড়ী নিৰ্মাতা৷ তেওঁলোকৰ পৰিয়ালটোৱেও এতিয়া এটা পকী ঘৰত বাস কৰে৷
এই আঁচনিখনৰ ৰূপায়ণে দেশৰ গ্ৰামাঞ্চলৰ শ্ৰমিকসকলৰ বাবেও কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিছে৷ ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত PMAY-G আঁচনিখন প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ বাবে জীৱিকাৰ এক গুৰুত্বপূৰ্ণ উৎস হিচাপে পৰিগণিত হৈছিল যি ভাৰতৰ প্ৰত্যন্ত অঞ্চলত বসবাস কৰা লাখ লাখ লোকক এক মৰ্যাদাসম্পন্ন জীৱিকাৰ বাট দেখুৱাইছিল৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ নীতিক বাস্তৱায়িত কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে যোৰহাট জিলাৰ ১২,০০০ হিতাধিকাৰীৰ ভিতৰত ৪ হাজাৰ চাহ জনজাতীয় লোক৷ তেওঁ লগতে চাহ বাগিচা কৰ্তৃপক্ষক গৃহ নিৰ্মাণৰ বাবে আপত্তিবিহীন প্ৰমাণপত্ৰ (NOC) প্ৰদান কৰিবলৈ আহ্বান জনাই কয় যে এই আঁচনিয়ে অসমৰ গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰি তুলিব৷
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অসম বাৰ্তাৰ সৈতে বাৰ্তালাপ কৰি আঁচনিখনৰ কাম-কাজ নিৰৱচ্ছিন্নভাৱে তদাৰক কৰি ইয়াৰ সফল ৰূপায়ণ কৰাৰ বাবে মুখ্যমন্ত্ৰীক কৃতিত্ব দিয়ে৷ তেখেতে কয়, “বিভাগে ২০২৪ চনৰ ভিতৰত ‘সকলোৰে বাবে গৃহ নিৰ্মাণ’ৰ দূৰদৰ্শী সপোন বাস্তৱায়িত হোৱাটো সুনিশ্চিত কৰিবলৈ প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব৷”