অসমৰ যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ জৰিয়তে আত্মনিৰ্ভৰ অসমৰ ভেটি শক্তিশালী কৰিবলৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যোৱা ৮ ছেপ্টেম্বৰ তাৰিখে জনতা ভৱনত কেইবাটাও কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে৷ অসম দক্ষতা বিকাশ অভিযানৰ অধীনত ৫,৭৫০গৰাকী যুৱক-যুৱতীক ৫৯টা বৃত্তিৰ প্ৰশিক্ষণ প্ৰদান কৰিবলৈ উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰে বহুকেইটা প্ৰশিক্ষণ কেন্দ্ৰ৷
এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি দক্ষতা বিকাশ কাৰ্যসূচীৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে স্কিল ভেনৰ জৰিয়তে প্ৰাৰম্ভিক অৱস্থাত চাৰিখন জিলা ক্ৰমে কামৰূপ, নলবাৰী, দৰং আৰু মৰিগাঁৱত দক্ষতা যাত্ৰাৰো ফ্লেগ অফ কৰে৷
তদুপৰি ‘গুৰুসকলৰদ্বাৰা পৰম্পৰাগত দক্ষতা প্ৰশিক্ষণ’ শীৰ্ষক এক বিশেষ কাৰ্যসূচীৰো উক্ত দিনাই শুভাৰম্ভ কৰা হয়৷ এই পদক্ষেপৰ অধীনত আৰম্ভণিতে ১৫খন জিলা সামৰি লোৱা হ’ব আৰু প্ৰতিখন জিলাৰপৰা ১০গৰাকী প্ৰাৰ্থী বাছনি কৰা হ’ব৷
আনহাতে, জল জীৱন মিছন আৰু অসম দক্ষতা বিকাশ অভিযানৰ অধীনত ৫০০গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰত্যক্ষ লাভালাভ স্থানান্তৰৰ জৰিয়তে জলপানি মুকলি কৰাৰ প্ৰক্ৰিয়া মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰাৰ সমান্তৰালকৈ ছুয়িং ষ্টেটাৰৰ প্ৰশিক্ষণ কেন্দ্ৰও উদ্বোধন কৰে৷ এই কাৰ্যসূচীৰ অংশ হিচাপে আইটিআই, গুৱাহাটীৰ ৫০গৰাকী প্ৰাৰ্থীক কংক্ৰিট পাম্প অপাৰেটৰৰ চাকৰিৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব৷
এই উপলক্ষে মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে যে প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ উদ্বোধনে যুৱক-যুৱতীসকলক বিভিন্ন দিশত দক্ষ কৰি তোলাৰ লগতে কৰ্মসংস্থাপনৰ নতুন বাট মুকলি কৰিব৷
এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে কাজিৰঙাৰ ট্যুৰ অপাৰেটৰ প্ৰশিক্ষাৰ্থী, মুখা শিল্পৰ লগতে কাঁহশিল্পৰ সৈতে জড়িত ব্যক্তিসকলৰ সৈতে ভাৰ্চুৱেলী বাৰ্তালাপ কৰে৷