• About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter
Sunday, April 2, 2023
No Result
View All Result
  • Login
Asom Barta
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About
No Result
View All Result
Asom Barta
No Result
View All Result
Home অনিৰুদ্ধ অসম

দক্ষতা বিকাশেৰে সমৃদ্ধিৰ বাটলৈ

AB Bureau by AB Bureau
August 1, 2022
in অনিৰুদ্ধ অসম, অসমীয়া
12
0
দক্ষতা বিকাশেৰে সমৃদ্ধিৰ বাটলৈ

উত্তৰ-পূব দক্ষতা কেন্দ্ৰৰ হস্তান্তৰকৰণ অনুষ্ঠানত ASDM-ৰ পৰিচালন সঞ্চালক অংকুৰ জৈন আৰু ITEES-ছিংগাপুৰৰ মুখ্য পৰিচালন বিষয়া লিম বুন টিয়ঙ, গুৱাহাটীত

দুলুমণি বৰ্মন, সূৰয উপাধ্যায় আৰু প্ৰাণজিৎ বৰা- এওঁলোক হৈছে অসমৰ এখন অগ্ৰণী কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান উত্তৰ-পূব দক্ষতা কেন্দ্ৰ (NESC)ৰ একোগৰাকী সম্পদস্বৰূপ৷ অসম দক্ষতা বিকাশ অভিযান (ASDM) আৰু ছিংগাপুৰৰ কাৰিকৰী শিক্ষা সেৱা প্ৰতিষ্ঠানৰ (ITEES) যৌথ উদ্যোগত এই প্ৰতিষ্ঠানৰ জন্ম হৈছে৷

অভিনয় আৰু নৃত্যৰ প্ৰতি বিশেষ ৰাপ থকা বঙাইগাঁৱৰ দুলুমণি এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন ছাত্ৰী হোৱাৰ লগতে এগৰাকী পেছাদাৰী সৌন্দৰ্য আৰু সুস্থতা (ৱেলনেছ) বিশেষজ্ঞ৷ পাটনাস্থিত লেমন ট্ৰী গ্ৰুপ অৱ হোটেলৰ অধীনত ফ্ৰেস্কো স্পাত নিযুক্তি লাভ কৰা দুলুমণিয়ে নিজৰ দক্ষতাৰ বলত যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ তেওঁ এনইএছচিত সৌন্দৰ্য চৰ্চা আৰু ৱেলনেছৰ এবছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ উপৰি এন ই এছ চি-য়ে গুৱাহাটীৰ ন’ভ’টেল হোটেলত আয়োজন কৰা এক বিশেষ আউটড’ৰ কাৰ্যসুচীত অংশ লৈছিল য’ত তেওঁৰ এই প্ৰতিভাই অধিক পৰিপক্ক আৰু নতুনকৈ উদ্ভাসিত হোৱাৰ সুযোগ পাইছিল৷

উত্তৰ অসমৰ বিশ্বনাথৰ সূৰয এজন উৎসাহী খেলুৱৈ৷ তদুপৰি, সেৱা প্ৰদানকাৰী উদ্যোগৰ এগৰাকী পেছাদাৰী কাৰ্যনিৰ্বাহী হোৱাৰ বাবে প্ৰয়োজনীয় মৃদুভাষী গুণৰ লগতে আন সকলো বৈশিষ্ট্য তেওঁৰ আছে৷ হিল্টন গ্ৰুপে পৰিচালনা কৰা বেংগালুৰুস্থিত ডবল ট্ৰীৰ খাদ্য আৰু পানীয় (F&B) বিভাগত সূৰযে নিযুক্তি লাভ কৰিছে৷

দুলুমণি, সূৰয আৰু প্ৰাণজিতহঁতৰ দৰে যুৱক-যুৱতীসকলে অসম চৰকাৰৰ দক্ষতা, নিযুক্তি আৰু উদ্যমিতা বিভাগটোক চৰকাৰী খণ্ডৰ উপৰি দেশৰ লগতে বিদেশতো দক্ষতা-আধাৰিত সংস্থাপন সৃষ্টিৰ দিশত যথেষ্ট আশাবাদী কৰি তুলিছে৷ লগতে, উদ্যমশীলতা সৃষ্টিৰ বাবে প্ৰয়োজনীয় এক পৰিৱেশ গঢ. দিবলৈও উৎসাহিত কৰিছে৷

অসম দক্ষতা বিকাশ অভিযানৰ পৰিচালন সঞ্চালক অংকুৰ জৈনে কয়, “আমাৰ ৰাজ্যখনে দক্ষতা বিকাশ কাৰ্যসূচীৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে৷ আপুনি যদি নিজৰ এটা ভাল কেৰিয়াৰৰ কথা চিন্তা কৰে, তাৰবাবে উপযুক্ত দক্ষতা বিকাশৰ প্ৰশিক্ষণ লোৱাটো অতিকৈ আৱশ্যক৷”

তেওঁ লগতে কয় যে দৰং জিলাৰ মঙলদৈত নিৰ্মাণ হ’বলগীয়া দক্ষতা বিশ্ববিদ্যালয়খনে অসমৰ যুৱপ্ৰজন্মক দক্ষ মানৱ সম্পদ হিচাপে গঢ. দি বিশ্বৰ যিকোনো প্ৰান্তত নিয়োজিত হোৱাৰ ক্ষেত্ৰত এক অভূতপূৰ্ব ভূমিকা পালন কৰিব৷ “উদ্যোগসমূহক দক্ষ মানৱ শক্তিৰ প্ৰয়োজন৷ এই বিশ্ববিদ্যালয়খনে আগন্তুক দিনবোৰত হাজাৰ হাজাৰ দক্ষ মানৱ সম্পদৰ সৃষ্টি কৰিব৷”

জৈনৰ এই আত্মবিশ্বাসৰ কাৰণ সম্ভৱতঃ এনইএছচিৰ প্ৰশিক্ষাৰ্থীসকল- যিসকলৰ একাংশই সমগ্ৰ দেশৰ বিভিন্ন উদ্যোগত নিযুক্তি লাভ কৰিছে আৰু দুলুমণিৰ দৰে আন একাংশই অন্যান্য যুৱতীকো এনইএছচিত যোগদান কৰিবলৈ উৎসাহিত কৰিছে৷ “এনইএছচিত লাভ কৰা প্ৰশিক্ষণে মোক যথেষ্ট সহায় কৰিছে৷ মই বিশেষকৈ গ্ৰামাঞ্চলৰ যুৱতীসকলক উত্তৰ-পূব দক্ষতা কেন্দ্ৰত বৃত্তিমূলক শিক্ষাৰ পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ পৰামৰ্শ দিবলৈ বিচাৰো যাতে তেওঁলোকে সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰে,” পাটনাৰ পৰা দুলুমণিয়ে ফোনযোগে অসম বাৰ্তাক কয়৷

প্ৰাৰম্ভিক পৰ্যায়তে প্ৰতিষ্ঠানটোৰ এই সফলতাৰ কৃতিত্বৰ কিয়দংশ ছিংগাপুৰৰ প্ৰতিষ্ঠান আই টি ই ই এছ-কো প্ৰদান কৰিব পাৰি৷ ২০১৬ চনত প্ৰতিষ্ঠানটোৱে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ পাছত দক্ষতা কেন্দ্ৰটোক প্ৰায় পাঁচ বছৰ পৰিচালনা কৰিছিল৷ আই টি ই ই এছ ৰ মুখ্য পৰিচালন বিষয়া লম বুন টিয়ঙে জুলাই মাহত গুৱাহাটীত অসম দক্ষতা বিকাশ অভিযানৰ পৰিচালন সঞ্চালকক আনুষ্ঠানিকভাৱে কেন্দ্ৰটো হস্তান্তৰ কৰে৷ হস্তান্তৰকৰণ অনুষ্ঠানটোত ছিংগাপুৰৰ জ্যেষ্ঠ মন্ত্ৰী থাৰমন শানমুগাৰত্নম, অসম চৰকাৰৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বড়া, ভাৰতত ছিংগাপুৰৰ উচ্ছায়ুক্ত ছাইমন ৱাঙৰ লগতে দক্ষতা, নিয়োগ আৰু উদ্যমিতা তথা শ্ৰম বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীও উপস্থিত থাকে৷

আই টি ই ই এছ হৈছে ছিংগাপুৰত কাৰিকৰী কুশলী বা অৰ্ধ-পেছাদাৰী পৰ্যায়ত কাৰিকৰী শিক্ষাৰ মূল প্ৰতিষ্ঠান আৰু ৰাষ্ট্ৰীয় বৃত্তিগত দক্ষতা প্ৰমাণ পত্ৰ তথা মান নিৰ্ধাৰণৰ প্ৰধান কৰ্তৃপক্ষ৷ ই শৈক্ষিক চৌহদৰ আৰ্হি প্ৰস্তুত আৰু নিৰ্মাণৰ কাম, আনুষংগিক সা-সুবিধা, পাঠ্যক্ৰম নিৰ্ধাৰণ আৰু বিকাশ, প্ৰশিক্ষকৰ প্ৰশিক্ষণ, কেন্দ্ৰৰ কৰ্মচাৰী আৰু পৰিদৰ্শকৰ ব্যৱস্থাপনা কেন্দ্ৰ আদিত সহায় আগবঢ়াই এনইএছচিক সহায় কৰি আহিছে৷

উত্তৰ-পূব দক্ষতা কেন্দ্ৰই চাৰিটা বিভাগত দক্ষতা বিকাশৰ বিশেষ প্ৰশিক্ষণ আগবঢ়ায়৷ এই বিভাগকেইটা হৈছে- সৌন্দৰ্য আৰু সুস্থতা, খুচুৰা বিক্ৰয় সেৱা, খাদ্য আৰু পানীয় সেৱা আৰু আতিথ্য সেৱা প্ৰদানকাৰী খণ্ড (Hospitality Operations-cum-Housekeeping)৷ উত্তৰ লখিমপুৰৰ বাসিন্দা প্ৰাণজিতেও ইয়াতে প্ৰশিক্ষণ লাভ কৰিছে৷ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পাছত তেওঁ ৰেডিছন ব্লু-গোৱালিয়ৰত অতিথি সেৱাৰ সহযোগী (GSA) হিচাপে যোগদান কৰিছিল আৰু এতিয়া গুৱাহাটীৰ একেখন হোটেলৰ শাখাত কৰ্মৰত৷ “পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰিবলৈ মই পাঠ্যক্ৰমৰ মাচুল ৪৮,০০০ টকাসহ প্ৰায় ১.৫ লাখ টকা খৰচ কৰিছিলোঁ৷ মোৰ দৰমহা এতিয়া মোৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবলৈ ব্যয় কৰা ধনতকৈ দুগুণ৷ আমি ভাগ্যৱান যে চৰকাৰে ৰাজ্যখনত এনইএছচিৰ দৰে এটা প্ৰতিষ্ঠান স্থাপন কৰিছে,” তেওঁ কয়৷

ShareTweetShare

Related Posts

এখন সৰ্বাংগসুন্দৰ বাজেট

এখন সৰ্বাংগসুন্দৰ বাজেট

April 1, 2023
0
ৰূপান্তৰৰ নৱ উন্মেষেৰে ‘উজ্জীৱিত অসম’ৰ বাজেট
অসম বাজেট বিশেষ

ৰূপান্তৰৰ নৱ উন্মেষেৰে ‘উজ্জীৱিত অসম’ৰ বাজেট

April 1, 2023
0
বাজেটত সম-উন্নয়নৰ প্ৰত্যাশা
সম্পাদকীয়

বাজেটত সম-উন্নয়নৰ প্ৰত্যাশা

April 1, 2023
0
ৰাজ্যপাল, মুখ্যমন্ত্ৰী, অসম মন্ত্ৰীসভাৰ ৰাষ্ট্ৰীয় স্মাৰক পৰিভ্ৰমণ
বিশেষ বাৰ্তা

ৰাজ্যপাল, মুখ্যমন্ত্ৰী, অসম মন্ত্ৰীসভাৰ ৰাষ্ট্ৰীয় স্মাৰক পৰিভ্ৰমণ

April 1, 2023
0
অৰ্কিডৰ ফুলনিত এজন অৰ্কিড মানৱ
বাটকটীয়া

অৰ্কিডৰ ফুলনিত এজন অৰ্কিড মানৱ

April 1, 2023
0
বিধায়কৰ দৃষ্টিত অসম বাজেট ২০২৩-২৪
অসম বাজেট বিশেষ

বিধায়কৰ দৃষ্টিত অসম বাজেট ২০২৩-২৪

April 1, 2023
0
Load More

By Categories

  • Assam Budget Special
  • Assam on the Move
  • Best Practices of the States
  • Border Vibes
  • Centre Connects
  • Changemaker
  • Citizen Corner
  • Economy & Finance
  • Editorial
  • English Edition
  • Entrepreneurship
  • Glimpses
  • Hindi Edition
  • INTERVIEW
  • LACHIT DIWAS SPECIAL
  • Lead Story
  • MLA's SPEAK
  • Musings of a Chief Minister
  • News From The State
  • Perspective
  • Special Feature
  • असम प्रगति के पथ पर
  • आमुख कथा
  • उद्यमिता
  • कानून व्यवस्था
  • केंद्रीय पहल
  • खबरें राज्य से जुड़ीं
  • जनसंपर्क
  • नज़रिया
  • बिधायक की राय
  • मुख्यमंत्री के विचार
  • राज्यों की बेहतरीन पहल
  • लाचित दिवस विशेष
  • वित्त एवं अर्थ व्यवस्था
  • विशेष आलेख
  • संपादकीय
  • सीमा विवादः पटाक्षेप का प्रयास
  • অনিৰুদ্ধ অসম
  • অন্যান্য ৰাজ্যৰ বাৰ্তা
  • অসম বাজেট বিশেষ
  • অসমীয়া
  • উদ্যমিতা
  • কেন্দ্ৰ-ৰাজ্য সংবাদ
  • জনসম্পৰ্ক
  • দৃষ্টিভংগী
  • প্ৰথম পৃষ্ঠা
  • প্ৰথম বাৰ্তা
  • বাটকটীয়া
  • বিত্ত আৰু অৰ্থনীতি
  • বিধায়কৰ বাৰ্তা
  • বিশেষ বাৰ্তা
  • মুখ্যমন্ত্ৰীৰ বাৰ্তা
  • লাচিত দিৱস বিশেষ
  • সম্পাদকীয়
  • সাক্ষাৎকাৰ
  • সীমান্ত বাৰ্তা
Asom Barta

Asom Barta is Published and Distributed by Directorate of Information and Public Relations, Govt of Assam

Our Social Media

  • About
  • Contact
  • Privacy Policy
  • Subscribe to Newsletter

© 2022 Directorate of Information and Public Relations, Govt of Assam

No Result
View All Result
  • Home
  • Glimpses
  • Newsletter Download
    • Current Issue
      • Asom Barta – English
      • Asom Barta – Assamese
    • Last Month Issue
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Archive
    • February 2023
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta- Hindi
    • January 2023
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • December 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta -Hindi
    • November 2022
      • Asom Barta -English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • October 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • September 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • August 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • July 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • June 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
    • May 2022
      • Asom Barta – English
      • Asom Barta – Assamese
      • Asom Barta – Hindi
  • Editorial Board
  • Language
    • Assamese Edition
    • Hindi Edition
  • About

© 2022 Directorate of Information and Public Relations, Govt of Assam

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In