অসমৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান বি বৰুৱা মহাবিদ্যালয়ৰ ৮২সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ১৩ ছেপ্টেম্বৰৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অংশ লয়৷ এই কাৰ্যসূচীৰ ভাষণ প্ৰসংগত ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ বাবে শিক্ষা ব্যৱস্থাই গুৰুত্ব প্ৰদান কৰা উচিত বুলি তেখেতে উল্লেখ কৰে৷ তেখেতে লগতে কয় যে আধুনিক শিক্ষাদান পদ্ধতি গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক বহুমুখী কৌশল প্ৰয়োগেৰে দক্ষতাসম্পন্ন কৰা উচিত আৰু ইয়াৰ জৰিয়তে উদ্যোগ ৪.০ৰ বাবে সক্ষম কৰিব লাগে বুলিও মুখ্যমন্ত্ৰীগৰাকীয় কয়৷
ড॰ হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰে যে পৰিৱৰ্তিত বৃত্তিগত জগতখনৰ প্ৰেক্ষাপটত ছাত্ৰ-ছাত্ৰীসকলক বহুমুখী বিষয়ৰ দক্ষতাৰে সক্ষম কৰাটো আৱশ্যক, যাতে তেওঁলোকে নিয়োগ ক্ষেত্ৰখনৰ প্ৰয়োজনীয়তাসমূহৰ সৈতে নিজকে খাপ খুৱাব পাৰে৷ তেখেতে লগতে কয় যে বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলক সামগ্ৰিকভাৱে বিকশিত কৰিবলৈ শিক্ষা ব্যৱস্থাটো নতুন চিন্তা-চৰ্চাৰে সাজু হোৱা উচিত৷ ছাত্ৰ-ছাত্ৰীসকলক দক্ষ কৰি গঢ়ি তোলাৰ বাবে তেখেতে আধুনিক শিক্ষাদান পদ্ধতি গ্ৰহণ কৰাৰ সপক্ষে মত প্ৰকাশ কৰে৷
মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণ প্ৰসংগত কয় যে একৈছ শতিকাত উপলভ্য সুযোগবোৰক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ যুৱ সমাজক প্ৰস্তুত কৰাৰ বাবে দক্ষতাভিত্তিক শিক্ষাৰ বিষয়ত গুৰুত্ব দিয়া উচিত৷ তেখেতে কয় যে পৰিৱৰ্তিত শৈক্ষিক ব্যৱস্থা আৰু সমাজৰ প্ৰয়োজনীয়তা অনুসৰি বৰ্তমানৰ প্ৰেক্ষাপটত শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীসকলক ভৱিষ্যতৰ দিশে অগ্ৰসৰ হৈ প্ৰযুক্তিবিদ্যাৰে সবল কৰি তোলাৰ প্ৰয়োজন৷
“ঔদ্যোগীকৰণৰ ক্ষেত্ৰত অসম ক্ৰমান্বয়ে আগবাঢ়ি গৈছে৷ ৰাজ্যত অধিক দক্ষ মানৱ শক্তিৰ প্ৰয়োজন, যিসকলে এআই, ৰ’বটিক্স, ক্লাউড কম্পিউটিং, ব্লক চেইন, অগমেণ্টেড ৰিয়েলিটী, থ্ৰীডি প্ৰিণ্টিং আদি প্ৰযুক্তিবিদ্যাৰ জ্ঞানেৰে সমৃদ্ধ হ’ব পাৰে আৰু ক্ৰমান্বয়ে বৃদ্ধি পোৱা চাকৰিৰ চাহিদাক পূৰণ কৰিব পাৰে,” মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বি বৰুৱা মহাবিদ্যালয়ে যুৱ সমাজক সঠিকভাৱে দক্ষতাসম্পন্ন কৰি গঢ়ি তুলিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ NAACৰ A++ স্বীকৃতি লাভ কৰাৰ বাবে মহাবিদ্যালয় পৰিয়ালক তেখেতে অভিনন্দন জনায় আৰু সাম্প্ৰতিক সময়ৰ প্ৰয়োজনীয়তাসমূহৰ সৈতে খাপ খুৱাই ভৱিষ্যৎমুখী হ’বলৈ আহ্বান জনায়৷
মুখ্যমন্ত্ৰীগৰাকীয়ে বি বৰুৱা মহাবিদ্যালয়ৰ সম্প্ৰসাৰণৰ বাবে ১০ কোটিৰ অনুদান আৰু অতিৰিক্ত ভূমি প্ৰদানৰ ঘোষণা কৰে৷ তেখেতে সদৰী কৰে যে অনাগত ২৫ বছৰত নতুন উদ্ভাৱনশৈলীৰে ভাৰত ন-ৰূপত জিলিকি প্ৰযুক্তিগত উন্নতিৰ এক কেন্দ্ৰস্থল হ’ব আৰু বি বৰুৱা মহাবিদ্যালয়ে ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতৰ বাবে সক্ষম কৰিবলৈ নতুন দৃষ্টিভংগীৰে কাম কৰিব লাগিব৷ তেখেতে মহাবিদ্যালয়খনক এক সহযোগিতামূলক দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ আৰু অত্যাধুনিক প্ৰযুক্তি আৰু গৱেষণামূলক কামৰ বাবে অন্য শিক্ষানুষ্ঠানৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰিবলৈ আহ্বান জনায়৷
বি বৰুৱা মহাবিদ্যালয়ক অগ্ৰণী শিক্ষানুষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰাৰ আঁৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ভোলানাথ বৰুৱা, গোপীনাথ বৰদলৈ, হেম বৰুৱা আদি মহান ব্যক্তিসকললৈ মুখ্যমন্ত্ৰীয়ে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ১৯৪৩ চনত বিশ্বযুদ্ধ আৰু ব্ৰিটিছ শাসনৰ বিৰুদ্ধে চলা সংগ্ৰামৰ সাক্ষী হোৱা মহাবিদ্যালয়খনৰ বহু মেধাসম্পন্ন মানৱসম্পদ দেশ-বিদেশত জিলিকি উঠিছে বুলি তেখেতে কয় আৰু এনেদৰেই মহাবিদ্যালয়খনৰ জয়যাত্ৰা অব্যাহত থকাৰ কথাও ড॰ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে৷