অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ আঁচনিৰ অধীনত টিংখং, তামুলপুৰ আৰু কৰিমগঞ্জত তিনিখনকৈ ঔদ্যোগিক পাৰ্ক স্থাপনৰ বাবে অনুমোদন জনায়।
টিংখঙত ২৫.০১ কোটি টকা ব্যয় সাপেক্ষে স্থাপন হ’বলগীয়া ঔদ্যোগিক পাৰ্কখনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১৩.৫০ কোটি টকা আৰু ৰাজ্য চৰকাৰে ১১.৫১ কোটি টকা বিনিয়োগ কৰিব। আনহাতে তামুলপুৰত ২১.৬৫ কোটি টকা ব্যয় সাপেক্ষে স্থাপন হ’বলগীয়া কুমাৰীকটা ঔদ্যোগিক পাৰ্কখনত কেন্দ্ৰীয় চৰকাৰে ১৩.৫০ কোটি টকাৰ পুঁজি যোগান ধৰাৰ লগতে ৰাজ্য চৰকাৰে ৮.১৫ কোটি টকা বিনিয়োগ কৰিব। তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ ১৩.৫০ কোটি টকা আৰু ৰাজ্য চৰকাৰৰ ৫.২৪ কোটি টকা ব্যয় সাপেক্ষে কৰিমগঞ্জৰ ছেফিঞ্জুৰিত মুঠ ১৮.৭৪ কোটি টকা পুঁজি বিনিয়োগ কৰি ঔদ্যোগিক পাৰ্কখন স্থাপন কৰা হ’ব।
এই প্ৰকল্পসমূহৰ সফল ৰূপায়ণে ৰাজ্যখনৰ ঔদ্যোগিক ক্ষেত্ৰখনৰ প্ৰসাৰৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে ব্যাপক কৰ্মসংস্থাপন সৃষ্টি কৰিব। ইয়াৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ ভেটি সুদৃঢ় কৰি সমাজৰ প্ৰান্তীয় শ্ৰেণীৰ লোকসকলৰ জীৱন-জীৱিকাত এই প্ৰকল্পই বিশেষভাৱে অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰা হৈছে।